--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে গৰিহণা দিছে আম আদমী পাৰ্টি নেতৃত্বাধীন দিল্লী চৰকাৰক। আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (আৰ আৰ টি এছ) প্ৰকল্প নিৰ্মাণৰ বাবে ধন যোগান ধৰিব নোৱাৰা বুলি প্ৰকাশ কৰাৰ বাবে দিল্লী চৰকাৰক গৰিহণা দিয়ে। 

সোমবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰক সমালোচনা কৰি পূৰ্বৰ তিনিটা বিত্তীয় বৰ্ষত বিজ্ঞাপনত ব্যয় কৰা ধনৰ সবিশেষ দাখিল কৰিবলৈ কয়।

উল্লেখ্য যে  এই প্ৰকল্পটোত দিল্লী আৰু উত্তৰ প্ৰদেশৰ মীৰুটৰ মাজত অৰ্ধ-গীতবেগী ৰে’ল কৰিড’ৰ হিচাপে গঢ়ি তোলাৰ কথা আছে।

মসৃণ যাতায়ত সুনিশ্চিত কৰিব পৰা প্ৰকল্পৰ বাবে চৰকাৰৰ হাতত কিয় ধন নাই বুলি প্ৰশ্ন উত্থাপন কৰে আদালতে। "বিজ্ঞাপনৰ বাবে যদি টকা আছে তেন্তে মসৃণ পৰিবহণ নিশ্চিত কৰিব পৰা প্ৰকল্পৰ বাবে টকা নাই কিয়?" উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰক প্ৰশ্ন কৰে।

"আপুনি কয় যে আপোনাৰ হাতত টকা নাই আমি জানিব বিচাৰো যে ই ক'লৈ গ'ল।" আদালতে মন্তব্য কৰে। ন্যায়াধীশ এছ কে কৌল আৰু সুধাংশু ঢুলীয়াৰে গঠিত বিভাগীয় বিচাৰপীঠে দুসপ্তাহৰ ভিতৰত পুঁজি আৰু পূৰ্বৰ খৰচৰ সবিশেষ সন্নিবিষ্ট কৰি শপতনামা দাখিল কৰিবলৈ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰক নিৰ্দেশ দিয়ে।

"দিল্লী চৰকাৰে এটা উমৈহতীয়া প্ৰকল্পৰ বাবে ধন আগবঢ়াবলৈ অক্ষমতা প্ৰকাশ কৰিছে। যিহেতু ধনৰ অভাৱ এই প্ৰকল্পৰ বাবে বাধা, গতিকে আমি দিল্লীৰ এনচিটিক আহ্বান জনাইছো যে বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰা ধন প্ৰকল্পটো যিদৰে আছে সেইদৰে উল্লেখ কৰি শপতনামা দাখিল কৰক। যোৱা বিত্তীয় বৰ্ষৰ বাবে সবিশেষ প্ৰদান কৰা হ’ব পাৰে।’- বিচাৰপীঠে কয়।

উল্লেখ্য যে দিল্লী-মীৰুট আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থাটো অৰ্ধ-গীতবেগী ৰে’ল কৰিডৰ হিচাপে গঢ়ি তোলাৰ কথা। দিল্লী, গাজিয়াবাদ আৰু মীৰুট চহৰক সংযোগ কৰিবৰ বাবে এই ৰেল কৰিড’ৰ। দিল্লী-মীৰুট কৰিডৰৰ দৈৰ্ঘ্য প্ৰায় ৮২ কিলোমিটাৰ। ২০১৯ চনৰ আদালতৰ নথি অনুসৰি এই প্ৰকল্পৰ আনুমানিক ব্যয় আছিল ৩১, ৬৩২ কোটি টকা। ই ৰেপিডএক্স প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ অধীনত তিনিটা ৰেপিড ৰেল কৰিডৰৰ অংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস