--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিচিচিআইৰ সভাপতিৰ ম্যাদ শেষ হৈ আহিছে সৌৰভ গাংগুলীৰ। ইতিমধ্যে ব’ৰ্ডৰ সভাপতিৰ পদৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ ৰ’জাৰ বিন্নীৰ নাম চৰ্চাত আছে। তেনে সময়তে গাংগুলীক কেন্দ্ৰ কৰি তীব্ৰ ৰাজনৈতিক বাকযুদ্ধত ব্যস্ত হৈ পৰিছে তৃণমূল কংগ্ৰেছ আৰু বিজেপি।

তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছে যে গাংগুলীৰ সভাপতি পদ বাহাল ৰখাৰ ক্ষেত্ৰত বিজেপিয়ে ভেণ্ডেটা ৰাজনীতিৰ আশ্ৰয় লৈছে। টুইটাৰযোগে তৃণমূল সাংসদ শান্তনু সেনে লিখে যে অমিত শ্বাহৰ পুত্ৰই যদি বিচিচিআইৰ সচিব পদত বাহাল থাকিব পাৰে, তেন্তে গাংগুলীয়ে কিয় নোৱাৰিব?

সেনে অভিযোগ কৰে যে গাংগুলীয়ে বিজেপিত যোগদান নকৰা বাবেই তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰা হৈছে। তদুপৰি তৃণমূলৰ চৰকাৰ থকা পশ্চিম বংগৰ লোক হোৱা বাবেও গাংগুলীয়ে অগ্ৰাধিকাৰ পোৱা নাই।

সংবাদ মাধ্যমক দিয়া এক ভাষ্যত সেনে কয় যে চলিত বৰ্ষৰ মে’ মাহত গাংগুলীৰ বাসগৃহলৈ গৃহমন্ত্ৰী অমিত শ্বাহ আহিছিল। শ্বাহে গাংগুলীক বিজেপিত যোগদান কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰিছিল। তদুপৰি বংগত মমতা বেনাৰ্জীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলৈও তেওঁক অনুৰোধ কৰা হৈছিল।

কিন্তু অমিত শ্বাহৰ প্ৰস্তাৱটো গাংগুলীয়ে প্ৰত্যাখ্যান কৰে। সেইবাবেই বিচিচিআইৰ পৰা গাংগুলীক আতঁৰোৱাৰ ষড়যন্ত্ৰ চলিছে- সেনে কয়।

আনহাতে, তৃণমূলৰ এই অভিযোগৰ প্ৰত্যুত্তৰত বিজেপিৰ বংগ সভাপতি দিলীপ ঘোষে সাংবাদিকৰ আগত কয় যে সকলো অভিযোগ ভিত্তিহীন। ঘোষে কয় যে তৃণমূলে সকলো ক্ষেত্ৰতে ৰাজনীতি জড়িত কৰি আহিছে। বিচিচিআইৰ ভাবী সভাপতি ৰ’জাৰ বিন্নীৰ স’তে বিজেপিৰ কিবা সম্পৰ্ক আছে নেকি বুলিও ঘোষে প্ৰশ্ন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু