--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চমু চাপিছে দেশৰ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন৷ শেহতীয়াকৈ কংগ্ৰেছে ইণ্ডি মিত্ৰজোঁটৰ দলসমূহৰ সৈতে আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰাৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰিবলৈ পাঁচজনীয়া ৰাষ্ট্ৰীয় মিত্ৰজোঁট সমিতি গঠন কৰিছিল। এই কমিটীয়ে আসন বিতৰণৰ পূৰ্বে বিভিন্ন ৰাজ্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ বাবে ৰাষ্ট্ৰীয় মিত্ৰতা সমিতিয়ে দলৰ প্ৰতিষ্ঠা দিৱস অৰ্থাৎ ২৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নাগপুৰ ৰেলীৰ পাছত ৰাজ্যিক ইউনিটসমূহৰ পৰা প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব। কেৱল এয়াই নহয়, ৰাজ্যৰ জ্যেষ্ঠ নেতাৰ সৈতে আলোচনাৰ অন্তত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত মিত্ৰশক্তিৰ সৈতে আসন ভাগ-বতৰা সন্দৰ্ভত চূড়ান্ত আলোচনা অনুষ্ঠিত কৰিব সমিতিখনে।

ইয়াৰ পূৰ্বে মঙলবাৰে (১৯ ডিচেম্বৰ) আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এই ৫জনীয়া সমিতি গঠন কৰিছিল। এই সমিতিৰ নেতৃত্বত থাকিব মোহন প্ৰকাশ। আনহাতে দুই প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ভূপেশ বাঘেলকো কমিটীত অন্তৰ্ভুক্ত কৰা হয়।

ইয়াৰ উপৰিও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰশ্বিদ আৰু মুকুল ৱাছনিককো কমিটীৰ অংশ হিচাপে লোৱা হৈছে। ২০২৪ চনৰ সংসদীয় নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰা সন্দৰ্ভত মিত্ৰজোঁটৰ মিত্ৰশক্তিৰ সৈতে আলোচনা কৰাটোৱেই এই সমিতিৰ উদ্দেশ্য।

ইয়াৰ উপৰিও ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে শুকুৰবাৰে (২২ ডিচেম্বৰ) এখন ইস্তাহাৰ সমিতি গঠন কৰে, এই সমিতিৰ নেতৃত্বত থাকিব পি চিদাম্বৰম। টি এছ সিংদেৱক এই সমিতিৰ সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰিয়ংকা গান্ধী, ছিদ্দাৰামায়া, শশী থাৰুৰ দৰে নেতাকো এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।

শেহতীয়াকৈ মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পাছত কংগ্ৰেছে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই ক্ৰমত কংগ্ৰেছ হাইকমাণ্ডে উত্তৰ প্ৰদেশ, ওড়িশা আৰু পশ্চিম বংগৰ দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু