--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি একেলগে পাঁচখনকৈ বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰিছিল। পাঁচখনকৈ ৰে’ল মুকলি কৰাৰ সময়তে ঘটিল অথন্তৰ। বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত এইবাৰ পুনৰ এজন লোকৰ মৃত্যু ঘটিছে। দুৰ্ঘটনা সংঘটিত হোৱা ৰে’লখন বাৰাণসীৰ পৰা দিল্লীলৈ গৈ আছিল । ধাৰণা কৰা অনুসৰি  যুৱকজনে হয়তো ৰে’ল আলি পাৰ হ’বলৈ ধৰোতেই দুৰ্ঘটনাটো ঘটে।  

 বন্দে ভাৰত ৰে’লৰ খুন্দাত  অতীততো মানুহৰ মৃত্যু হোৱাৰ উদাহৰণ আছে।মঙলবাৰে নিশা উত্তৰ প্ৰদেশৰ টুণ্ডলা জিলাৰ জালেচাৰ আৰু পোৰা গাঁৱৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হয়। ৰে'ল আৰক্ষীয়ে বিষয়টোৰ বিতং তদন্ত কৰিব বুলি প্ৰকাশ কৰিছে।

কিছুদিন পূৰ্বে কেৰালাৰ কোজিকোডত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। বন্দে ভাৰত এক্সপ্ৰেছে কাছেৰগড়ৰ পৰা তিৰুৱন্তপুৰমলৈ যাত্ৰা কৰি থকাৰ সময়তে এজন যুৱকক খুন্দা মাৰিছিল। ঘটনাস্থলীতে তেওঁৰ মৃত্যু হৈছিল।প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ ২০১৯ চনত ভাৰতত মুকলি কৰা হৈছিল। উদ্বোধনৰ এদিন পিছতে ৰেলখনে বাৰাণসীৰ পৰা উভতি অহাৰ পথত এটা গৰুক খুন্দা মাৰিছিল। তেতিয়াৰ পৰা  বন্দে ভাৰত ৰে’লত  লৈ কেইবাটাও সৰু-সুৰা ঘটনা সংঘটিত হৈছে। 


উল্লেখ্য মঙলবাৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে পাঁচটা নতুন পথত বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰিছিল। তেওঁ মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত পাঁচ খন ৰে’ল উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি ষ্টেচনত দুখন ৰে’ল মুকলি  কৰিছিল। ৰে’ল কেইখন হৈছে  ৰাণী কমলাপতি (ভূপাল)-জবলপুৰ বন্দে ভাৰত এক্সপ্ৰেছ আৰু খাজুৰাহো-ভূপাল-ইন্দোৰ বন্দে ভাৰত এক্সপ্ৰেছ। বাকী তিনিখন ৰে’লো মোদীয়ে উদ্বোধন কৰিছিল। 

সেই তিনি খন ৰে’ল  হৈছে মাৰগাও (গোৱা)-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ, ধাৰৱাড-বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ, হাতিয়া-পাটনা বন্দে ভাৰত এক্সপ্ৰেছ। ইয়াৰ আগতে কেতিয়াও একেলগে ইমান বন্দে ভাৰত ৰে’ল একেলগে উদ্বোধন কৰা হোৱা নাছিল। এই পাঁচখন ৰে'লে মধ্য প্ৰদেশ, গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, বিহাৰ আৰু ঝাৰখণ্ডৰ মাজত যোগাযোগ উন্নত  কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস