--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত এদিনীয়া শৃংখলাৰ অন্তিম তথা নিৰ্ণায়ক এদিনীয়াত আজি নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় ক্ৰিকেট দল। প্ৰথম মেচত জয়ৰ কাষ চাপিও মাত্ৰ ৯ ৰানত থমকিবলগীয়া হোৱা যুৱ খেলুৱৈৰে গঠিত ভাৰতে দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই দ্বিতীয় মেচত সহজ জয় লাভ কৰাৰ পাছত আজি নিৰ্ণায়ক মেচতো সহজ জয়েৰে শৃংখলা দখল কৰাৰ দিশে গতি কৰিছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ মেচখনত ভাৰতীয় বলিং আক্ৰমণৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সমুখত নিষ্প্ৰভ হৈ পৰে  দক্ষিণ আফ্ৰিকাৰ বেটিং শক্তি। 

প্ৰথমৰ পৰাই ভাৰতীয় বলাৰৰ সমুখত অসহায় হৈ পৰা প্ৰটিয়াছ বাহিনীয়ে আজি শতকৰ ঘৰ স্পৰ্শ কৰাতো বিফল হয়। দলটোৰ এই বিপৰ্যয়ৰ মূলতে আছিল ভাৰতৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱৰ দুৰন্ত প্ৰদৰ্শনৰ। স্পীন ঘূৰ্ণীৰে দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন-আপত খহনীয়াৰ সৃষ্টি কৰা যাদৱে ৪.১ অভাৰত ১ অভাৰ মেইডেনসহ ১৮ ৰানত ৪ টা উইকেট দখল কৰে। যাদৱৰ লগতে দলৰ আন কেইগৰাকী বলাৰেও উজ্জীৱীত প্ৰদৰ্শন দাঙি ধৰে।

ইনিংছৰ তৃতীয় অভাৰতে তাৰকা অপেনাৰ কুইণ্টন ডি ক’কক পেভিলিয়নৰ পথ দেখুৱাই দক্ষিণ আফ্ৰিকাৰ শিবিৰত প্ৰথমটো আঘাত সানে ৱাশ্বিংটন সুন্দৰে। ইয়াৰ পাছতে তাচপাতৰ দৰে খহি পৰে দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন-আপ। দলটোৰ কেৱল তিনিগৰাকী বেটাৰেহে দহকৰ সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয়। মিডল অৰ্ডাৰ বেটাৰ হেনৰিক ক্লাছেনে সৰ্বাধিক ৩৪ ৰানৰ অৱদান আগবঢ়োৱাৰ বিপৰীতে অপেনাৰ মালানে ১৫ আৰু টেইল এণ্ডাৰ বেটাৰ মাৰ্কো জেনচেনে ১৪ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ সন্মিলিত বলিং আক্ৰমণত দিশহাৰা হৈ পৰা ভ্ৰমণকাৰী দলটোৱে মাত্ৰ ৯৯ ৰানতে ইনিংছ সামৰে। কুলদীপৰ উপৰি সুন্দৰ, চিৰাজ আৰু শ্বাহবাজ আহমেদে দুটাকৈ উইকেট লাভ কৰে। ইফালে মাত্ৰ ১০০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ইতিমধ্যে এক আক্ৰমণাত্মক আৰম্ভণি কৰিছে। অপেনাৰ তথা অধিনায়ক ধাৱানে ৮ ৰান কৰি দুৰ্ভাগ্যজনকভাৱে ৰান আউট হ’লেও গিলে ২৪ বলত ৩০ ৰান কৰি বেটিং কৰি আছে। হাতত ৯ টা উইকেট বাকী থকা অৱস্থাত ভাৰতক জয়ৰ বাবে ৪৪ অভাৰত মাত্ৰ ৫৮ ৰানৰ প্ৰয়োজন।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক