--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮০ আৰু ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী জয়াপ্ৰদা ডাঙৰ বিপদত পৰিছে। শুকুৰবাৰে জয়াপ্ৰদাক চেন্নাইৰ আদালতে এক গোচৰত দোষী সাব্যস্ত কৰি ৬ মাহৰ কাৰাদণ্ড বিহিছে। অভিযোগ অনুসৰি ৫ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে। আদালতে তেওঁৰ ব্যৱসায়িক অংশীদাৰ ৰাম কুমাৰ আৰু ৰাজা বাবুকো দোষী সাব্যস্ত কৰি তেওঁলোককো শাস্তি প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে জয়াপ্ৰদাৰ বিৰুদ্ধে তেওঁৰ চিনেমা হলত কাম কৰাসকলক ইএছআইৰ(স্বাস্থ্য বীমাৰ ধন) ধন নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল, যিটো আদালতে শুদ্ধ বুলি বিবেচনা কৰিছে।

বাতৰি অনুসৰি জয়াপ্ৰদাই চেন্নাইত এটা চিনেমা হল খুলিছিল। লোকচানৰ বাবে চিনেমা হলটো পাছত তেওঁ বন্ধ কৰি দিয়ে। এনে পৰিস্থিতিত থিয়েটাৰত কৰ্মৰত কৰ্মচাৰীসকলে জয়াৰ বিৰুদ্ধে মাত মাতি দৰমহা আৰু ইএছআইৰ ধন নিদিয়াৰ অভিযোগ উত্থাপন কৰে। জয়াপ্ৰদাই ইএছআইৰ ধন চৰকাৰী বীমা নিগমক দিয়া নাছিল।

‘শ্ৰমিক চৰকাৰী বীমা নিগমে’ জয়াপ্ৰদা আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে চেন্নাইৰ এগম’ৰ দণ্ডাধীশ আদালতত গোচৰ ৰুজু কৰে। ইয়াৰ পিছত জয়াপ্ৰদাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মানি লোৱাৰ লগতে গোচৰ খাৰিজ কৰিবলৈ দাবী জনোৱাৰ সমান্তৰালকৈ ধন পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে। অৱশ্যে এই গোচৰত আদালতে এই আবেদন নাকচ কৰি জয়াপ্ৰদাক জৰিমনা সহকাৰে জেলৰ শাস্তি প্ৰদান কৰে।

জয়াপ্ৰদা বলীউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী আছিল যদিও কেৰিয়াৰৰ শিখৰত ১৯৯৪ চনত অভিনয় ত্যাগ কৰি তেলেগু দেশম পাৰ্টিত যোগদান কৰি ৰাজনীতিত প্ৰৱেশ কৰে। ইয়াৰ পিছত প্ৰথমে ৰাজ্যসভাৰ সাংসদ আৰু তাৰ পিছত লোকসভাৰ সাংসদ হয়। ইয়াৰ পিছত ২০১৯ চনত টিডিপি এৰি বিজেপিত যোগদান কৰে। তেওঁ ৩০০ৰো অধিক হিন্দী আৰু তেলেগু ছবিত অভিনয় কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন