--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মোৰাদাবাদত এজন লোকে কেৱল মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সমৰ্থন কৰাৰ বাবেই পত্নীক  দিলে তিনি তালাক। এতিয়া ন্যায় পাবলৈ মহিলা গৰাকীয়ে থানাত স্বামী ঘৰৰ সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

উত্তৰ প্ৰদেশৰ মোৰাদাবাদ চহৰত তিনি তালাক দিয়াৰ এক অদ্ভুত গোচৰ পোহৰলৈ আহিছে, আনহাতে চৰকাৰে ইতিমধ্যে ইয়াক অবৈধ ঘোষণা কৰিছে।

প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ইউ পিৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক সমর্থন কৰাৰ পাছত তেওঁৰ স্বামীয়ে তেওঁক তিনি তালাক দি ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ কৰে পত্নী গৰাকীয়ে৷ বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। ভুক্তভোগী গৰাকীৰ এজাহাৰৰ পাছতে কোটৱালি আৰক্ষী থানাক তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে এছএছপিয়ে। মোৰাদাবাদৰ কোটৱালি থানাৰ বাসিন্দা শনা ইৰামে জনোৱা মতে, ২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁৰ বিবাহ সম্পন্ন হৈছিল । কোটৱালিৰ পিৰজাদা অঞ্চলৰ বাসিন্দা তেওঁ।

ভুক্তভোগী গৰাকীয়ে জনোৱা মতে, বিবাহৰ কিছুদিন পাছতে বায়েক আৰু ননন্দীয়ে হাৰাশাস্তি আৰম্ভ কৰে আৰু ইয়াৰ মূল কাৰণ হ’ল মুখ্যমন্ত্ৰী (যোগী আদিত্যনাথ) আৰু প্ৰধানমন্ত্ৰী (নৰেন্দ্ৰ মোদী)ৰ সমৰ্থন। মহিলা গৰাকীয়ে অভিযোগ কৰিছে যে এই কাৰণেই শহুৰেকৰ ঘৰৰ সকলোৱে তেওঁক হাৰাশাস্তি কৰি আছে। ভুক্তভোগী মহিলাগৰাকীয়ে যোৱা ৩ মাৰ্চত এই গোচৰত এফআইআৰ দাখিল কৰিছিল আৰু এতিয়া আৰক্ষীয়ে তদন্ত কৰি আছে।

এই গোচৰত আৰক্ষী অধীক্ষক চিটি অখিলেশ ভদৌৰিয়াই কয় যে মহিলাগৰাকীৰ এজাহাৰৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে। এগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে স্বামী আৰু শহুৰেকৰ। এই বিষয়ত বিশেষভাৱে ৩৭৬ আৰু ৫১১ ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষকৰ মতে, মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত কয় যে তেওঁ এটা বিশেষ দলে, মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু প্রধানমন্ত্রী মোদীক ভোট দিয়াৰ বাবেই তেওঁক স্বামী ঘৰৰ সকলোৱে হাৰাশাস্তি কৰিছিল৷ শীঘ্ৰেই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰা হ’ব বুলিও তেওঁ কয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক