--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-টুৱেণ্টি বিশ্বকাপৰ প্ৰাকমুহূৰ্তত পুনৰ মেচ ফিক্সিং কাণ্ড সংঘটিত হৈছে৷ মেচ ফিক্সিঙত জড়িত থকাৰ বাবে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ এগৰাকী ক্ৰিকেটাৰ মেহাৰ ছায়াকৰক গভীৰ শাস্তি প্ৰদান কৰিছে৷

আইচিচিয়ে ছায়াকৰক ১৪ বছৰৰ বাবে ক্ৰিকেটৰ পৰা নিৰ্বাসন দিছে৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আমিৰশ্বাহীৰ চাৰিগৰাকী ক্ৰিকেটাৰক বিগত ডেৰ বছৰৰ ভিতৰত নিৰ্বাসিত কৰিছিল আইচিচিয়ে৷

এইবাৰ নিৰ্বাসন দিয়া ছায়াকৰৰ বিৰুদ্ধেও একাধিকবাৰ মেচ ফিক্সিঙৰ অভিযোগ উঠি আহিছে৷ আইচিচিৰ দুৰ্নীতি নিবাৰণ সংক্ৰান্তীয় সাত নম্বৰ ধাৰা অনুসৰি এই শাস্তি প্ৰদান কৰা হৈছে তেওঁক৷

অভিযোগ অনুসৰি, ২০১৯ চনৰ এপ্ৰিল মাহত জিম্বাবুৱে বনাম আমিৰশ্বাহী চিৰিজ, কানাডাৰ জি টি-টুৱেণ্টি প্ৰতিযোগিতাত ছায়াকৰে মেচ ফিক্সিং কৰিছিল৷ ইয়াৰ পূৰ্বে ২০১৮ চনতো তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল৷

উল্লেখযোগ্য যে ছায়াকৰ এগৰাকী ভাৰতীয় বংশোদ্ভৱ ক্ৰিকেটাৰ৷ ভাৰতত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰগৰাকীয়ে আমিৰশ্বাহীৰ বাসিন্দা হোৱাৰ সূত্ৰে সেই দেশখনৰ হৈ ক্ৰিকেট খেলি আহিছে৷

ছায়াকৰৰ পূৰ্বেও মেচ ফিক্সিঙত যুক্ত থকাৰ অভিযোগত আমিৰশ্বাহীৰ প্ৰাক্তন অধিনায়ক মহম্মদ নাভিদ আৰু প্ৰাক্তন বেটাৰ আনোৱাৰ বাটক ২০২১ চনৰ মাৰ্চ মাহত আঠ মাহৰ বাবে নিৰ্বাসিত কৰা হৈছিল৷ তদুপৰি প্ৰাক্তন উইকেট কীপাৰ গুলাম শ্বাব্বিৰকো একে বৰ্ষৰে ছেপ্টেম্বৰ মাহত চাৰি বছৰৰ বাবে নিৰ্বাসন দিয়া হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক