--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশত বিৰোধী ঐক্য গঠনৰ প্ৰস্তুতি অব্যাহত আছে৷ বিশেষকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম. কে. ষ্টেলিনে বিজেপিবিৰোধী ঐক্য গঠনৰ বাবে দেশৰ অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হৈছে৷ তাৰ মাজতে কালি উন্মোচন হ’ল তামিলনাডুৰ মুখ্যমন্ত্ৰী এম. কে. ষ্টেলিনৰ আত্মজীৱনী৷ আত্মজীৱনী মুকলি অনুষ্ঠানৰ জৰিয়তে ষ্টেলিনে বিৰোধী শক্তিক লগত লৈ বিজেপিৰ প্ৰতি শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে৷ তেওঁৰ আত্মজীৱনী মুকলি কৰাৰ সময়ত এম.কে. ষ্টেলিনে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে যুঁজ দিয়াৰ পৰিকল্পনা পুনৰ নিশ্চিত কৰে৷ ২৮ ফেব্ৰুৱাৰীত তেওঁৰ জন্মদিনৰ প্ৰাকমুহূৰ্তত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে তেওঁৰ আত্মজীৱনীৰ প্ৰথম অংশ ‘উঙ্গালিল অৰুভান’ উন্মোচন কৰে। পুম্পুহাৰ পাথিপ্পাকামৰ দ্বাৰা প্ৰকাশিত এই কিতাপখন ষ্টেলিনে ১৯৫৩ৰ মাৰ্চ মাহত তেওঁৰ জন্মৰ পৰা ১৯৭৬ৰ ফেব্ৰুৱাৰীত জৰুৰীকালীন অৱস্থাত আভ্যন্তৰীণ সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱালৈকে জীৱনৰ সকলো ঘটনাৰ বিস্তাৰিত ব্যাখ্যা আগবঢ়াইছে৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশ লৈ ষ্টেলিনে কয় যে, দ্ৰাবিড় আৰ্হিটোৱে সকলো জাতিৰ সমান অধিকাৰত বিশ্বাস কৰে। ভাৰত হৈছে ৰাজ্যসমূহৰ এক সংঘ। সংবিধানে তেনেকৈ কৈছে। সকলো ৰাজ্যৰ উচ্চ ক্ষমতা আৰু ফেডাৰেল অধিকাৰ থাকিব লাগে। ভাৰত চৰকাৰে ফেডাৰেলিজমৰ নীতিৰ ওপৰত কাম কৰা উচিত৷ তেওঁৰ আদৰ্শগত বিশ্বাস দ্ৰাবিড় আৰ্হি বুলি ঘোষণা কৰি ষ্টেলিনে কয় যে, তেওঁৰ লক্ষ্য আছিল সমগ্ৰ দেশতে দ্ৰাবিড় আৰ্হি প্ৰচাৰ কৰা আৰু সেয়েহে ৰাষ্ট্ৰীয় নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছিল। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু বিহাৰৰ বিৰোধী নেতা তেজস্বী যাদৱকে ধৰি দেশৰ বিৰোধী ৰাজনৈতিক নেতাসকল উপস্থিত থাকে। ৰাজ্যসমূহক অধিক অধিকাৰ প্ৰদানৰ বাবে সাংবিধানিক সংশোধনৰ আহ্বান জনাই ষ্টেলিনে কংগ্ৰেছ, বাঁওপন্থী আৰু আঞ্চলিক দলসমূহক এই দাবীৰ সমৰ্থনত মাত মাতিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গ্ৰন্থ উন্মোচনতকৈ অন্য দিশতো অধিক গুৰুত্বপূৰ্ণ আছিল বুলি আন নেতাসকলে দিয়া ভাষণৰ পৰাও স্পষ্ট হৈ পৰে। আব্দুল্লাই কৈছিল যে তেওঁ তাত ভুক্তভোগী হিচাপে নাছিল, কিন্তু আন ৰাজ্যৰ কি হ’ব পাৰে সেই বিষয়ে সতৰ্ক আছিল। ষ্টেলিনৰ দ্বাৰা প্ৰস্তুত কৰা সৰ্বভাৰতীয় সামাজিক ন্যায় ফেডাৰেচনৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত সামাজিক ন্যায় আৰু ফেডাৰেলিজমৰ নীতি প্ৰস্তুত কৰা। ষ্টেলিনে ঘোষণা কৰা ফেডাৰেচনে নেতা, নাগৰিক সমাজৰ সদস্য, সমমনস্ক ব্যক্তি আৰু সংগঠনসমূহক লক্ষ্যৰ দিশত এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব। ষ্টেলিনে ৩৭টা সংগঠনক ফেডাৰেচনৰ অংশ হ'বলৈ আমন্ত্ৰণ জনাই চিঠিও লিখিছিল। ডিএমকেৰ মুখপাত্ৰ কন্সটেণ্টাইন ৰবীন্দ্ৰনে কয় যে ষ্টেলিনে ইতিমধ্যে ফেডাৰেলিজম আৰু সামাজিক ন্যায়ৰ ধাৰণাবোৰৰ প্ৰচাৰত আক্ৰমণাত্মক ভূমিকা পালন কৰি আছে, কিন্তু ২০২৪ৰ নিৰ্বাচনৰ সময়ত তেওঁ কিছু পাৰ্থক্য থকা অ-বিজেপি দলসমূহৰ মাজত এক সংযোগী শক্তি হ’ব পাৰে। অনুষ্ঠানত অংশ লৈ ৰাহুল গান্ধীয়ে এন ডি এ চৰকাৰে বিশেষ মৰ্যাদা বাতিলৰ জৰিয়তে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ অধিকাৰ কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰে৷ আৰু লগতে কয় যে ই জম্মু আৰু কাশ্মীৰ ৰাজ্যক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰিছে। পঞ্জাবত কোনো আলোচনা নকৰাকৈ বিএছএফ (সীমান্ত সুৰক্ষা বাহিনী)ক বিস্তীৰ্ণ ভূমি প্ৰদান কৰা হৈছিল। তেওঁলোকে তামিলনাডুৰ সৈতেও একেই কৰে৷ কংগ্ৰেছ নেতাজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আক্ৰমণাত্মক হৈ তেওঁক তেলেংগানাৰ জনসাধাৰণৰ ওপৰত তেওঁৰ ধাৰণা জাপি দিয়াৰ চেষ্টা কৰা আৰু ৰাজ্যখনক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। ভাষণত ষ্টেলিনে কয় যে তেওঁ কেৱল মঞ্চৰ নেতাসকলকে নহয়, ধৰ্মনিৰপেক্ষ মূল্যবোধত বিশ্বাস কৰা সকলোৰে ওচৰত আৱেদন কৰিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক