--°C
Loading...
Listen to Article
2 min read
80%

২০২৪ত উত্তৰ প্ৰদেশত বিজেপি শাসনত থকাটো অতি গুৰুত্বপূৰ্ণ-অমিত শ্বাহ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কৰা উন্নয়নমূলক কামৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, যোগী আদিত্যনাথক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে উল্লেখ কৰাটো মানুহে স্বাভাৱিক বুলি ভাবে। এক সাক্ষাৎকাৰত অমিত শ্বাহে মত ব্যক্ত কৰে যে ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিশাল সংখ্যাগৰিষ্ঠতাৰে জয়ী হ’ব আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি তেওঁ কয় যে যোগীৰ নেতৃত্বত উত্তৰ প্ৰদেশত মানুহে দৃষ্টান্তমূলক জীৱন-যাপন আৰু আইন-শৃংখলাৰ দিশটো যথেষ্ট উন্নত হৈছে। যোগীক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি বৰ্ণনা কৰা লোকসকলৰ বিষয়ে সোধাত শ্বাহে কয় যে ‘স্বাভাৱিকতে তেওঁ প্ৰধানমন্ত্ৰী হ’ব পাৰে। তেওঁৰ নেতৃত্বতে উত্তৰ প্ৰদেশত ৩০খন চিকিৎসা মহাবিদ্যালয়, ৰাজ্যখনত দুখনকৈ এইমছ আনহাতে জাপানীজ এনকেফেলাইটিছৰ বাবে এটা গৱেষণা কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে। বিজেপি চৰকাৰে ১০ খন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ, ৭৭ খন নতুন মহাবিদ্যালয় খুলিছে। আমাৰ চৰকাৰে সমগ্ৰ উত্তৰ প্ৰদেশত ১.৪০ লাখ মহাবিদ্যালয়পুনৰ নিৰ্মাণ আৰু পুনৰ বিকাশ কৰিছে’ বুলি যোগীয়ে কয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো যোগী আদিত্যনাথে দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল লাভ কৰিব বুলি একপ্ৰকাৰৰ নিশ্চিত। তেওঁলোকে কয় যে, ১০ মাৰ্চত যদি নিৰ্বাচনৰ ফলাফলত বিজেপি জয়ী হয়, তেন্তে আদিত্যনাথ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ একমাত্ৰ মুখ্যমন্ত্ৰী হ’ব। বিগত অক্টোবৰত শ্বাহে কৌশলগতভাৱে কৈছিল যে, যদি ৰাইজে নৰেন্দ্ৰ মোদীক ২০২৪ত নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে, তেওঁলোকে ২০২২ত যোগীৰ জয় নিশ্চিত কৰিব লাগে, শ্বাহে কয় যে তেওঁ সেইটো কোৱা নাই। ‘মই যি কৈছিলো, সেয়া আছিল দিল্লীলৈ যোৱাৰ পথটো লক্ষ্ণৌহো। যিহেতু উত্তৰ প্ৰদেশৰ লোকসভাত ৩০৪ খন আসন আছে, সেয়েহে ২০২৪ত উত্তৰ প্ৰদেশত বিজেপি শাসনত থকাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে যদি কেন্দ্ৰত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব লাগে, তেন্তে উত্তৰ প্ৰদেশৰ অবিহনে হ’ব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক