--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসুৰক্ষাজনিত কাৰণতেই হওঁক বা আন কাৰণতেই হওঁক যান-বাহন আৰক্ষীয়ে ৰাজপথত যান-বাহনৰ তালাচী চলোৱাতো স্বাভাৱিক কথা। কিন্তু এনে কৰোতেও কেতিয়াবা ট্ৰেফিক আৰক্ষীয়ে জ্ঞাতসাৰে অথবা নিজৰ অজ্ঞাতেই ট্ৰেফিক আইন উলংঘা কৰে। বহু ক্ষেত্ৰত দেখা যায় যে তালাচীৰ সময়ত আৰক্ষীয়ে কাগজ-পত্ৰ পৰীক্ষা কৰি সন্তুষ্ট নহ’লে বাইকৰ চাবিপাত কাঢ়ি লয়। সাধাৰণ মানুহে এয়া আৰক্ষীৰ কৰ্তৃত্বৰ ভিতৰত পৰে বুলি মনে মনে থাকিবলৈ বাধ্য হয়। 

বেছিভাগ নাগৰিকে এই কাৰ্যক ট্ৰেফিক আৰক্ষীৰ এক ক্ষমতা হিচাবে মানি লয় যদিও   সঁচাকৈয়েট্ৰেফিক আৰক্ষীয়ে আপোনাৰ বাইকৰ চাবি কাঢ়ি ল’ব পাৰে নে? একেষাৰতে ক’বলৈ গ’লে নোৱাৰে।  জানে নে যে এনে কোনো আইন নাই যি আইনে  ট্ৰেফিক আৰক্ষীক  বাইকৰ চাবি কাঢ়ি নিয়াৰ অধিকাৰ  প্ৰদান কৰিছে।  চাবি উলিয়াই অনাৰ এই প্ৰথাৰে  দৰাচলতে বহু ট্ৰেফিক আৰক্ষীয়ে এক প্ৰকাৰে তেওঁলোকৰ বিভাগৰ আইনকে উলংঘা কৰি আহিছে। 

কিয়নো চৰকাৰী  নিয়ম অনুসৰিয়েই  কোনো আৰক্ষীৰ ৰাস্তাৰ মাজত আপোনাৰ বাহনৰ চাবি উলিয়াই অনাৰ অধিকাৰ নাই। এই সন্দৰ্ভত  অধিবক্তা পৱনে দাখিল কৰা তথ্য জনাৰ  অধিকাৰ(আৰটিআই) আইনৰ অধীনত কৰা প্ৰশ্নৰ উত্তৰত চৰকাৰী ভাবে   এইটো স্পষ্টকৈ কৰি দিয়া হৈছে যে যিকোনো দুই বা চাৰিচকীয়া বাহনৰ চাবি উলিয়াই অনাৰ অধিকাৰ ট্ৰেফিক আৰক্ষীৰ নাই। 

কোনো আৰক্ষীৰে, যিকোনো পদবী নিৰ্বিশেষে এনে কৰাৰ ক্ষমতা নাই। গতিকে এতিয়া যদি আপুনি এনে এক পৰিস্থিতিৰ সন্মুখীন হয়, য'ত কোনো আৰক্ষী বিষয়াই আপোনাৰ বাহনৰ চাবি উলিয়াবলৈ চেষ্টা কৰে, আপুনি আৰক্ষীৰ উৰ্ধতন মহলক  এই বিষয়ত অভিযোগ দাখিল কৰিব পাৰে। ইয়াৰ উপৰি আৰক্ষীয়ে হালধীয়া লাইনৰ বাহিৰত বা কোনো পাৰ্কিং এলেকাত ৰখাই থোৱা বাহনৰ টায়াৰ বোৰ ডিফ্লেট কৰিবও নোৱাৰে । এই কাৰ্য  যান-বাহনৰ নিয়মৰ বিৰোধী। 

ভাৰতীয় মটৰ  আইন, ১৯৩২ অনুসৰি সহকাৰী উপ-পৰিদৰ্শকৰ পদবীৰ ওপৰৰ ট্ৰেফিক বিষয়াসকলক যান-বাহন উলংঘন চালান বা জাননী প্ৰদান কৰিবলৈ কৰ্তৃত্ব দিয়া হয়, তেওঁলোকেহে  কেৱল ঠাইতে  জৰিমনা বিহিব পাৰে। কেৱল এ.এছ.আই. (এক-তাৰকা), উপ-পৰিদৰ্শক (দুই- তাৰকা) আৰু পৰিদৰ্শক (তিনি-তাৰকা)ক ঠাইতে জৰিমনা সংগ্ৰহ কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে।  আপুনি আপোনাৰ বাহন চলাই চলোৱাৰ সময়ত  মূল ড্ৰাইভিং লাইচেঞ্চ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰ আৰু আৰচি তথা বীমাৰ প্ৰতিলিপি সকলো সময়তে আপোনাৰ ওচৰত ৰখা উচিত। 

যদি এজন ট্ৰেফিক কনিষ্টবলে আপোনাৰ বাহনখন ৰখাই আপোনাক কাগজপত্ৰ দেখুৱাবলৈ আদেশ দিয়ে, তেনেহ'লে আপুনি এনে কৰিবলৈ অস্বীকাৰ কৰিব পাৰে আৰু ক'ব পাৰে যে আপুনি কেৱল এজন বিষয়াকহে কাগজ-পত্ৰ  দেখুৱাব। কেৱল সেয়াই নহয়, আপুনি তেওঁৰ উৰ্ধতম  কৰ্তৃপক্ষৰ ওচৰতো এই বিষয়ত  অভিযোগ দাখিল কৰিব পাৰে। আপুনি তেওঁৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰিব পাৰে বা ১০০ নম্বৰত ফোন কৰি   আৰক্ষী কনিষ্টবলে আপোনাক কৰা হাৰাশাস্তিৰ বিষয়ে  অৱগত কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement