--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চমু চাপিছে দেশৰ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন৷ শেহতীয়াকৈ কংগ্ৰেছে ইণ্ডি মিত্ৰজোঁটৰ দলসমূহৰ সৈতে আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰাৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰিবলৈ পাঁচজনীয়া ৰাষ্ট্ৰীয় মিত্ৰজোঁট সমিতি গঠন কৰিছিল। এই কমিটীয়ে আসন বিতৰণৰ পূৰ্বে বিভিন্ন ৰাজ্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ বাবে ৰাষ্ট্ৰীয় মিত্ৰতা সমিতিয়ে দলৰ প্ৰতিষ্ঠা দিৱস অৰ্থাৎ ২৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নাগপুৰ ৰেলীৰ পাছত ৰাজ্যিক ইউনিটসমূহৰ পৰা প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব। কেৱল এয়াই নহয়, ৰাজ্যৰ জ্যেষ্ঠ নেতাৰ সৈতে আলোচনাৰ অন্তত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত মিত্ৰশক্তিৰ সৈতে আসন ভাগ-বতৰা সন্দৰ্ভত চূড়ান্ত আলোচনা অনুষ্ঠিত কৰিব সমিতিখনে।

ইয়াৰ পূৰ্বে মঙলবাৰে (১৯ ডিচেম্বৰ) আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এই ৫জনীয়া সমিতি গঠন কৰিছিল। এই সমিতিৰ নেতৃত্বত থাকিব মোহন প্ৰকাশ। আনহাতে দুই প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ভূপেশ বাঘেলকো কমিটীত অন্তৰ্ভুক্ত কৰা হয়।

ইয়াৰ উপৰিও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰশ্বিদ আৰু মুকুল ৱাছনিককো কমিটীৰ অংশ হিচাপে লোৱা হৈছে। ২০২৪ চনৰ সংসদীয় নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰা সন্দৰ্ভত মিত্ৰজোঁটৰ মিত্ৰশক্তিৰ সৈতে আলোচনা কৰাটোৱেই এই সমিতিৰ উদ্দেশ্য।

ইয়াৰ উপৰিও ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে শুকুৰবাৰে (২২ ডিচেম্বৰ) এখন ইস্তাহাৰ সমিতি গঠন কৰে, এই সমিতিৰ নেতৃত্বত থাকিব পি চিদাম্বৰম। টি এছ সিংদেৱক এই সমিতিৰ সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰিয়ংকা গান্ধী, ছিদ্দাৰামায়া, শশী থাৰুৰ দৰে নেতাকো এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।

শেহতীয়াকৈ মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পাছত কংগ্ৰেছে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই ক্ৰমত কংগ্ৰেছ হাইকমাণ্ডে উত্তৰ প্ৰদেশ, ওড়িশা আৰু পশ্চিম বংগৰ দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক