--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলাই আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। ঘৰলৈ ঘূৰি আহি এক দৃশ্য দেখি তেওঁ আতংকত চিঞৰি উঠে। মহিলাগৰাকীয়ে ঘৰৰ দুৱাৰ খুলি বিছনাত দেখা পায় অৰ্ধনগ্ন যুৱতীৰ এটা মৃতদেহ। ঘটনাটোৰ পিছৰে পৰা মহিলাগৰাকীৰ স্বামী পলাতক হৈ আছে। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে দিল্লীৰ বুৰাৰী অঞ্চলত। বুৰাৰী আৰক্ষী থানাই এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে মহিলাগৰাকীৰ স্বামীয়ে যুৱতীগৰাকীক হত্যা কৰাৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। আৰক্ষীৰ এটা দলে তেওঁক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে। বুৰাৰী আৰক্ষী থানাৰ মতে অমন ৰাৱট নামৰ লোকজনে তেওঁৰ পত্নী প্ৰিয়ংকা ৰাৱটৰ সৈতে বুৰাৰী অঞ্চলৰ কৌশিক এনক্লেভত বাস কৰে। তেওঁ ভৱনটোৰ তলত থকা এটা কোম্পানীত কাম কৰে। অমনৰ পত্নী প্ৰিয়ংকা শুকুৰবাৰে পুৱা এজন আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। সন্ধিয়া ৮ বজাত ঘৰলৈ ঘূৰি আহি যেতিয়া প্ৰিয়ংকাই দুৱাৰখন খুলিছিল তেতিয়া তেওঁ বিছনাত এগৰাকী যুৱতীৰ অৰ্ধ-উলংগ মৃতদেহ পৰি থকা অৱস্থাত দেখা পাইছিল। মৃতদেহটো দেখি ভয় খাই প্ৰিয়ংকাই লগে লগে আৰক্ষীক ফোন কৰে। এই খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰিছে। যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতীগৰাকী নাটুপুৰা অঞ্চলৰ বাসিন্দা আছিল। মৃত ছোৱালীজনীৰ পিতৃক ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে। আৰক্ষীৰ তদন্তত ধৰা পৰিছে যে যুৱতীগৰাকীৰ সৈতে অমন ৰাৱটৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। আৰক্ষী বৰ্তমান অমনৰ সন্ধানত নামি পৰিছে। অমনে যুৱতীগৰাকীক কিয় ঘৰলৈ মাতিছিল আৰু কি পৰিস্থিতিত হত্যাকাণ্ডটো সংঘটিত হৈছিল সেয়া অমন জালত পৰাৰ পাছতহে গম পোৱা যাব বুলি সদৰী কৰিছে দিল্লী আৰক্ষীয়ে। আৰু পঢ়কঃ ৩২ দিনলৈকে সাৱধান! সূৰ্যৰ প্ৰভাৱত দুৰ্বল হ’ব বৃহস্পতি! ৰাশিফলে কি কয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ