--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি একেলগে পাঁচখনকৈ বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰিছিল। পাঁচখনকৈ ৰে’ল মুকলি কৰাৰ সময়তে ঘটিল অথন্তৰ। বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত এইবাৰ পুনৰ এজন লোকৰ মৃত্যু ঘটিছে। দুৰ্ঘটনা সংঘটিত হোৱা ৰে’লখন বাৰাণসীৰ পৰা দিল্লীলৈ গৈ আছিল । ধাৰণা কৰা অনুসৰি  যুৱকজনে হয়তো ৰে’ল আলি পাৰ হ’বলৈ ধৰোতেই দুৰ্ঘটনাটো ঘটে।  

 বন্দে ভাৰত ৰে’লৰ খুন্দাত  অতীততো মানুহৰ মৃত্যু হোৱাৰ উদাহৰণ আছে।মঙলবাৰে নিশা উত্তৰ প্ৰদেশৰ টুণ্ডলা জিলাৰ জালেচাৰ আৰু পোৰা গাঁৱৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হয়। ৰে'ল আৰক্ষীয়ে বিষয়টোৰ বিতং তদন্ত কৰিব বুলি প্ৰকাশ কৰিছে।

কিছুদিন পূৰ্বে কেৰালাৰ কোজিকোডত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। বন্দে ভাৰত এক্সপ্ৰেছে কাছেৰগড়ৰ পৰা তিৰুৱন্তপুৰমলৈ যাত্ৰা কৰি থকাৰ সময়তে এজন যুৱকক খুন্দা মাৰিছিল। ঘটনাস্থলীতে তেওঁৰ মৃত্যু হৈছিল।প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ ২০১৯ চনত ভাৰতত মুকলি কৰা হৈছিল। উদ্বোধনৰ এদিন পিছতে ৰেলখনে বাৰাণসীৰ পৰা উভতি অহাৰ পথত এটা গৰুক খুন্দা মাৰিছিল। তেতিয়াৰ পৰা  বন্দে ভাৰত ৰে’লত  লৈ কেইবাটাও সৰু-সুৰা ঘটনা সংঘটিত হৈছে। 


উল্লেখ্য মঙলবাৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে পাঁচটা নতুন পথত বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰিছিল। তেওঁ মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত পাঁচ খন ৰে’ল উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি ষ্টেচনত দুখন ৰে’ল মুকলি  কৰিছিল। ৰে’ল কেইখন হৈছে  ৰাণী কমলাপতি (ভূপাল)-জবলপুৰ বন্দে ভাৰত এক্সপ্ৰেছ আৰু খাজুৰাহো-ভূপাল-ইন্দোৰ বন্দে ভাৰত এক্সপ্ৰেছ। বাকী তিনিখন ৰে’লো মোদীয়ে উদ্বোধন কৰিছিল। 

সেই তিনি খন ৰে’ল  হৈছে মাৰগাও (গোৱা)-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ, ধাৰৱাড-বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ, হাতিয়া-পাটনা বন্দে ভাৰত এক্সপ্ৰেছ। ইয়াৰ আগতে কেতিয়াও একেলগে ইমান বন্দে ভাৰত ৰে’ল একেলগে উদ্বোধন কৰা হোৱা নাছিল। এই পাঁচখন ৰে'লে মধ্য প্ৰদেশ, গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, বিহাৰ আৰু ঝাৰখণ্ডৰ মাজত যোগাযোগ উন্নত  কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি