--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিয়ে কাৰ্গিলৰ স্থানীয় লোকৰ ভূমি কাঢ়ি নি আদানিক হস্তান্তৰ কৰিব বিচাৰিছে। এই অভিযোগ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ। লাডাখ ভ্ৰমণৰ অন্তিম পৰ্বত  কাৰ্গিলত থকা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে লাডাখৰ জনসাধাৰণৰ ভূমি কাঢ়ি আদানি গোটক হস্তান্তৰ কৰিবলৈ চেষ্টা কৰাৰ বুলি  বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে।  ৰাহুল গান্ধীয়ে এইবুলি দাবী কৰে  যে বিজেপিয়ে লাডাখৰ লোকসকলক সঠিকভাবে প্ৰতিনিধিত্ব কৰা নাই । বিজেপিয়ে তেওঁলোকৰ ভূমি কাঢ়ি ল'ব বিচাৰে আৰু ইয়াক তেওঁলোকৰ নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে।ৰাহুল গান্ধীয়ে কয়  "বিজেপিয়ে লাডাখৰ  ভূমি আদানিক দিব বিচাৰে , যাতে তেওঁ ইয়াত তেওঁৰ কাৰখানা নিৰ্মাণ কৰিব পাৰে, কিন্তু এনে কামে  লাডাখবাসীক উপকৃত নকৰে। আমি কেতিয়াও এনে হ'বলৈ নিদিওঁ," ।

ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে  যে চীনে লাডাখত ভাৰতীয় ভূখণ্ড দখল কৰি আছে আৰু প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে মিছা মাতি আহিছে। তেওঁ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰা তেওঁৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত বেয়া বতৰ আৰু প্ৰশাসনিক কাৰণত  লাডাখ ভ্ৰমণ কৰিব নোৱাৰাৰ বিষয়েও কয়। তেওঁ কয়  যে তেওঁ এইবাৰ মটৰ চাইকেল চলাই তেওঁৰ ইচ্ছা পূৰণ কৰিছে।  

ৰাহুলে কয় "এই যাত্ৰাৰ উদ্দেশ্য হৈছে  দেশত বিজেপি-আৰ এছ এছৰ দ্বাৰা বিয়পি পৰা ঘৃণা আৰু হিংসাৰ বিৰুদ্ধে থিয় দিয়া... যাত্ৰাৰ বাৰ্তা হৈছে- 'আমি ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিবলৈ আহিছো''। মই নিজেই যোৱা কেইদিনমানত এয়া  দেখিছো। শীতকালত বৰফ পৰাৰ  বাবে মই ভাৰত জোড়ো যাত্ৰাৰ সময়ত লাডাখলৈ আহিব পৰা নাছিলো। লাডাখত যাত্ৰা কৰাৰ ইচ্ছা  মোৰ হৃদয়ত আছিল আৰু মই এইবাৰ মটৰ চাইকেলত উঠি আহি সেয়া  পূৰণ কৰিছো।"
তেওঁ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ স্থানীয় লোক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক লগ কৰাৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰে।  ৰাহুলে কয়  যে তেওঁলোকে লাডাখৰ লোকসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰিছে বুলি কৈছে। 


ৰাহুল গান্ধীয়ে  সামাজিক মাধ্যমৰ পোষ্টত কয়, "কাৰ্গিল যুদ্ধৰ সাহসিকতা আৰু শ্বহীদৰ কাহিনীয়ে আমাক গৌৰৱেৰে ভৰাই তুলিছে আৰু আমাক দেশৰ বাবে ত্যাগ কৰিবলৈ অনুপ্ৰাণিত কৰিছে৷’’ ৰাহুল গান্ধী কেন্দ্ৰীয় শাসিত অঞ্চললৈ দুদিনীয়া ভ্ৰমণৰ বাবে ১৭ আগষ্টত লেহত উপস্থিত হৈছিল আৰু পিছত তেওঁৰ ভ্ৰমণ ২৫ আগষ্টলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল৷তেওঁ তাত  সেনাৰ প্ৰাক্তন জোৱান  সকলৰ সৈতেও বাৰ্তালাপ কৰে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস