--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এইবাৰ বিদেশৰ মাটিতো কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী।  বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চত। দেশত কিদৰে বিজেপিয়ে বিস্ফোৰণ প্ৰৱণ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই কথা অভিযোগ উত্থাপন কৰিলে অতি স্পষ্টভাৱে।   
লণ্ডনত ‘কেমব্ৰিজ ইউনিভাৰ্চিটী আইডিয়াজ ফৰ ইণ্ডিয়া’ অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে বিজেপিয়ে সমগ্ৰ দেশতে কেৰাচিন ছটিয়াইছে আৰু এটা মাত্ৰ স্ফুলিঙ্গই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত কৰিব পাৰে। ৰাহুলে কয় যে, ভাৰত এতিয়া ভাল স্থিতিত থকা নাই। বিজেপিয়ে সমগ্ৰ দেশতে কেৰাচিন ছটিয়াই আছে। এটা মাত্ৰ স্ফূলিংগই দেশত বৃহৎ সমস্যাৰ সৃষ্টি কৰিব পাৰে। মই ভাবোঁ যে, ব্যক্তি, সম্প্ৰদায়, ৰাজ্য আৰু ধৰ্মক একত্ৰিত কৰাটো বিৰোধী, কংগ্ৰেছৰ দায়িত্ব। আমি এই উত্তেজনা আৰু উষ্ণতা প্ৰশমিত কৰিব লাগিব, অন্যথা কথাবোৰৰ অধিক অৱনতি ঘটিব পাৰে। 

ইফালে, ৰাহুলৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিয়ে। বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাহুলক প্ৰত্যুত্তৰ দি কয় যে, কেৰাচিন কংগ্ৰেছ দলে ছটিয়াইছে। ১৯৮৪ চনত সংঘটিত গণহত্যা কংগ্ৰেছ দলৰ নেতাসকলেই সংঘটিত কৰোঁৱাইছিল। সেই মাটিত কেৰাচিন ঢালাসকলো কংগ্ৰেছৰ নেতাই আছিল।

তেওঁ লগতে অভিযোগ কৰে যে, ৰাহুল গান্ধীয়ে লণ্ডনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ আলোচনা চক্ৰলৈ গৈ দেশৰ ভাবমূৰ্তি বিনষ্ট কৰিছে। ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালে যে তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি বিষোদগাৰ কৰিবলৈ গৈ ভাৰত মাতৃৰ বিৰুদ্ধেও মন্তব্য কৰিবলৈ আৰম্ভ কৰাটো তেওঁলোকৰ অভ্যাসত পৰিণত হৈছে। নিৰাশ কংগ্ৰেছ আৰু ইয়াৰ বিফল নেতা ৰাহুল গান্ধীয়ে যেতিয়াই বিদেশৰ মাটিলৈ যায়, সেয়া লণ্ডন, আমেৰিকা যুক্তৰাষ্ট্ৰ বা ছিংগাপুৰ নহওক কিয়,  তেওঁলোকৰ অভিব্যক্তিয়ে প্ৰকট কৰি তোলে যে কংগ্ৰেছ দলে ১৯৮৪ চনৰ পৰা দেশখনৰ সম্প্ৰীতি বিঘ্নিত কৰা তথা ভাৱমূৰ্তি বিনষ্ট কৰাৰে চেষ্টা কৰি আহিছে। আপুনি বিজেপিৰ বিৰোধিতা কৰিব পাৰে, ই স্বাস্থ্যকৰ গণতান্ত্ৰিক পৰম্পৰাৰ এটা অংশ। কিন্তু যদি আপুনি আমাৰ দেশৰ বিৰুদ্ধে আপত্তিজনক কথা কয়, যদি আপুনি ভিত্তিহীন অভিযোগ কৰে, তেন্তে কেৱল বিজেপিয়েই ইয়াৰ তীব্ৰ বিৰোধিতা নকৰে, দেশৰ ৰাইজেও ইয়াৰ বিৰোধিতা কৰিব।

ইফালে, ৰাহুলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চিবিআইৰ দৰে প্ৰতিষ্ঠানৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু ভাৰতক পাকিস্তানৰ সৈতে তুলনা কৰিছে। আৰ এছ এছকো তীব্ৰ সমালোচনা কৰে। ইয়াৰ উপৰি, ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ পৰাজয়ৰ বাবে মেৰুকৰণ আৰু সংবাদ মাধ্যমৰ ওপৰত ক্ষমতাসীন দলৰ নিয়ন্ত্ৰণক দায়ী কৰে। তেওঁ কয় যে আৰ এছ এছে জনসাধাৰণৰ মাজত নিজৰ স্থান গঢ়ি তুলিছে, কংগ্ৰেছ আৰু বিৰোধী দলসমূহে একেটা কৰিব লাগে আৰু তেওঁলোকক ভোট নিদিয়া ৬০-৭০ শতাংশ লোকক একত্ৰিত কৰিব লাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ