ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী মোদী যেন এগৰাকী সাধুকথাৰ নায়ক। প্ৰধানমন্ত্ৰী হোৱাৰ আগৰ তথা তেওঁৰ বাল্যকাল, কৈশোৰৰ নানা কথাৰে মোহাচ্ছন্ন কৰি ৰাখিব বিচাৰে জনসাধাৰণক। এইবাৰ পুনৰ তেওঁ আন এক অকথিত অধ্যায়ৰ কথা প্ৰকাশ কৰিলে। পঞ্জাৱ নিৰ্বাচনৰ পূৰ্বে মোদীৰ এনে উদ্দেশ্যপ্ৰণোদিত অতীত ৰোমন্থনে বিশেষ চৰ্চা লাভ কৰিছে।
A very special interaction with the Sant Samaj and distinguished members of the Sikh community. pic.twitter.com/vjCTJ3wMW3
— Narendra Modi (@narendramodi) February 18, 2022
শুকুৰবাৰে মোদীৰ টুইটাৰ একাউন্ট যোগে এটা ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছিল। ভিডিঅ’টোত প্ৰধানমন্ত্ৰীয়ে সন্ত সমাজ আৰু শিখ সম্প্ৰদায়ৰ লোকসকলৰ সৈতে আহাৰ গ্ৰহণ কৰা আৰু কথা-বতৰাত ভাগ লোৱা দেখিবলৈ পোৱা গৈছিল। মোদীয়ে তেওঁৰ দিল্লীৰ বাসগৃহলৈ তেওঁলোকক নিমন্ত্ৰণ কৰি বাৰ্তালাপত অংশ লোৱাৰ লগতে আহাৰৰ ব্যৱস্থা কৰিছিল।
কথা-বতৰাৰ মাজতে তেওঁ কয় যে, ‘এই দেশ ভাৰতবৰ্ষই ১৯৪৭ চনত জন্ম লাভ কৰা নাই।’ দেশত জৰুৰীকালীন অৱস্থা ঘোষণা হওঁতে তেওঁ আত্মগোপন কৰি আছিল বুলি প্ৰকাশ কৰে। যাৰ বাবে তেওঁ ভেশ সলাই ফুৰিবলৈ শিখসকলৰ কাপোৰ পৰিধান কৰিছিল। তেওঁ সেই সময়ত এটা পাগুৰি পিন্ধি ঘূৰি ফুৰিছিল। সন্ত সমাজ আৰু শিখ সম্প্ৰদায়ৰ লোকসকলৰ সৈতে হোৱা কথা-বতৰাৰ শ্বেয়াৰ ভিডিঅ’টোত এই কথা উল্লেখ কৰিছে। মোডীয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে, কংগ্ৰেছে ১৯৪৭ চনৰ বিভাজনৰ সময়ত শিখ তীৰ্থস্থান কাৰতাৰপুৰ চাহিব ভাৰতত অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হৈছিল।
তেওঁক ভিডিঅ'টোত কোৱা শুনা যায়, ‘তেওঁলোকে পঞ্জাৱৰ পৰা ছয় কিলোমিটাৰ দূৰত থকা কাৰতাৰপুৰ ভাৰতত অন্তৰ্ভুক্ত কৰাৰ চুক্তি সম্পাদন কৰিব নোৱাৰিলে। মই কূটনৈতিক মহলৰ জৰিয়তে আলোচনা আৰম্ভ কৰিছিলোঁ। যেতিয়া মই পঞ্জাৱত আছিলোঁ মই বাইনোকুলাৰ ব্যৱহাৰ কৰি কাৰতাৰপুৰ চাহিব চাইছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে আমি কিবা এটা কৰিব লাগিব।’ মোডীয়ে সমবেত লোকসকলক আফগানিস্তানৰ পৰা গুৰু গ্ৰন্থ চাহিব ঘূৰাই অনাৰ কথাও সোঁৱৰাই দিয়ে। তেওঁ ভিডিঅ'টোত কয়, ‘গুৰু গ্ৰন্থ চাহিবক আফগানিস্তানৰ পৰা গৌৰৱেৰে ঘূৰাই অনা উচিত। আমি ব্যৱস্থা কৰিছিলোঁ আৰু এখন বিশেষ বিমান প্ৰদান কৰিছিলোঁ। ... গুজৰাটৰ এজন ব্যক্তি হিচাপে, মই ক'ব বিচাৰোঁ যে গুৰু গোবিন্দ সিঙৰ এজন পুজ্য অনুগামী গুজৰাটৰ হোৱাৰ বাবে মোৰ আপোনাৰ সৈতে তেজৰ সম্পৰ্ক আছে।’
I was humbled by the kind words from the distinguished members of the Sikh community on various efforts of the Central Government.
— Narendra Modi (@narendramodi) February 18, 2022
I consider it my honour that the respected Sikh Gurus have taken Seva from me and their blessings have enabled me to work for society. pic.twitter.com/8jqHZ0QL3f
এনেদৰেই প্ৰধানমন্ত্ৰীজনে তেওঁৰ কথোপকথনৰ সময়ত পঞ্জাৱৰ সৈতে থকা তেওঁৰ নিবিড় সম্পৰ্ক আৰু সন্ত সমাজ তথা শিখসকলৰ প্ৰতি থকা আন্তৰিকতাপূৰ্ণ মনোভাব জাহিৰ কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গ’ল। বিগত সময়ত তিনি বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে আন ৰাজ্যৰ লগতে পঞ্জাৱৰ কৃষকসকলেও কেন্দ্ৰীয় চৰকাৰক বিমোৰত পেলোৱা দেখা গৈছিল। তাৰ পাছৰে পৰা সন্মিলিত কিষাণ মৰ্চাই বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰত অৱতীৰ্ণ হৈছিল। পঞ্জাৱ নিৰ্বাচনৰ ঠিক পূৰ্বে ৰাষ্ট্ৰনেতাগৰাকীৰ এনে উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰৰ আঁৰত অনাগত নিৰ্বাচনেই মূল লক্ষ্য বুলি বহু লোকে অভিহিত কৰিব খুজিছে। সি যি নহওক, মোদীৰ কথাই পঞ্জাবৰ সাধাৰণ জনতাৰ মনত আৱেগৰ সৃষ্টি কৰিবনে নকৰে সেয়া অতি সোনকালেই দেখিবলৈ পোৱা যাব।