--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া  সা- সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জ্বলা-কলা খুৱাইছে। বিগত ১৫ টা মহৰ ভিতৰত চলিত মাহতেই সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি হৈছে।  খুচুৰা বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ এটা ঢাপতে  প্ৰায় ৩ শতাংশ বৃদ্ধি পাইছে ।শেহতীয়াকৈ  দেশৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৭.৪৪ শতাংশত উপনীত হৈছে । এয়া  যোৱা ১৫ মাহৰ ভিতৰত  সৰ্বাধিক। জুন মাহত দেশত খুচুৰা মূল্য বৃদ্ধিৰ হাৰ আছিল ৪.৮১  শতাংশ। মে’ মাহত সেয়া আছিল ৪.৩১ শতাংশ ।

খাদ্য সামগ্ৰীৰ সাধাৰণ খুচুৰা মূল্য বৃদ্ধি ভয়াৱহ ভাবে হৈছে । কেন্দ্ৰীয় চৰকাৰৰ  তথ্য অনুসৰি, যোৱা বছৰৰ তুলনাত খোৱা তেল আৰু পাচলিৰ মূল্য বৃদ্ধি পাইছে। এনেবোৰ সামগ্ৰীৰ মূল্যবৃদ্ধি  ক্ৰমান্বয়ে সাধাৰণ গ্ৰাহকৰ সামৰ্থ্যৰ বাহিৰলৈ  গৈ আছে। পাচলিৰ উপভোক্তা মূল্য সূচক (চিপিআই) জুনৰ ৪.৮৭ শতাংশৰ পৰা জুলাইত ৬.৭১ শতাংশলৈ বৃদ্ধি পাইছে।

অত্যাৱশ্যকীয় সামগ্ৰী, বিশেষকৈ খাদ্য সামগ্ৰীৰ  মূল্য জুনৰ আৰম্ভণিৰে পৰা বৃদ্ধি হৈ আহিছে। বজাৰৰ সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰি কিছুমান অৰ্থনীতিবিদে কয় যে খুচুৰা বজাৰত মূল্য  আগষ্টত আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ সাধাৰণ মানুহৰ সমস্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত চলিত বিত্তীয় বৰ্ষত ৰিজাৰ্ভ বেঙ্কে খুচুৰা মুদ্ৰাস্ফীতি ৪ শতাংশলৈ নিয়ন্ত্ৰণ কৰাৰ যি লক্ষ্য বান্ধি লৈছিল সেয়া পূৰণ কৰাটো অসম্ভৱ হৈ পৰিছে। 

ইয়াৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয়  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে কয় যে এই বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ অৰ্থনৈতিক বিকাশ ভাল হ'ব বুলি আশা কৰা হৈছে । তেওঁ লগতে কয় যে  চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে  নিয়ন্ত্ৰণ কৰা। দেশত মুদ্ৰাস্ফীতিয়ে এতিয়া ১৫ মাহৰ ভিতৰত সৰ্বোচ্চ স্তৰত আছে । নতুন দিল্লীত এখন বৈঠকত  সীতাৰমণে  কয় যে চৰকাৰৰ মুখ্য অগ্ৰাধিকাৰৰ বিষয় হৈছে  আত্ম নিৰ্ভৰ  ভাৰত (স্বাৱলম্বী ভাৰত)ৰসপোন পূৰণ কৰা। কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ  আমদানি বন্ধ কৰাৰ কথা চিন্তা কৰা হোৱা নাই।  

তেওঁ  যোগান শৃংখলাৰবিষয়তো  গুৰুত্ব আৰোপ কৰে। ভাৰতক   দ্ৰুতগতিত বিকশিত হোৱা এক অৰ্থনীতি বুলি উল্লেখ কৰি তেওঁ কয় যে আৰু কেইদিনমানৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ প্ৰথম তিনিমাহৰ বাবে জিডিপিৰ পৰিমাণ  প্ৰকাশ কৰা হ'ব। সীতাৰমণে কয় -"দেশৰ অৰ্থনীতি  প্ৰথম তিনিমাহ ভালদৰে চলিছিল, সেয়েহে পিছৰ সংখ্যাটোও ভাল হ'ব লাগে," ।

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে (এনএছঅ') ৩১ আগষ্টত এপ্ৰিল-জুন তিনিমাহৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) তথ্য মুকলি কৰাৰ কথা আছে। সীতাৰমণে কয়  যে অৰ্থনৈতিক বিকাশৰ মুখ্য অগ্ৰাধিকাৰ হৈছে "মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা"। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস