--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কৰ’নাই কোনো প্ৰকাৰে মানুহক শান্তি প্ৰদান কৰা নাই। মাজে-সময়ে ভাইৰাছটো অলপ হলেও নিয়ন্ত্ৰণত আহিলেও হঠাৎ পুনৰ সংক্ৰমণ বৃদ্ধি পায়। কিছুদিনৰ আগতে এই সংক্ৰমণ যথেষ্ট নিয়ন্ত্ৰণত আছিল। কিন্তু সেই সংক্ৰমণ এতিয়া বৃদ্ধি পাইছে। বৰ্তমান ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে একাংশ বিশেষজ্ঞই বিপদৰ আশংকা কৰিছে। 

দৰাচলতে কিছুদিনৰ আগতে সংক্ৰমণৰ হাৰ ২০০০ ঘৰৰ তললৈ নামি আহিছিল। কিন্তু এতিয়া সেই সংক্ৰমণ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত দৈনিক আক্ৰান্তৰ সংখ্যা ১২ হাজাৰ অতিক্ৰম কৰিছে। শুকুৰবাৰে এই সংখ্যা আছিল ১২,৬৪৮ জন। এই ক্ষেত্ৰত দৈনিক পজিটিভিটিৰ হাৰ ২.৩৫ত উপনীত হৈছে আৰু সাপ্তাহৰ পজিটিভিটিৰ হাৰ ২.৩৬। 

ইফালে পৃথিৱীৰ আন দেশত ক’ভিডৰ বৰ্দ্ধিত সংক্ৰমণক লৈ গভীৰ চিন্তাত পৰিছে। বহু দেশে দাবী কৰি আছে  এয়াই হৈছে সাম্ভাব্য চতুৰ্থ ঢৌ। কিন্তু কভিডৰ চতুৰ্থ ঢৌ ভাৰততো হৈছে নেকি? এই সন্দৰ্ভত কলকাতাৰ আৰ এন ঠাকুৰ হাস্পতালৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ অৰিন্দম বিশ্বাসে কয় যে, "হয়, সমস্যা বহু ক্ষেত্ৰত আছে।" সংক্ৰমণো বৃদ্ধি পাইছে। অৱশ্যে চতুৰ্থ ঢৌ আশংকা ও নুই কৰিব নোৱাৰি। 

এই প্ৰসংগত ড০ বিশ্বাসে কয় যে ইয়াৰ বহু কাৰণ আছে। প্ৰথমতে মানুহে মাস্ক ব্যৱহাৰ এৰিলে। বাহিৰলৈ ওলাই যাওঁতে মুখত মাস্ক নাথাকে। দ্বিতীয়তে, জনসমাগম এতিয়াও হ্ৰাস হোৱা নাই। মুঠতে বৰ্তমান সমস্যাটো অধিক বাঢ়ি গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু