--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮০ আৰু ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী জয়াপ্ৰদা ডাঙৰ বিপদত পৰিছে। শুকুৰবাৰে জয়াপ্ৰদাক চেন্নাইৰ আদালতে এক গোচৰত দোষী সাব্যস্ত কৰি ৬ মাহৰ কাৰাদণ্ড বিহিছে। অভিযোগ অনুসৰি ৫ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে। আদালতে তেওঁৰ ব্যৱসায়িক অংশীদাৰ ৰাম কুমাৰ আৰু ৰাজা বাবুকো দোষী সাব্যস্ত কৰি তেওঁলোককো শাস্তি প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে জয়াপ্ৰদাৰ বিৰুদ্ধে তেওঁৰ চিনেমা হলত কাম কৰাসকলক ইএছআইৰ(স্বাস্থ্য বীমাৰ ধন) ধন নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল, যিটো আদালতে শুদ্ধ বুলি বিবেচনা কৰিছে।

বাতৰি অনুসৰি জয়াপ্ৰদাই চেন্নাইত এটা চিনেমা হল খুলিছিল। লোকচানৰ বাবে চিনেমা হলটো পাছত তেওঁ বন্ধ কৰি দিয়ে। এনে পৰিস্থিতিত থিয়েটাৰত কৰ্মৰত কৰ্মচাৰীসকলে জয়াৰ বিৰুদ্ধে মাত মাতি দৰমহা আৰু ইএছআইৰ ধন নিদিয়াৰ অভিযোগ উত্থাপন কৰে। জয়াপ্ৰদাই ইএছআইৰ ধন চৰকাৰী বীমা নিগমক দিয়া নাছিল।

‘শ্ৰমিক চৰকাৰী বীমা নিগমে’ জয়াপ্ৰদা আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে চেন্নাইৰ এগম’ৰ দণ্ডাধীশ আদালতত গোচৰ ৰুজু কৰে। ইয়াৰ পিছত জয়াপ্ৰদাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মানি লোৱাৰ লগতে গোচৰ খাৰিজ কৰিবলৈ দাবী জনোৱাৰ সমান্তৰালকৈ ধন পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে। অৱশ্যে এই গোচৰত আদালতে এই আবেদন নাকচ কৰি জয়াপ্ৰদাক জৰিমনা সহকাৰে জেলৰ শাস্তি প্ৰদান কৰে।

জয়াপ্ৰদা বলীউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী আছিল যদিও কেৰিয়াৰৰ শিখৰত ১৯৯৪ চনত অভিনয় ত্যাগ কৰি তেলেগু দেশম পাৰ্টিত যোগদান কৰি ৰাজনীতিত প্ৰৱেশ কৰে। ইয়াৰ পিছত প্ৰথমে ৰাজ্যসভাৰ সাংসদ আৰু তাৰ পিছত লোকসভাৰ সাংসদ হয়। ইয়াৰ পিছত ২০১৯ চনত টিডিপি এৰি বিজেপিত যোগদান কৰে। তেওঁ ৩০০ৰো অধিক হিন্দী আৰু তেলেগু ছবিত অভিনয় কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস