--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া কুকুৰৰ প্ৰতি অমানৱীয় আচৰণ। আগ্ৰাৰ তাজমহল দৰ্শন কৰিবলৈ গৈ হাৰিয়ানাৰ এহাল দম্পতীয়ে নিজৰ পোহনীয়া কুকুৰটোক ঘণ্টাৰ পিছত ঘণ্টা ধৰি বাহনৰ ভিতৰত আবদ্ধ কৰি ৰাখে। ফলত তীব্ৰ গৰম আৰু বায়ু চলাচল নোহোৱাৰ বাবে ৰখাই থোৱা বাহনখনৰ ভিতৰত মৃত্যু হয় কুকুৰটোৰ।

জানিব পৰা মতে, ঐতিহাসিক কীৰ্তিচিহ্নটোৰ চাবলৈ যোৱা পৰ্যটকজনে গাড়ীত এৰি থৈ যোৱা কুকুৰটোৱে উশাহ হেৰুৱাই পেলাইছিল। আশে-পাশে থকা মানুহে নিজৰ কেমেৰাত বাহনৰ ভিতৰত আৱদ্ধ জন্তুটোৰ অৱস্থা ভিডিঅ’ কৰে আৰু ভিডিঅ’টো অনলাইনত মুকলি কৰি দিয়ে। ইয়াত দেখা গৈছিল যে পোহনীয়া কুকুৰটোৱে চাৰিচকীয়া বাহনখনত নিশ্চল হৈ পৰি আছে।

এই ভিডিঅ’টোৱে আৰক্ষী বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰে। যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি এই অসাৱধানতাপূৰ্ণ আচৰণক গৰিহণা দিয়ে আৰক্ষীয়ে। ইতিমধ্যে ইউ পি আৰক্ষীয়ে  আগ্ৰা সংমণ্ডলক বিষয়টো চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিছে। আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে পৰ্যটকহালৰ বিৰুদ্ধে পশু নিষ্ঠুৰতাৰ অভিযোগত এফআইআৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

অৱশ্যে শ্বাসৰুদ্ধ হৈ কুকুৰটোৰ মৃত্যু হৈছিলনে আন কিবা কাৰণত মৃত্যু হৈছিল নাই সেয়া স্পষ্ট নহয়। মৃত্যুৰ কাৰণ বিচাৰি উলিয়াবলৈ আৰু এই সন্দৰ্ভত তদন্ত আগবঢ়াই নিবলৈ মৰণোত্তৰ পৰীক্ষা চলি আছে।

ইফালে তাজমহলৰ পাৰ্কিং এটেণ্ডেণ্ট আৰু গাইডে কুকুৰটোক গাড়ীৰ বাহিৰত ৰাখিবলৈ কোৱাৰ পিছতো পৰ্যটকসকলে অস্বীকাৰ কৰি প্ৰায়ে তাজমহল ভ্ৰমণ উপভোগ কৰিবলৈ আগবাঢ়ি যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান