--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক এইবাৰ অধিক বিষয়ত নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰিছে এক নিৰ্দেশনা। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত একাধিক পৰামৰ্শ দিয়া হৈছে। মূলতঃ চাইবাৰ সুৰক্ষাৰ বাবে এই সন্দৰ্ভত কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে।

কেন্দ্রীয় চৰকাৰৰ এই নির্দেশনা স্থায়ী চৰকাৰী কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মী, অস্থায়ী কৰ্মচাৰীয়ে মানি চলিব লাগিব। চৰকাৰে কোনো তৃতীয় পক্ষৰ কৰ্মচাৰী নিয়োজিত হ’লে নির্দেশনা মানি চলিব লাগিব৷

নতুন নিৰ্দেশনাত মুঠ ২৪টা বিষয় সামৰি লোৱা হৈছে। আৰু সেই ২৪টা বিষয় মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।

১) একেটা পাছৱৰ্ড ব্যৱহাৰ কৰি একাধিক চাইট, এপত লগইন কৰিব নোৱাৰিব। সকলো ক্ষেত্ৰতে বিভিন্ন পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগিব।
২) কোনো ব্ৰাউজাৰ বা নিয়ন্ত্ৰণহীন ৱেবছাইটত পাছৱৰ্ড চেভ কৰিব নকৰিব।
৩) পাছৱৰ্ড, আই পি ঠিকনা, নেটৱৰ্ক ডায়াগ্ৰাম কোনেও অসুৰক্ষিত ঠাইত চেভ কৰিব নালাগে।
৪) চিস্টেম ড্ৰাইভত কোনো তথ্য চেভ কৰিব নোৱাৰি ।
৫) চৰকাৰৰ নিয়ন্ত্ৰণত নথকা ক্লাউডত চৰকাৰী তথ্য আপলোড কৰিব নোৱাৰি।
৬) কোনেও কোনো অসমৰ্থিত অপাৰেটিং ছিষ্টেম ব্যৱহাৰ কৰিব নোৱাৰিব।
৭) তৃতীয় পক্ষৰ DNS সেৱা বা NTP সেৱা ব্যৱহাৰ কৰিব নালাগে।
৮) কোনোৱেই থাৰ্ড পাৰ্টি ভিপিএন ব্যৱহাৰ নকৰিব
৯) কোনো পাইৰেটেড চফট্ ৱেৰ ব্যৱহাৰ কৰিব নোৱাৰিব।
১০) মেইল পঠোৱাৰ সময়ত কোনো অজ্ঞাত প্ৰেৰকৰ পৰা কোনো লিংকত ক্লিক নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
১১) ৱাইফাই, প্ৰিন্টাৰ আৰু চিষ্টেম পাছৱৰ্ড অচিনাকি মানুহৰ সৈতে শ্বেয়াৰ কৰিব নালাগে।
১২) প্ৰিন্টাৰত ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিব নোৱাৰিব।
১৩) ছ’চিয়েল মিডিয়াৰ তথ্য তৃতীয় পক্ষই ক’তো চেভ কৰিব নালাগে।
১৪) অচিনাকি মানুহে প্ৰদান কৰা USB ড্ৰাইভ ক’তো সংলগ্ন কৰিব নালাগে।
১৪) দূৰৈৰ পৰা প্ৰৱেশ কৰিব পৰা কোনো এপ ব্যৱহাৰ নকৰিব।
১৫) তৃতীয় পক্ষৰ ভিডিঅ’ কনফাৰেন্সিং সঁজুলি ব্যৱহাৰ কৰিব নালাগে।
১৬) অফিচিয়েল মেইলৰ বাবে বাহ্যিক ইমেইল ব্যৱহাৰ কৰিব নালাগে।
১৭) ফোনটোৰ ইণ্টাৰনেল চিষ্টেম সলনি কৰি ব্যৱহাৰ নকৰিব।
১৮) দৈনন্দিন কামত এডমিন একাউণ্ট ব্যৱহাৰ নকৰিব।
১৯) স্কেনিঙৰ বাবে কোনো বাহ্যিক এপ ব্যৱহাৰ কৰিব নালাগে।
২০) চৰকাৰী তথ্য সংৰক্ষণৰ বাবে কোনো বাহ্যিক ক্লাউড ব্যৱহাৰ কৰিব নোৱাৰিব।
২১) গুৰুত্বপূৰ্ণ তথ্য ফোন বা আন কোনো উপায়েৰে শ্বেয়াৰ নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ