--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী মোদী যেন এগৰাকী সাধুকথাৰ নায়ক। প্ৰধানমন্ত্ৰী হোৱাৰ আগৰ তথা তেওঁৰ বাল্যকাল, কৈশোৰৰ নানা কথাৰে মোহাচ্ছন্ন কৰি ৰাখিব বিচাৰে জনসাধাৰণক। এইবাৰ পুনৰ তেওঁ আন এক অকথিত অধ্যায়ৰ কথা প্ৰকাশ কৰিলে। পঞ্জাৱ নিৰ্বাচনৰ পূৰ্বে মোদীৰ এনে উদ্দেশ্যপ্ৰণোদিত অতীত ৰোমন্থনে বিশেষ চৰ্চা লাভ কৰিছে।


শুকুৰবাৰে মোদীৰ টুইটাৰ একাউন্ট যোগে এটা ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছিল। ভিডিঅ’টোত প্ৰধানমন্ত্ৰীয়ে সন্ত সমাজ আৰু শিখ সম্প্ৰদায়ৰ লোকসকলৰ সৈতে আহাৰ গ্ৰহণ কৰা আৰু কথা-বতৰাত ভাগ লোৱা দেখিবলৈ পোৱা গৈছিল। মোদীয়ে তেওঁৰ দিল্লীৰ বাসগৃহলৈ তেওঁলোকক নিমন্ত্ৰণ কৰি বাৰ্তালাপত অংশ লোৱাৰ লগতে আহাৰৰ ব্যৱস্থা কৰিছিল।


কথা-বতৰাৰ মাজতে তেওঁ কয় যে, ‘এই দেশ ভাৰতবৰ্ষই ১৯৪৭ চনত জন্ম লাভ কৰা নাই।’ দেশত জৰুৰীকালীন অৱস্থা ঘোষণা হওঁতে তেওঁ আত্মগোপন কৰি আছিল বুলি প্ৰকাশ কৰে। যাৰ বাবে তেওঁ ভেশ সলাই ফুৰিবলৈ শিখসকলৰ কাপোৰ পৰিধান কৰিছিল। তেওঁ সেই সময়ত এটা পাগুৰি পিন্ধি ঘূৰি ফুৰিছিল। সন্ত সমাজ আৰু শিখ সম্প্ৰদায়ৰ লোকসকলৰ সৈতে হোৱা কথা-বতৰাৰ শ্বেয়াৰ ভিডিঅ’টোত এই কথা উল্লেখ কৰিছে। মোডীয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে, কংগ্ৰেছে ১৯৪৭ চনৰ বিভাজনৰ সময়ত শিখ তীৰ্থস্থান কাৰতাৰপুৰ চাহিব ভাৰতত অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হৈছিল।


তেওঁক ভিডিঅ'টোত কোৱা শুনা যায়, ‘তেওঁলোকে পঞ্জাৱৰ পৰা ছয় কিলোমিটাৰ দূৰত থকা কাৰতাৰপুৰ ভাৰতত অন্তৰ্ভুক্ত কৰাৰ চুক্তি সম্পাদন কৰিব নোৱাৰিলে। মই কূটনৈতিক মহলৰ জৰিয়তে আলোচনা আৰম্ভ কৰিছিলোঁ। যেতিয়া মই পঞ্জাৱত আছিলোঁ মই বাইনোকুলাৰ ব্যৱহাৰ কৰি কাৰতাৰপুৰ চাহিব চাইছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে আমি কিবা এটা কৰিব লাগিব।’ মোডীয়ে সমবেত লোকসকলক আফগানিস্তানৰ পৰা গুৰু গ্ৰন্থ চাহিব ঘূৰাই অনাৰ কথাও সোঁৱৰাই দিয়ে। তেওঁ ভিডিঅ'টোত কয়, ‘গুৰু গ্ৰন্থ চাহিবক আফগানিস্তানৰ পৰা গৌৰৱেৰে ঘূৰাই অনা উচিত। আমি ব্যৱস্থা কৰিছিলোঁ আৰু এখন বিশেষ বিমান প্ৰদান কৰিছিলোঁ। ... গুজৰাটৰ এজন ব্যক্তি হিচাপে, মই ক'ব বিচাৰোঁ যে গুৰু গোবিন্দ সিঙৰ এজন পুজ্য অনুগামী গুজৰাটৰ হোৱাৰ বাবে মোৰ আপোনাৰ সৈতে তেজৰ সম্পৰ্ক আছে।’


এনেদৰেই প্ৰধানমন্ত্ৰীজনে তেওঁৰ কথোপকথনৰ সময়ত পঞ্জাৱৰ সৈতে থকা তেওঁৰ নিবিড় সম্পৰ্ক আৰু সন্ত সমাজ তথা শিখসকলৰ প্ৰতি থকা আন্তৰিকতাপূৰ্ণ মনোভাব জাহিৰ কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গ’ল। বিগত সময়ত তিনি বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে আন ৰাজ্যৰ লগতে পঞ্জাৱৰ কৃষকসকলেও কেন্দ্ৰীয় চৰকাৰক বিমোৰত পেলোৱা দেখা গৈছিল। তাৰ পাছৰে পৰা সন্মিলিত কিষাণ মৰ্চাই বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰত অৱতীৰ্ণ হৈছিল। পঞ্জাৱ নিৰ্বাচনৰ ঠিক পূৰ্বে ৰাষ্ট্ৰনেতাগৰাকীৰ এনে উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰৰ আঁৰত অনাগত নিৰ্বাচনেই মূল লক্ষ্য বুলি বহু লোকে অভিহিত কৰিব খুজিছে। সি যি নহওক, মোদীৰ কথাই পঞ্জাবৰ সাধাৰণ জনতাৰ মনত আৱেগৰ সৃষ্টি কৰিবনে নকৰে সেয়া অতি সোনকালেই দেখিবলৈ পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন