--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে গৰিহণা দিছে আম আদমী পাৰ্টি নেতৃত্বাধীন দিল্লী চৰকাৰক। আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (আৰ আৰ টি এছ) প্ৰকল্প নিৰ্মাণৰ বাবে ধন যোগান ধৰিব নোৱাৰা বুলি প্ৰকাশ কৰাৰ বাবে দিল্লী চৰকাৰক গৰিহণা দিয়ে। 

সোমবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰক সমালোচনা কৰি পূৰ্বৰ তিনিটা বিত্তীয় বৰ্ষত বিজ্ঞাপনত ব্যয় কৰা ধনৰ সবিশেষ দাখিল কৰিবলৈ কয়।

উল্লেখ্য যে  এই প্ৰকল্পটোত দিল্লী আৰু উত্তৰ প্ৰদেশৰ মীৰুটৰ মাজত অৰ্ধ-গীতবেগী ৰে’ল কৰিড’ৰ হিচাপে গঢ়ি তোলাৰ কথা আছে।

মসৃণ যাতায়ত সুনিশ্চিত কৰিব পৰা প্ৰকল্পৰ বাবে চৰকাৰৰ হাতত কিয় ধন নাই বুলি প্ৰশ্ন উত্থাপন কৰে আদালতে। "বিজ্ঞাপনৰ বাবে যদি টকা আছে তেন্তে মসৃণ পৰিবহণ নিশ্চিত কৰিব পৰা প্ৰকল্পৰ বাবে টকা নাই কিয়?" উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰক প্ৰশ্ন কৰে।

"আপুনি কয় যে আপোনাৰ হাতত টকা নাই আমি জানিব বিচাৰো যে ই ক'লৈ গ'ল।" আদালতে মন্তব্য কৰে। ন্যায়াধীশ এছ কে কৌল আৰু সুধাংশু ঢুলীয়াৰে গঠিত বিভাগীয় বিচাৰপীঠে দুসপ্তাহৰ ভিতৰত পুঁজি আৰু পূৰ্বৰ খৰচৰ সবিশেষ সন্নিবিষ্ট কৰি শপতনামা দাখিল কৰিবলৈ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰক নিৰ্দেশ দিয়ে।

"দিল্লী চৰকাৰে এটা উমৈহতীয়া প্ৰকল্পৰ বাবে ধন আগবঢ়াবলৈ অক্ষমতা প্ৰকাশ কৰিছে। যিহেতু ধনৰ অভাৱ এই প্ৰকল্পৰ বাবে বাধা, গতিকে আমি দিল্লীৰ এনচিটিক আহ্বান জনাইছো যে বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰা ধন প্ৰকল্পটো যিদৰে আছে সেইদৰে উল্লেখ কৰি শপতনামা দাখিল কৰক। যোৱা বিত্তীয় বৰ্ষৰ বাবে সবিশেষ প্ৰদান কৰা হ’ব পাৰে।’- বিচাৰপীঠে কয়।

উল্লেখ্য যে দিল্লী-মীৰুট আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থাটো অৰ্ধ-গীতবেগী ৰে’ল কৰিডৰ হিচাপে গঢ়ি তোলাৰ কথা। দিল্লী, গাজিয়াবাদ আৰু মীৰুট চহৰক সংযোগ কৰিবৰ বাবে এই ৰেল কৰিড’ৰ। দিল্লী-মীৰুট কৰিডৰৰ দৈৰ্ঘ্য প্ৰায় ৮২ কিলোমিটাৰ। ২০১৯ চনৰ আদালতৰ নথি অনুসৰি এই প্ৰকল্পৰ আনুমানিক ব্যয় আছিল ৩১, ৬৩২ কোটি টকা। ই ৰেপিডএক্স প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ অধীনত তিনিটা ৰেপিড ৰেল কৰিডৰৰ অংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ