--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বৃদ্ধি পাইছে আয়ৰ বৈষম্য। প্রধানমন্ত্রীৰ অর্থনৈতিক উপদেষ্টা পৰিষদে প্রধানমন্ত্রীক দাখিল কৰিলে এই প্ৰতিবেদন৷ দেশৰ জনসাধাৰণৰ অৰ্থনৈতিক সমৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়াৰ জৰুৰী প্ৰয়োজনীয়তা আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এফালে ধনী শ্ৰেণীৰ লোকসকলৰ আয় এক শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে দৰিদ্ৰ লোকসকল দিনক দিনে দৰিদ্ৰ হৈ পৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

বিত্তীয় পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, সাধাৰণ নাগৰিকৰ সামগ্ৰিক অৱস্থা উন্নত হৈছে। উদাহৰণস্বৰূপে, পূৰ্বতকৈ অধিক পৰিয়ালে খোৱাপানী আৰু শৌচাগাৰৰ সুবিধা লাভ কৰিছে। ইয়াৰ লগে লগে আয়ৰ সমতা পুনৰুদ্ধাৰ, দৰিদ্ৰতা হ্ৰাস আৰু কৰ্মসংস্থাপনৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি, মুঠ আয়ৰ ৫ৰ পৰা ৬ শতাংশ ১ শতাংশ ধনী শ্ৰেণীৰ হাতত আছে। আনহাতে, ১৫ শতাংশ নাগৰিকৰ মাহিলী আয় ৫ হাজাৰ টকাতকৈও কম। ইফালে, যিসকলৰ গড় মাহিলী আয় ২৫ হাজাৰ টকা, তেওঁলোক এতিয়া আয়ৰ ক্ষেত্ৰত শীৰ্ষ ১০ শতাংশৰ ভিতৰত আছে। যি জনসাধাৰণৰ মুঠ আয়ৰ ৩০-৩৫ শতাংশ।

আটাইতকৈ চিন্তনীয় কথাটো হ’ল, তালিকাত থকা তলৰ ১০ শতাংশ লোকৰ আয় আৰু অধিক হ্ৰাস পাইছে। আনহাতে, শীৰ্ষ ১ শতাংশ ধনী শ্ৰেণীৰ আৰ্থিক অৱস্থাৰ অগ্ৰগতি বিদ্যমান। একে সময়তে চহৰ অঞ্চল আৰু গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ মাজত আৰ্থিক বৈষম্য বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এনে অৱস্থাত গাঁও অঞ্চলসমূহৰ অৱস্থা দিনক দিনে কৰুণ ৰূপ লৈছে।  

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে বিশ্ব বেংকে তেওঁলোকৰ বিত্তীয় সমীক্ষাৰ পিছত কৈছিল যে ভাৰতত দৰিদ্ৰতা হ্ৰাস পোৱাৰ পিছতো এই হাৰ হ্ৰাস হোৱা নাই। সেই সময়ত তেওঁলোকে এইটোও কৈছিল যে ২০০৪ চনৰ পৰা ২০১১ চনলৈ দেশত দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস পাইছে, কিন্তু ২০১১ চনৰ পৰা ২০১৯ চনলৈ নহয়। বিগত কেইসপ্তাহমানৰ ভিতৰত দেশত অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি, ইন্ধনৰ মূল্যবৃদ্ধি, শ্বেয়াৰ বজাৰৰ বিপৰ্যয় আৰু টকাৰ মূল্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিবেদন অতি উদ্বেগজনক বুলি বিবেচনা কৰিছে অৰ্থনীতিবিদসকলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ