--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিয়ে কাৰ্গিলৰ স্থানীয় লোকৰ ভূমি কাঢ়ি নি আদানিক হস্তান্তৰ কৰিব বিচাৰিছে। এই অভিযোগ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ। লাডাখ ভ্ৰমণৰ অন্তিম পৰ্বত  কাৰ্গিলত থকা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে লাডাখৰ জনসাধাৰণৰ ভূমি কাঢ়ি আদানি গোটক হস্তান্তৰ কৰিবলৈ চেষ্টা কৰাৰ বুলি  বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে।  ৰাহুল গান্ধীয়ে এইবুলি দাবী কৰে  যে বিজেপিয়ে লাডাখৰ লোকসকলক সঠিকভাবে প্ৰতিনিধিত্ব কৰা নাই । বিজেপিয়ে তেওঁলোকৰ ভূমি কাঢ়ি ল'ব বিচাৰে আৰু ইয়াক তেওঁলোকৰ নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে।ৰাহুল গান্ধীয়ে কয়  "বিজেপিয়ে লাডাখৰ  ভূমি আদানিক দিব বিচাৰে , যাতে তেওঁ ইয়াত তেওঁৰ কাৰখানা নিৰ্মাণ কৰিব পাৰে, কিন্তু এনে কামে  লাডাখবাসীক উপকৃত নকৰে। আমি কেতিয়াও এনে হ'বলৈ নিদিওঁ," ।

ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে  যে চীনে লাডাখত ভাৰতীয় ভূখণ্ড দখল কৰি আছে আৰু প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে মিছা মাতি আহিছে। তেওঁ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰা তেওঁৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত বেয়া বতৰ আৰু প্ৰশাসনিক কাৰণত  লাডাখ ভ্ৰমণ কৰিব নোৱাৰাৰ বিষয়েও কয়। তেওঁ কয়  যে তেওঁ এইবাৰ মটৰ চাইকেল চলাই তেওঁৰ ইচ্ছা পূৰণ কৰিছে।  

ৰাহুলে কয় "এই যাত্ৰাৰ উদ্দেশ্য হৈছে  দেশত বিজেপি-আৰ এছ এছৰ দ্বাৰা বিয়পি পৰা ঘৃণা আৰু হিংসাৰ বিৰুদ্ধে থিয় দিয়া... যাত্ৰাৰ বাৰ্তা হৈছে- 'আমি ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিবলৈ আহিছো''। মই নিজেই যোৱা কেইদিনমানত এয়া  দেখিছো। শীতকালত বৰফ পৰাৰ  বাবে মই ভাৰত জোড়ো যাত্ৰাৰ সময়ত লাডাখলৈ আহিব পৰা নাছিলো। লাডাখত যাত্ৰা কৰাৰ ইচ্ছা  মোৰ হৃদয়ত আছিল আৰু মই এইবাৰ মটৰ চাইকেলত উঠি আহি সেয়া  পূৰণ কৰিছো।"
তেওঁ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ স্থানীয় লোক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক লগ কৰাৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰে।  ৰাহুলে কয়  যে তেওঁলোকে লাডাখৰ লোকসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰিছে বুলি কৈছে। 


ৰাহুল গান্ধীয়ে  সামাজিক মাধ্যমৰ পোষ্টত কয়, "কাৰ্গিল যুদ্ধৰ সাহসিকতা আৰু শ্বহীদৰ কাহিনীয়ে আমাক গৌৰৱেৰে ভৰাই তুলিছে আৰু আমাক দেশৰ বাবে ত্যাগ কৰিবলৈ অনুপ্ৰাণিত কৰিছে৷’’ ৰাহুল গান্ধী কেন্দ্ৰীয় শাসিত অঞ্চললৈ দুদিনীয়া ভ্ৰমণৰ বাবে ১৭ আগষ্টত লেহত উপস্থিত হৈছিল আৰু পিছত তেওঁৰ ভ্ৰমণ ২৫ আগষ্টলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল৷তেওঁ তাত  সেনাৰ প্ৰাক্তন জোৱান  সকলৰ সৈতেও বাৰ্তালাপ কৰে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল