--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কৰ’নাই কোনো প্ৰকাৰে মানুহক শান্তি প্ৰদান কৰা নাই। মাজে-সময়ে ভাইৰাছটো অলপ হলেও নিয়ন্ত্ৰণত আহিলেও হঠাৎ পুনৰ সংক্ৰমণ বৃদ্ধি পায়। কিছুদিনৰ আগতে এই সংক্ৰমণ যথেষ্ট নিয়ন্ত্ৰণত আছিল। কিন্তু সেই সংক্ৰমণ এতিয়া বৃদ্ধি পাইছে। বৰ্তমান ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে একাংশ বিশেষজ্ঞই বিপদৰ আশংকা কৰিছে। 

দৰাচলতে কিছুদিনৰ আগতে সংক্ৰমণৰ হাৰ ২০০০ ঘৰৰ তললৈ নামি আহিছিল। কিন্তু এতিয়া সেই সংক্ৰমণ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত দৈনিক আক্ৰান্তৰ সংখ্যা ১২ হাজাৰ অতিক্ৰম কৰিছে। শুকুৰবাৰে এই সংখ্যা আছিল ১২,৬৪৮ জন। এই ক্ষেত্ৰত দৈনিক পজিটিভিটিৰ হাৰ ২.৩৫ত উপনীত হৈছে আৰু সাপ্তাহৰ পজিটিভিটিৰ হাৰ ২.৩৬। 

ইফালে পৃথিৱীৰ আন দেশত ক’ভিডৰ বৰ্দ্ধিত সংক্ৰমণক লৈ গভীৰ চিন্তাত পৰিছে। বহু দেশে দাবী কৰি আছে  এয়াই হৈছে সাম্ভাব্য চতুৰ্থ ঢৌ। কিন্তু কভিডৰ চতুৰ্থ ঢৌ ভাৰততো হৈছে নেকি? এই সন্দৰ্ভত কলকাতাৰ আৰ এন ঠাকুৰ হাস্পতালৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ অৰিন্দম বিশ্বাসে কয় যে, "হয়, সমস্যা বহু ক্ষেত্ৰত আছে।" সংক্ৰমণো বৃদ্ধি পাইছে। অৱশ্যে চতুৰ্থ ঢৌ আশংকা ও নুই কৰিব নোৱাৰি। 

এই প্ৰসংগত ড০ বিশ্বাসে কয় যে ইয়াৰ বহু কাৰণ আছে। প্ৰথমতে মানুহে মাস্ক ব্যৱহাৰ এৰিলে। বাহিৰলৈ ওলাই যাওঁতে মুখত মাস্ক নাথাকে। দ্বিতীয়তে, জনসমাগম এতিয়াও হ্ৰাস হোৱা নাই। মুঠতে বৰ্তমান সমস্যাটো অধিক বাঢ়ি গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ