--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া কুকুৰৰ প্ৰতি অমানৱীয় আচৰণ। আগ্ৰাৰ তাজমহল দৰ্শন কৰিবলৈ গৈ হাৰিয়ানাৰ এহাল দম্পতীয়ে নিজৰ পোহনীয়া কুকুৰটোক ঘণ্টাৰ পিছত ঘণ্টা ধৰি বাহনৰ ভিতৰত আবদ্ধ কৰি ৰাখে। ফলত তীব্ৰ গৰম আৰু বায়ু চলাচল নোহোৱাৰ বাবে ৰখাই থোৱা বাহনখনৰ ভিতৰত মৃত্যু হয় কুকুৰটোৰ।

জানিব পৰা মতে, ঐতিহাসিক কীৰ্তিচিহ্নটোৰ চাবলৈ যোৱা পৰ্যটকজনে গাড়ীত এৰি থৈ যোৱা কুকুৰটোৱে উশাহ হেৰুৱাই পেলাইছিল। আশে-পাশে থকা মানুহে নিজৰ কেমেৰাত বাহনৰ ভিতৰত আৱদ্ধ জন্তুটোৰ অৱস্থা ভিডিঅ’ কৰে আৰু ভিডিঅ’টো অনলাইনত মুকলি কৰি দিয়ে। ইয়াত দেখা গৈছিল যে পোহনীয়া কুকুৰটোৱে চাৰিচকীয়া বাহনখনত নিশ্চল হৈ পৰি আছে।

এই ভিডিঅ’টোৱে আৰক্ষী বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰে। যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি এই অসাৱধানতাপূৰ্ণ আচৰণক গৰিহণা দিয়ে আৰক্ষীয়ে। ইতিমধ্যে ইউ পি আৰক্ষীয়ে  আগ্ৰা সংমণ্ডলক বিষয়টো চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিছে। আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে পৰ্যটকহালৰ বিৰুদ্ধে পশু নিষ্ঠুৰতাৰ অভিযোগত এফআইআৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

অৱশ্যে শ্বাসৰুদ্ধ হৈ কুকুৰটোৰ মৃত্যু হৈছিলনে আন কিবা কাৰণত মৃত্যু হৈছিল নাই সেয়া স্পষ্ট নহয়। মৃত্যুৰ কাৰণ বিচাৰি উলিয়াবলৈ আৰু এই সন্দৰ্ভত তদন্ত আগবঢ়াই নিবলৈ মৰণোত্তৰ পৰীক্ষা চলি আছে।

ইফালে তাজমহলৰ পাৰ্কিং এটেণ্ডেণ্ট আৰু গাইডে কুকুৰটোক গাড়ীৰ বাহিৰত ৰাখিবলৈ কোৱাৰ পিছতো পৰ্যটকসকলে অস্বীকাৰ কৰি প্ৰায়ে তাজমহল ভ্ৰমণ উপভোগ কৰিবলৈ আগবাঢ়ি যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস