--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলাই আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। ঘৰলৈ ঘূৰি আহি এক দৃশ্য দেখি তেওঁ আতংকত চিঞৰি উঠে। মহিলাগৰাকীয়ে ঘৰৰ দুৱাৰ খুলি বিছনাত দেখা পায় অৰ্ধনগ্ন যুৱতীৰ এটা মৃতদেহ। ঘটনাটোৰ পিছৰে পৰা মহিলাগৰাকীৰ স্বামী পলাতক হৈ আছে। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে দিল্লীৰ বুৰাৰী অঞ্চলত। বুৰাৰী আৰক্ষী থানাই এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে মহিলাগৰাকীৰ স্বামীয়ে যুৱতীগৰাকীক হত্যা কৰাৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। আৰক্ষীৰ এটা দলে তেওঁক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে। বুৰাৰী আৰক্ষী থানাৰ মতে অমন ৰাৱট নামৰ লোকজনে তেওঁৰ পত্নী প্ৰিয়ংকা ৰাৱটৰ সৈতে বুৰাৰী অঞ্চলৰ কৌশিক এনক্লেভত বাস কৰে। তেওঁ ভৱনটোৰ তলত থকা এটা কোম্পানীত কাম কৰে। অমনৰ পত্নী প্ৰিয়ংকা শুকুৰবাৰে পুৱা এজন আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। সন্ধিয়া ৮ বজাত ঘৰলৈ ঘূৰি আহি যেতিয়া প্ৰিয়ংকাই দুৱাৰখন খুলিছিল তেতিয়া তেওঁ বিছনাত এগৰাকী যুৱতীৰ অৰ্ধ-উলংগ মৃতদেহ পৰি থকা অৱস্থাত দেখা পাইছিল। মৃতদেহটো দেখি ভয় খাই প্ৰিয়ংকাই লগে লগে আৰক্ষীক ফোন কৰে। এই খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰিছে। যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতীগৰাকী নাটুপুৰা অঞ্চলৰ বাসিন্দা আছিল। মৃত ছোৱালীজনীৰ পিতৃক ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে। আৰক্ষীৰ তদন্তত ধৰা পৰিছে যে যুৱতীগৰাকীৰ সৈতে অমন ৰাৱটৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। আৰক্ষী বৰ্তমান অমনৰ সন্ধানত নামি পৰিছে। অমনে যুৱতীগৰাকীক কিয় ঘৰলৈ মাতিছিল আৰু কি পৰিস্থিতিত হত্যাকাণ্ডটো সংঘটিত হৈছিল সেয়া অমন জালত পৰাৰ পাছতহে গম পোৱা যাব বুলি সদৰী কৰিছে দিল্লী আৰক্ষীয়ে। আৰু পঢ়কঃ ৩২ দিনলৈকে সাৱধান! সূৰ্যৰ প্ৰভাৱত দুৰ্বল হ’ব বৃহস্পতি! ৰাশিফলে কি কয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ