--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বৃদ্ধি পাইছে আয়ৰ বৈষম্য। প্রধানমন্ত্রীৰ অর্থনৈতিক উপদেষ্টা পৰিষদে প্রধানমন্ত্রীক দাখিল কৰিলে এই প্ৰতিবেদন৷ দেশৰ জনসাধাৰণৰ অৰ্থনৈতিক সমৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়াৰ জৰুৰী প্ৰয়োজনীয়তা আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এফালে ধনী শ্ৰেণীৰ লোকসকলৰ আয় এক শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে দৰিদ্ৰ লোকসকল দিনক দিনে দৰিদ্ৰ হৈ পৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

বিত্তীয় পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, সাধাৰণ নাগৰিকৰ সামগ্ৰিক অৱস্থা উন্নত হৈছে। উদাহৰণস্বৰূপে, পূৰ্বতকৈ অধিক পৰিয়ালে খোৱাপানী আৰু শৌচাগাৰৰ সুবিধা লাভ কৰিছে। ইয়াৰ লগে লগে আয়ৰ সমতা পুনৰুদ্ধাৰ, দৰিদ্ৰতা হ্ৰাস আৰু কৰ্মসংস্থাপনৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি, মুঠ আয়ৰ ৫ৰ পৰা ৬ শতাংশ ১ শতাংশ ধনী শ্ৰেণীৰ হাতত আছে। আনহাতে, ১৫ শতাংশ নাগৰিকৰ মাহিলী আয় ৫ হাজাৰ টকাতকৈও কম। ইফালে, যিসকলৰ গড় মাহিলী আয় ২৫ হাজাৰ টকা, তেওঁলোক এতিয়া আয়ৰ ক্ষেত্ৰত শীৰ্ষ ১০ শতাংশৰ ভিতৰত আছে। যি জনসাধাৰণৰ মুঠ আয়ৰ ৩০-৩৫ শতাংশ।

আটাইতকৈ চিন্তনীয় কথাটো হ’ল, তালিকাত থকা তলৰ ১০ শতাংশ লোকৰ আয় আৰু অধিক হ্ৰাস পাইছে। আনহাতে, শীৰ্ষ ১ শতাংশ ধনী শ্ৰেণীৰ আৰ্থিক অৱস্থাৰ অগ্ৰগতি বিদ্যমান। একে সময়তে চহৰ অঞ্চল আৰু গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ মাজত আৰ্থিক বৈষম্য বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এনে অৱস্থাত গাঁও অঞ্চলসমূহৰ অৱস্থা দিনক দিনে কৰুণ ৰূপ লৈছে।  

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে বিশ্ব বেংকে তেওঁলোকৰ বিত্তীয় সমীক্ষাৰ পিছত কৈছিল যে ভাৰতত দৰিদ্ৰতা হ্ৰাস পোৱাৰ পিছতো এই হাৰ হ্ৰাস হোৱা নাই। সেই সময়ত তেওঁলোকে এইটোও কৈছিল যে ২০০৪ চনৰ পৰা ২০১১ চনলৈ দেশত দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস পাইছে, কিন্তু ২০১১ চনৰ পৰা ২০১৯ চনলৈ নহয়। বিগত কেইসপ্তাহমানৰ ভিতৰত দেশত অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি, ইন্ধনৰ মূল্যবৃদ্ধি, শ্বেয়াৰ বজাৰৰ বিপৰ্যয় আৰু টকাৰ মূল্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিবেদন অতি উদ্বেগজনক বুলি বিবেচনা কৰিছে অৰ্থনীতিবিদসকলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন