--°C
Loading...
Listen to Article
2 min read
80%

২০২৪ত উত্তৰ প্ৰদেশত বিজেপি শাসনত থকাটো অতি গুৰুত্বপূৰ্ণ-অমিত শ্বাহ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কৰা উন্নয়নমূলক কামৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, যোগী আদিত্যনাথক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে উল্লেখ কৰাটো মানুহে স্বাভাৱিক বুলি ভাবে। এক সাক্ষাৎকাৰত অমিত শ্বাহে মত ব্যক্ত কৰে যে ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিশাল সংখ্যাগৰিষ্ঠতাৰে জয়ী হ’ব আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি তেওঁ কয় যে যোগীৰ নেতৃত্বত উত্তৰ প্ৰদেশত মানুহে দৃষ্টান্তমূলক জীৱন-যাপন আৰু আইন-শৃংখলাৰ দিশটো যথেষ্ট উন্নত হৈছে। যোগীক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি বৰ্ণনা কৰা লোকসকলৰ বিষয়ে সোধাত শ্বাহে কয় যে ‘স্বাভাৱিকতে তেওঁ প্ৰধানমন্ত্ৰী হ’ব পাৰে। তেওঁৰ নেতৃত্বতে উত্তৰ প্ৰদেশত ৩০খন চিকিৎসা মহাবিদ্যালয়, ৰাজ্যখনত দুখনকৈ এইমছ আনহাতে জাপানীজ এনকেফেলাইটিছৰ বাবে এটা গৱেষণা কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে। বিজেপি চৰকাৰে ১০ খন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ, ৭৭ খন নতুন মহাবিদ্যালয় খুলিছে। আমাৰ চৰকাৰে সমগ্ৰ উত্তৰ প্ৰদেশত ১.৪০ লাখ মহাবিদ্যালয়পুনৰ নিৰ্মাণ আৰু পুনৰ বিকাশ কৰিছে’ বুলি যোগীয়ে কয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো যোগী আদিত্যনাথে দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল লাভ কৰিব বুলি একপ্ৰকাৰৰ নিশ্চিত। তেওঁলোকে কয় যে, ১০ মাৰ্চত যদি নিৰ্বাচনৰ ফলাফলত বিজেপি জয়ী হয়, তেন্তে আদিত্যনাথ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ একমাত্ৰ মুখ্যমন্ত্ৰী হ’ব। বিগত অক্টোবৰত শ্বাহে কৌশলগতভাৱে কৈছিল যে, যদি ৰাইজে নৰেন্দ্ৰ মোদীক ২০২৪ত নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে, তেওঁলোকে ২০২২ত যোগীৰ জয় নিশ্চিত কৰিব লাগে, শ্বাহে কয় যে তেওঁ সেইটো কোৱা নাই। ‘মই যি কৈছিলো, সেয়া আছিল দিল্লীলৈ যোৱাৰ পথটো লক্ষ্ণৌহো। যিহেতু উত্তৰ প্ৰদেশৰ লোকসভাত ৩০৪ খন আসন আছে, সেয়েহে ২০২৪ত উত্তৰ প্ৰদেশত বিজেপি শাসনত থকাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে যদি কেন্দ্ৰত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব লাগে, তেন্তে উত্তৰ প্ৰদেশৰ অবিহনে হ’ব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য