--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসুৰক্ষাজনিত কাৰণতেই হওঁক বা আন কাৰণতেই হওঁক যান-বাহন আৰক্ষীয়ে ৰাজপথত যান-বাহনৰ তালাচী চলোৱাতো স্বাভাৱিক কথা। কিন্তু এনে কৰোতেও কেতিয়াবা ট্ৰেফিক আৰক্ষীয়ে জ্ঞাতসাৰে অথবা নিজৰ অজ্ঞাতেই ট্ৰেফিক আইন উলংঘা কৰে। বহু ক্ষেত্ৰত দেখা যায় যে তালাচীৰ সময়ত আৰক্ষীয়ে কাগজ-পত্ৰ পৰীক্ষা কৰি সন্তুষ্ট নহ’লে বাইকৰ চাবিপাত কাঢ়ি লয়। সাধাৰণ মানুহে এয়া আৰক্ষীৰ কৰ্তৃত্বৰ ভিতৰত পৰে বুলি মনে মনে থাকিবলৈ বাধ্য হয়। 

বেছিভাগ নাগৰিকে এই কাৰ্যক ট্ৰেফিক আৰক্ষীৰ এক ক্ষমতা হিচাবে মানি লয় যদিও   সঁচাকৈয়েট্ৰেফিক আৰক্ষীয়ে আপোনাৰ বাইকৰ চাবি কাঢ়ি ল’ব পাৰে নে? একেষাৰতে ক’বলৈ গ’লে নোৱাৰে।  জানে নে যে এনে কোনো আইন নাই যি আইনে  ট্ৰেফিক আৰক্ষীক  বাইকৰ চাবি কাঢ়ি নিয়াৰ অধিকাৰ  প্ৰদান কৰিছে।  চাবি উলিয়াই অনাৰ এই প্ৰথাৰে  দৰাচলতে বহু ট্ৰেফিক আৰক্ষীয়ে এক প্ৰকাৰে তেওঁলোকৰ বিভাগৰ আইনকে উলংঘা কৰি আহিছে। 

কিয়নো চৰকাৰী  নিয়ম অনুসৰিয়েই  কোনো আৰক্ষীৰ ৰাস্তাৰ মাজত আপোনাৰ বাহনৰ চাবি উলিয়াই অনাৰ অধিকাৰ নাই। এই সন্দৰ্ভত  অধিবক্তা পৱনে দাখিল কৰা তথ্য জনাৰ  অধিকাৰ(আৰটিআই) আইনৰ অধীনত কৰা প্ৰশ্নৰ উত্তৰত চৰকাৰী ভাবে   এইটো স্পষ্টকৈ কৰি দিয়া হৈছে যে যিকোনো দুই বা চাৰিচকীয়া বাহনৰ চাবি উলিয়াই অনাৰ অধিকাৰ ট্ৰেফিক আৰক্ষীৰ নাই। 

কোনো আৰক্ষীৰে, যিকোনো পদবী নিৰ্বিশেষে এনে কৰাৰ ক্ষমতা নাই। গতিকে এতিয়া যদি আপুনি এনে এক পৰিস্থিতিৰ সন্মুখীন হয়, য'ত কোনো আৰক্ষী বিষয়াই আপোনাৰ বাহনৰ চাবি উলিয়াবলৈ চেষ্টা কৰে, আপুনি আৰক্ষীৰ উৰ্ধতন মহলক  এই বিষয়ত অভিযোগ দাখিল কৰিব পাৰে। ইয়াৰ উপৰি আৰক্ষীয়ে হালধীয়া লাইনৰ বাহিৰত বা কোনো পাৰ্কিং এলেকাত ৰখাই থোৱা বাহনৰ টায়াৰ বোৰ ডিফ্লেট কৰিবও নোৱাৰে । এই কাৰ্য  যান-বাহনৰ নিয়মৰ বিৰোধী। 

ভাৰতীয় মটৰ  আইন, ১৯৩২ অনুসৰি সহকাৰী উপ-পৰিদৰ্শকৰ পদবীৰ ওপৰৰ ট্ৰেফিক বিষয়াসকলক যান-বাহন উলংঘন চালান বা জাননী প্ৰদান কৰিবলৈ কৰ্তৃত্ব দিয়া হয়, তেওঁলোকেহে  কেৱল ঠাইতে  জৰিমনা বিহিব পাৰে। কেৱল এ.এছ.আই. (এক-তাৰকা), উপ-পৰিদৰ্শক (দুই- তাৰকা) আৰু পৰিদৰ্শক (তিনি-তাৰকা)ক ঠাইতে জৰিমনা সংগ্ৰহ কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে।  আপুনি আপোনাৰ বাহন চলাই চলোৱাৰ সময়ত  মূল ড্ৰাইভিং লাইচেঞ্চ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰ আৰু আৰচি তথা বীমাৰ প্ৰতিলিপি সকলো সময়তে আপোনাৰ ওচৰত ৰখা উচিত। 

যদি এজন ট্ৰেফিক কনিষ্টবলে আপোনাৰ বাহনখন ৰখাই আপোনাক কাগজপত্ৰ দেখুৱাবলৈ আদেশ দিয়ে, তেনেহ'লে আপুনি এনে কৰিবলৈ অস্বীকাৰ কৰিব পাৰে আৰু ক'ব পাৰে যে আপুনি কেৱল এজন বিষয়াকহে কাগজ-পত্ৰ  দেখুৱাব। কেৱল সেয়াই নহয়, আপুনি তেওঁৰ উৰ্ধতম  কৰ্তৃপক্ষৰ ওচৰতো এই বিষয়ত  অভিযোগ দাখিল কৰিব পাৰে। আপুনি তেওঁৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰিব পাৰে বা ১০০ নম্বৰত ফোন কৰি   আৰক্ষী কনিষ্টবলে আপোনাক কৰা হাৰাশাস্তিৰ বিষয়ে  অৱগত কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু