--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিচিচিআইৰ সভাপতিৰ ম্যাদ শেষ হৈ আহিছে সৌৰভ গাংগুলীৰ। ইতিমধ্যে ব’ৰ্ডৰ সভাপতিৰ পদৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ ৰ’জাৰ বিন্নীৰ নাম চৰ্চাত আছে। তেনে সময়তে গাংগুলীক কেন্দ্ৰ কৰি তীব্ৰ ৰাজনৈতিক বাকযুদ্ধত ব্যস্ত হৈ পৰিছে তৃণমূল কংগ্ৰেছ আৰু বিজেপি।

তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছে যে গাংগুলীৰ সভাপতি পদ বাহাল ৰখাৰ ক্ষেত্ৰত বিজেপিয়ে ভেণ্ডেটা ৰাজনীতিৰ আশ্ৰয় লৈছে। টুইটাৰযোগে তৃণমূল সাংসদ শান্তনু সেনে লিখে যে অমিত শ্বাহৰ পুত্ৰই যদি বিচিচিআইৰ সচিব পদত বাহাল থাকিব পাৰে, তেন্তে গাংগুলীয়ে কিয় নোৱাৰিব?

সেনে অভিযোগ কৰে যে গাংগুলীয়ে বিজেপিত যোগদান নকৰা বাবেই তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰা হৈছে। তদুপৰি তৃণমূলৰ চৰকাৰ থকা পশ্চিম বংগৰ লোক হোৱা বাবেও গাংগুলীয়ে অগ্ৰাধিকাৰ পোৱা নাই।

সংবাদ মাধ্যমক দিয়া এক ভাষ্যত সেনে কয় যে চলিত বৰ্ষৰ মে’ মাহত গাংগুলীৰ বাসগৃহলৈ গৃহমন্ত্ৰী অমিত শ্বাহ আহিছিল। শ্বাহে গাংগুলীক বিজেপিত যোগদান কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰিছিল। তদুপৰি বংগত মমতা বেনাৰ্জীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলৈও তেওঁক অনুৰোধ কৰা হৈছিল।

কিন্তু অমিত শ্বাহৰ প্ৰস্তাৱটো গাংগুলীয়ে প্ৰত্যাখ্যান কৰে। সেইবাবেই বিচিচিআইৰ পৰা গাংগুলীক আতঁৰোৱাৰ ষড়যন্ত্ৰ চলিছে- সেনে কয়।

আনহাতে, তৃণমূলৰ এই অভিযোগৰ প্ৰত্যুত্তৰত বিজেপিৰ বংগ সভাপতি দিলীপ ঘোষে সাংবাদিকৰ আগত কয় যে সকলো অভিযোগ ভিত্তিহীন। ঘোষে কয় যে তৃণমূলে সকলো ক্ষেত্ৰতে ৰাজনীতি জড়িত কৰি আহিছে। বিচিচিআইৰ ভাবী সভাপতি ৰ’জাৰ বিন্নীৰ স’তে বিজেপিৰ কিবা সম্পৰ্ক আছে নেকি বুলিও ঘোষে প্ৰশ্ন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক