--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নগালেণ্ড কাণ্ডক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত কৰা মন্তব্যক উভতি ধৰিছে স্বয়ং বিজেপি নেতাই৷ অমিত শ্বাহৰ মন্তব্য মিছা বুলি মন্তব্য কৰিছে নগালেণ্ডৰ মন জিলাৰ বিজেপি সভাপতি নিয়াৱাং কোনিয়াকে৷ নিয়াৱাং কোনিয়াকে নগালেণ্ডৰ ঘটনা সংক্ৰান্তত অমিত শ্বাহৰ যুক্তিক নিন্দা কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ভুক্তভোগীসকলৰ বিপৰীতে কিয় গৈছিল বুলি প্ৰশ্ন মন জিলা বিজেপি সভাপতিজনৰ৷

লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত বিশেষ বাহিনীয়ে ৪ ডিচেম্বৰৰ সন্ধিয়া সাধাৰণ লোকৰ ওপৰত গুলীচালনা কৰাৰ কাৰণ হিচাপে কৈছিল যে বাহনখনক ৰ'বলৈ ইংগিত দিয়া হৈছিল কিন্তু পলাই যাবলৈ চেষ্টা কৰিছিল। যাৰ বাবে পৰিচয় নজনাৰ বাবে গুলীচালনা কৰিছিল জোৱানসকলে৷ আনহাতে, অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰা এজন ভুক্তভোগীয়ে ৭ ডিচেম্বৰৰ সন্ধিয়া এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰক দিয়া মন্তব্যই ঘটনাক অন্য মোৰ দিয়া পৰিলক্ষিত হৈছে৷ চিকিৎসাধীন ভুক্তভোগীগৰাকীয়ে কৰা মন্তব্য অনুসৰি তেওঁলোকক ৰ’বলৈ ইংগিত দিয়া হোৱা নাছিল। বৰং পোনপটীয়াকৈ হত্যা কৰিছিল বুলিহে ভুক্তভোগীজনে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে৷

সংসদত শ্বাহৰ বক্তব্যৰ এদিন পাছতে বিজেপি নগালেণ্ডৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ ৱাটছএপ গ্ৰুপত দলৰ নেতাসকলৰ মাজত হতাশা স্পষ্ট হৈ পৰিছিল। দলৰ এজন সদস্য যিয়ে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ বিৰুদ্ধে জোৰদাৰভাৱে কথা পাতিছিল বুলি জানিব পৰা গৈছে৷ তেওঁ আছিল মন জিলাৰ বিজেপিৰ জিলা সভাপতি নিয়াৱাং কোনিয়াক। কোনিয়াকে স্পষ্টভাৱে অমিত শ্বাহে তেওঁলোকে চেক গেটত ৰৈ পলাই যাবলৈ চেষ্টা কৰা বুলি দিয়া মন্তব্যটো মিছা আছিল বুলি উল্লেখ কৰে৷ লগতে, ভুক্তভোগীৰ পৰিয়ালৰ ঘৰলৈ ৰাজ্যখনৰ কোনো বিজেপি নেতা নোযোৱাৰ বাবেও জিলা সভাপতিজনে খেদ প্ৰকাশ কৰে৷

আনহাতে, সংবাদ মাধ্যমৰ সন্মুখত নাম প্ৰকাশত অনিচ্ছুক আন এজন নগালেণ্ড বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতাক অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধাত তেওঁ কয়, ‘‘যিসময়ত জনসাধাৰণৰ ভাবনা শক্তিশালী আৰু নিৰ্মমভাৱে নিহত হোৱা নিৰস্ত্ৰ নাগৰিকসকলৰ সমৰ্থনত আছে, সেইসময়ত আমাৰ কেন্দ্ৰীয় নেতাক এনেদৰে দেখা গৈছিল যেন সেই কাৰ্যক ন্যায়সংগত কৰিবলৈহে চেষ্টা কৰি আছে। মানুহে ইয়াক টিভিত দেখিছে। নিয়াৱাঙে ঠিকেই কৈছে। এনে কথোপকথনৰ বাবে, আমি এতিয়া জনসাধাৰণৰ অনুভূতিৰ সৈতে বিসদৃশ হৈ পৰিছোঁ ; আমি এই সময়ত ৰাইজৰ ওচৰলৈও যাব নোৱাৰো অথচ বিৰোধী পক্ষই তেওঁলোকৰ ওচৰলৈ গৈ আছে। এইটো দলৰ বাবে ভাল নহয়।’’

ৰাজ্যিক নেতাগৰাকী আৰু জিলা সভাপতিগৰাকীৰ এই প্ৰতিক্ৰিয়াৰ পাছত এতিয়া এটা কথা স্পষ্ট হৈছে যে নগালেণ্ডৰ ঘটনাটোৰ পাছত ৰাজ্যখনৰ বিজেপিৰ ভিতৰচ’ৰাত এক অসন্তুষ্টিৰ বাতাবৰণে ক্ৰিয়া কৰিছে৷ পৰৱৰ্তী সময়ত, নেতাসকলৰ এই অসন্তুষ্টি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক উভতি ধৰা কাৰ্যই কি ৰূপ লয়, সেয়া সময়ত লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ