--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিজেপিয়ে যোৱা ২৭ বছৰীয়া শাসনকালৰ দুৰ্নীতিৰ তথ্যসমূহ নষ্ট কৰিলে। গান্ধীনগৰত অৱস্থিত গুজৰাটৰ পুৰণা সচিবালয়টো ১৪ অক্টোবৰত অগ্নিদগ্ধ হোৱাৰ পাছদিনাই কংগ্ৰেছে এই অভিযোগ কৰিছে।

 

এটা টুইটযোগে কংগ্ৰেছে অভিযোগ কৰে যে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখিয়ে বিজেপি চৰকাৰে এই কাম কৰিছে। ইয়াৰ দ্বাৰা বিজেপি যে ক্ষমতাচ্যুত হ’ব তাৰ উমান পোৱা গৈছে আৰু সেইবাবেই আতংকিত হৈ সচিবালয়ত জুই লগাই চৰকাৰৰ দুৰ্নীতিৰ নথি পত্ৰসমূহ জ্বলাই পেলোৱা হ’ল- কংগ্ৰেছে টুইটটোত কয়।

 

উল্লেখযোগ্য যে ১৪ অক্টোবৰত গান্ধীনগৰস্থিত পুৰণা সচিবালয় ভৱনটোৰ কিছু অংশ জুইত জাহ যায়। বিশেষকৈ গ্ৰাম্য উন্নয়ন বিভাগৰ কাৰ্যালয়টোত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয়। প্ৰায় আঢ়ৈ ঘণ্টা ধৰি চলা এই অগ্নিকাণ্ডত অৱশ্যে কোনো লোকৰ হানি-বিঘিনি ঘটা নাই।

 

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাশ বিভিয়ে কয় যে এই অগ্নিকাণ্ডৰ দ্বাৰা গুজৰাট ফাইলছসমূহ নষ্ট কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ইয়াক কাকতালীয় সংযোগ নে এটা সম্পৰীক্ষা- সেই বিষয়েও তেওঁ প্ৰশ্ন কৰে।

 

উল্লেখ্য যে গুজৰাটত চলিত বৰ্ষৰ শেষৰফালে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াকে লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি লক্ষ্যণীয় হৈ পৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক