--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মোৰাদাবাদত এজন লোকে কেৱল মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সমৰ্থন কৰাৰ বাবেই পত্নীক  দিলে তিনি তালাক। এতিয়া ন্যায় পাবলৈ মহিলা গৰাকীয়ে থানাত স্বামী ঘৰৰ সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

উত্তৰ প্ৰদেশৰ মোৰাদাবাদ চহৰত তিনি তালাক দিয়াৰ এক অদ্ভুত গোচৰ পোহৰলৈ আহিছে, আনহাতে চৰকাৰে ইতিমধ্যে ইয়াক অবৈধ ঘোষণা কৰিছে।

প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ইউ পিৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক সমর্থন কৰাৰ পাছত তেওঁৰ স্বামীয়ে তেওঁক তিনি তালাক দি ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ কৰে পত্নী গৰাকীয়ে৷ বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। ভুক্তভোগী গৰাকীৰ এজাহাৰৰ পাছতে কোটৱালি আৰক্ষী থানাক তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে এছএছপিয়ে। মোৰাদাবাদৰ কোটৱালি থানাৰ বাসিন্দা শনা ইৰামে জনোৱা মতে, ২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁৰ বিবাহ সম্পন্ন হৈছিল । কোটৱালিৰ পিৰজাদা অঞ্চলৰ বাসিন্দা তেওঁ।

ভুক্তভোগী গৰাকীয়ে জনোৱা মতে, বিবাহৰ কিছুদিন পাছতে বায়েক আৰু ননন্দীয়ে হাৰাশাস্তি আৰম্ভ কৰে আৰু ইয়াৰ মূল কাৰণ হ’ল মুখ্যমন্ত্ৰী (যোগী আদিত্যনাথ) আৰু প্ৰধানমন্ত্ৰী (নৰেন্দ্ৰ মোদী)ৰ সমৰ্থন। মহিলা গৰাকীয়ে অভিযোগ কৰিছে যে এই কাৰণেই শহুৰেকৰ ঘৰৰ সকলোৱে তেওঁক হাৰাশাস্তি কৰি আছে। ভুক্তভোগী মহিলাগৰাকীয়ে যোৱা ৩ মাৰ্চত এই গোচৰত এফআইআৰ দাখিল কৰিছিল আৰু এতিয়া আৰক্ষীয়ে তদন্ত কৰি আছে।

এই গোচৰত আৰক্ষী অধীক্ষক চিটি অখিলেশ ভদৌৰিয়াই কয় যে মহিলাগৰাকীৰ এজাহাৰৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে। এগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে স্বামী আৰু শহুৰেকৰ। এই বিষয়ত বিশেষভাৱে ৩৭৬ আৰু ৫১১ ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষকৰ মতে, মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত কয় যে তেওঁ এটা বিশেষ দলে, মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু প্রধানমন্ত্রী মোদীক ভোট দিয়াৰ বাবেই তেওঁক স্বামী ঘৰৰ সকলোৱে হাৰাশাস্তি কৰিছিল৷ শীঘ্ৰেই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰা হ’ব বুলিও তেওঁ কয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ