--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত এদিনীয়া শৃংখলাৰ অন্তিম তথা নিৰ্ণায়ক এদিনীয়াত আজি নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় ক্ৰিকেট দল। প্ৰথম মেচত জয়ৰ কাষ চাপিও মাত্ৰ ৯ ৰানত থমকিবলগীয়া হোৱা যুৱ খেলুৱৈৰে গঠিত ভাৰতে দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই দ্বিতীয় মেচত সহজ জয় লাভ কৰাৰ পাছত আজি নিৰ্ণায়ক মেচতো সহজ জয়েৰে শৃংখলা দখল কৰাৰ দিশে গতি কৰিছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ মেচখনত ভাৰতীয় বলিং আক্ৰমণৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সমুখত নিষ্প্ৰভ হৈ পৰে  দক্ষিণ আফ্ৰিকাৰ বেটিং শক্তি। 

প্ৰথমৰ পৰাই ভাৰতীয় বলাৰৰ সমুখত অসহায় হৈ পৰা প্ৰটিয়াছ বাহিনীয়ে আজি শতকৰ ঘৰ স্পৰ্শ কৰাতো বিফল হয়। দলটোৰ এই বিপৰ্যয়ৰ মূলতে আছিল ভাৰতৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱৰ দুৰন্ত প্ৰদৰ্শনৰ। স্পীন ঘূৰ্ণীৰে দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন-আপত খহনীয়াৰ সৃষ্টি কৰা যাদৱে ৪.১ অভাৰত ১ অভাৰ মেইডেনসহ ১৮ ৰানত ৪ টা উইকেট দখল কৰে। যাদৱৰ লগতে দলৰ আন কেইগৰাকী বলাৰেও উজ্জীৱীত প্ৰদৰ্শন দাঙি ধৰে।

ইনিংছৰ তৃতীয় অভাৰতে তাৰকা অপেনাৰ কুইণ্টন ডি ক’কক পেভিলিয়নৰ পথ দেখুৱাই দক্ষিণ আফ্ৰিকাৰ শিবিৰত প্ৰথমটো আঘাত সানে ৱাশ্বিংটন সুন্দৰে। ইয়াৰ পাছতে তাচপাতৰ দৰে খহি পৰে দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন-আপ। দলটোৰ কেৱল তিনিগৰাকী বেটাৰেহে দহকৰ সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয়। মিডল অৰ্ডাৰ বেটাৰ হেনৰিক ক্লাছেনে সৰ্বাধিক ৩৪ ৰানৰ অৱদান আগবঢ়োৱাৰ বিপৰীতে অপেনাৰ মালানে ১৫ আৰু টেইল এণ্ডাৰ বেটাৰ মাৰ্কো জেনচেনে ১৪ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ সন্মিলিত বলিং আক্ৰমণত দিশহাৰা হৈ পৰা ভ্ৰমণকাৰী দলটোৱে মাত্ৰ ৯৯ ৰানতে ইনিংছ সামৰে। কুলদীপৰ উপৰি সুন্দৰ, চিৰাজ আৰু শ্বাহবাজ আহমেদে দুটাকৈ উইকেট লাভ কৰে। ইফালে মাত্ৰ ১০০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ইতিমধ্যে এক আক্ৰমণাত্মক আৰম্ভণি কৰিছে। অপেনাৰ তথা অধিনায়ক ধাৱানে ৮ ৰান কৰি দুৰ্ভাগ্যজনকভাৱে ৰান আউট হ’লেও গিলে ২৪ বলত ৩০ ৰান কৰি বেটিং কৰি আছে। হাতত ৯ টা উইকেট বাকী থকা অৱস্থাত ভাৰতক জয়ৰ বাবে ৪৪ অভাৰত মাত্ৰ ৫৮ ৰানৰ প্ৰয়োজন।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু