--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: তামিলনাডুৰ কুন্নুৰৰ ওচৰত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত কালি দেশৰ সামৰিক বাহিনীসমূহৰ মুৰব্বী (চিডিএছ) বিপিন ৰাৱটৰ শোকাৱহ মৃত্যুৰ ঘটনাই দেশজুৰি চাঞ্চল্য অব্যাহত ৰাখিছে৷ দুৰ্ঘটনাটোত জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱটসহ মুঠ তেৰগৰাকী লোকৰ মৃত্যু হয়৷সেনাৰ সুৰক্ষাত ক’ৰবাত খুঁত আছে নেকি? এতিয়া বিপিন ৰাৱটৰ মৃত্যুৰ পাছত উদ্ৰেক হৈছে বহু প্ৰশ্নৰ৷ দেশৰ সামৰিকবাহিনীসমূহৰ মুৰব্বীগৰাকী আৰোহী হোৱা হেলিকপ্টাৰখনৰ বিজুতি হ'ল কেনেকৈ? বিপিন ৰাৱটসহ ১৪ গৰাকী সেনা বিষয়াক কঢ়িয়াই নিয়া ‘এম আই-১৭ ভি ৫’ হেলিকপ্টাৰখন বায়ুসৈন্য বাহিনীৰ অতি শক্তিশালী তথা নিৰ্ভৰযোগ্য হেলিকপ্টাৰসমূহৰ অন্যতম বুলি জনা যায়৷

সাধাৰণতে এনে হেলিকপ্টাৰত যাত্ৰাপথত কোনো সমস্যা নহয়৷ যাৰবাবে সম্প্ৰতি বিশেষজ্ঞসকল দুৰ্ঘটনাৰ কাৰণ উদ্ধাৰক লৈ বিমোৰত পৰিছে৷ দেশৰ সেনাপ্ৰধান আৰু সেনাবিষয়াক কঢ়িয়াই নিয়া হেলিকপ্টাৰখনৰ যান্ত্ৰিক বিষয়বোৰ পৰীক্ষা কৰা হৈছিলনে অথবা দুৰ্ঘটনা হ’ব পৰাৰ কোনো আগতীয়া সম্ভেদ আছিল নেকি হেলিকপ্টাৰখনৰ, এই প্ৰশ্ন এতিয়া দেশবাসীৰ মাজত চৰ্চিত হৈছে৷ এগৰাকী সেনা জোৱান ৰাষ্ট্ৰৰ সুৰক্ষা ব্যৱস্থাৰ সৈতে অহৰ্নিশে জড়িত হৈ থাকে৷ তেওঁলোকক ভাৰসা কৰিয়ে শান্তিৰে টোপনি যায় দেশবাসী৷ তেওঁলোকৰ হাততেই দেশৰ সুৰক্ষা ব্যৱস্থাৰ চাবিকাঠী৷ দেশৰক্ষাৰ একোগৰাকী সেনানী দেশৰ সম্পদ৷ ভাৰতত বিপিন ৰাৱট মাত্ৰ এগৰাকীয়েই আছিল৷ তেওঁৰ সুৰক্ষা, নিৰাপত্তা, তেওঁৰ বাহন, আকাশীযান ইত্যাদি সকলো দিশত নিখুঁত ব্যৱস্থা থকা বুলিয়েই ভবা যায়৷ আৰু থকাতোও উচিত৷

তৎসত্ত্বেও, ৰাৱট সহিতে তেৰগৰাকী সেনাবিষয়াক কঢ়িয়াই নিয়া হেলিকপ্টাৰখনৰ ক’ৰবাত ক্ৰটী ৰৈ গ’ল নেকি? বিপিন ৰাৱটে উৰা মাৰিব লগা হেলিকপ্টাৰখনৰ দুৰ্ঘটনা কেনেকৈ হ’বলৈ পালে? বিপিন ৰাৱটৰ দেশপ্ৰেমক হাজাৰটা চেল্যুট৷ এক সংগ্ৰামী যাত্ৰাৰে তেওঁ দেশৰক্ষাৰ গুৰুদায়িত্ব চম্ভালি আহিছিল৷ অথচ, তেওঁৰেই নিৰাপত্তাত যেন কোনোবাখিনিত কেৰোণ ৰৈ গৈছিল৷ ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনীৰ এগৰাকী জোৱানৰ মৃত্যু দেশৰ বৃহৎ শক্তি৷ ইয়াৰ পূৰ্বেও দেশৰ বৈদেশিক আৰু আভ্যন্তৰীণ নিৰাপত্তাক প্ৰশ্ন তুলি সংঘটিত হৈছিল পুলৱামা কাণ্ড৷

আনহাতে, সেনাই ব্যৱহাৰ কৰিবলগা ৰাফেল যুদ্ধবিমান ক্ৰয়ৰ ক্ষেত্ৰতো সংঘটিত হোৱা কেলেংকাৰিৰ বাতৰিয়ে এতিয়াও সংবাদ শিৰোনাম দখল কৰি আছে৷ বফৰ্ছ কেলেংকাৰিয়েও চাঞ্চল্যৰ সৃষ্টি কৰিছিল এসময়ত৷ এনেকৈ সময়ে সময়ে ৰাষ্ট্ৰসুৰক্ষাৰ সৈতে জড়িত সেনানীসকলৰ সৈতে হৈ থকা বিশৃংখলতাই দেশৰ নিৰাপত্তাজনিত দিশৰ দুৰ্বলতাক প্ৰকট কৰি তোলে৷ কালি বিপিন ৰাৱটৰ মৃত্যুৰ ঘটনাই ইতিমধ্যে ভাৰতৰ পৰিধি ভাঙি বিশ্বজুৰি চৰ্চিত হৈছে৷ এনেবোৰ বিষয়ে দেশৰ সন্মানো লাঘৱ কৰে৷ দেশৰ বৈদেশিক নীতি আৰু আভ্যন্তৰীণ প্ৰতিৰক্ষাজনিত দিশতো সৃষ্টি কৰে প্ৰশ্নবোধক৷ সেয়ে, দেশবাসীক আশ্বস্ত কৰিব পৰাকৈ দেশৰ সুৰক্ষা ব্যৱস্থা শৃংখলাবদ্ধ হোৱাতো দেশৰ প্ৰতিগৰাকী জনসাধাৰণে আন্তৰিকতাৰে কামনা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ