--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক এইবাৰ অধিক বিষয়ত নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰিছে এক নিৰ্দেশনা। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত একাধিক পৰামৰ্শ দিয়া হৈছে। মূলতঃ চাইবাৰ সুৰক্ষাৰ বাবে এই সন্দৰ্ভত কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে।

কেন্দ্রীয় চৰকাৰৰ এই নির্দেশনা স্থায়ী চৰকাৰী কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মী, অস্থায়ী কৰ্মচাৰীয়ে মানি চলিব লাগিব। চৰকাৰে কোনো তৃতীয় পক্ষৰ কৰ্মচাৰী নিয়োজিত হ’লে নির্দেশনা মানি চলিব লাগিব৷

নতুন নিৰ্দেশনাত মুঠ ২৪টা বিষয় সামৰি লোৱা হৈছে। আৰু সেই ২৪টা বিষয় মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।

১) একেটা পাছৱৰ্ড ব্যৱহাৰ কৰি একাধিক চাইট, এপত লগইন কৰিব নোৱাৰিব। সকলো ক্ষেত্ৰতে বিভিন্ন পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগিব।
২) কোনো ব্ৰাউজাৰ বা নিয়ন্ত্ৰণহীন ৱেবছাইটত পাছৱৰ্ড চেভ কৰিব নকৰিব।
৩) পাছৱৰ্ড, আই পি ঠিকনা, নেটৱৰ্ক ডায়াগ্ৰাম কোনেও অসুৰক্ষিত ঠাইত চেভ কৰিব নালাগে।
৪) চিস্টেম ড্ৰাইভত কোনো তথ্য চেভ কৰিব নোৱাৰি ।
৫) চৰকাৰৰ নিয়ন্ত্ৰণত নথকা ক্লাউডত চৰকাৰী তথ্য আপলোড কৰিব নোৱাৰি।
৬) কোনেও কোনো অসমৰ্থিত অপাৰেটিং ছিষ্টেম ব্যৱহাৰ কৰিব নোৱাৰিব।
৭) তৃতীয় পক্ষৰ DNS সেৱা বা NTP সেৱা ব্যৱহাৰ কৰিব নালাগে।
৮) কোনোৱেই থাৰ্ড পাৰ্টি ভিপিএন ব্যৱহাৰ নকৰিব
৯) কোনো পাইৰেটেড চফট্ ৱেৰ ব্যৱহাৰ কৰিব নোৱাৰিব।
১০) মেইল পঠোৱাৰ সময়ত কোনো অজ্ঞাত প্ৰেৰকৰ পৰা কোনো লিংকত ক্লিক নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
১১) ৱাইফাই, প্ৰিন্টাৰ আৰু চিষ্টেম পাছৱৰ্ড অচিনাকি মানুহৰ সৈতে শ্বেয়াৰ কৰিব নালাগে।
১২) প্ৰিন্টাৰত ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিব নোৱাৰিব।
১৩) ছ’চিয়েল মিডিয়াৰ তথ্য তৃতীয় পক্ষই ক’তো চেভ কৰিব নালাগে।
১৪) অচিনাকি মানুহে প্ৰদান কৰা USB ড্ৰাইভ ক’তো সংলগ্ন কৰিব নালাগে।
১৪) দূৰৈৰ পৰা প্ৰৱেশ কৰিব পৰা কোনো এপ ব্যৱহাৰ নকৰিব।
১৫) তৃতীয় পক্ষৰ ভিডিঅ’ কনফাৰেন্সিং সঁজুলি ব্যৱহাৰ কৰিব নালাগে।
১৬) অফিচিয়েল মেইলৰ বাবে বাহ্যিক ইমেইল ব্যৱহাৰ কৰিব নালাগে।
১৭) ফোনটোৰ ইণ্টাৰনেল চিষ্টেম সলনি কৰি ব্যৱহাৰ নকৰিব।
১৮) দৈনন্দিন কামত এডমিন একাউণ্ট ব্যৱহাৰ নকৰিব।
১৯) স্কেনিঙৰ বাবে কোনো বাহ্যিক এপ ব্যৱহাৰ কৰিব নালাগে।
২০) চৰকাৰী তথ্য সংৰক্ষণৰ বাবে কোনো বাহ্যিক ক্লাউড ব্যৱহাৰ কৰিব নোৱাৰিব।
২১) গুৰুত্বপূৰ্ণ তথ্য ফোন বা আন কোনো উপায়েৰে শ্বেয়াৰ নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু