--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিজেপিয়ে যোৱা ২৭ বছৰীয়া শাসনকালৰ দুৰ্নীতিৰ তথ্যসমূহ নষ্ট কৰিলে। গান্ধীনগৰত অৱস্থিত গুজৰাটৰ পুৰণা সচিবালয়টো ১৪ অক্টোবৰত অগ্নিদগ্ধ হোৱাৰ পাছদিনাই কংগ্ৰেছে এই অভিযোগ কৰিছে।

 

এটা টুইটযোগে কংগ্ৰেছে অভিযোগ কৰে যে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখিয়ে বিজেপি চৰকাৰে এই কাম কৰিছে। ইয়াৰ দ্বাৰা বিজেপি যে ক্ষমতাচ্যুত হ’ব তাৰ উমান পোৱা গৈছে আৰু সেইবাবেই আতংকিত হৈ সচিবালয়ত জুই লগাই চৰকাৰৰ দুৰ্নীতিৰ নথি পত্ৰসমূহ জ্বলাই পেলোৱা হ’ল- কংগ্ৰেছে টুইটটোত কয়।

 

উল্লেখযোগ্য যে ১৪ অক্টোবৰত গান্ধীনগৰস্থিত পুৰণা সচিবালয় ভৱনটোৰ কিছু অংশ জুইত জাহ যায়। বিশেষকৈ গ্ৰাম্য উন্নয়ন বিভাগৰ কাৰ্যালয়টোত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয়। প্ৰায় আঢ়ৈ ঘণ্টা ধৰি চলা এই অগ্নিকাণ্ডত অৱশ্যে কোনো লোকৰ হানি-বিঘিনি ঘটা নাই।

 

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাশ বিভিয়ে কয় যে এই অগ্নিকাণ্ডৰ দ্বাৰা গুজৰাট ফাইলছসমূহ নষ্ট কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ইয়াক কাকতালীয় সংযোগ নে এটা সম্পৰীক্ষা- সেই বিষয়েও তেওঁ প্ৰশ্ন কৰে।

 

উল্লেখ্য যে গুজৰাটত চলিত বৰ্ষৰ শেষৰফালে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াকে লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি লক্ষ্যণীয় হৈ পৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু