--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গাজা ষ্ট্ৰিপৰ কিছু অংশত ইজৰাইলে সামৰিক অভিযান চলোৱাৰ পৰিকল্পনা কৰাৰ সময়তে অষ্ট্ৰেলিয়াই এই কথা ঘোষণা কৰে।

ডিজিটেল ডেস্কঃ মিত্র দেশ আমেৰিকাৰ বিপৰীত স্থিতি গ্রহণ কৰি অষ্ট্ৰেলিয়াই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত পেলেষ্টাইন ৰাষ্ট্ৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিব।


গাজা ষ্ট্ৰিপৰ কিছু অংশত ইজৰাইলে সামৰিক অভিযান চলোৱাৰ পৰিকল্পনা কৰাৰ সময়তে অষ্ট্ৰেলিয়াই এই কথা ঘোষণা কৰে।


অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্র্যালয়ে কয় যে এই পদক্ষেপে দুখন ৰাষ্ট্ৰ সৃষ্টিৰে সমাধান, গাজাত যুদ্ধ-বিৰতি আৰু পণবন্দীৰ মুক্তিৰ বাবে চলি থকা আন্তঃৰাষ্ট্ৰীয় হেঁচাত বৰঙনি যোগাব। ১৯৪৭ চনৰ পৰা অষ্ট্ৰেলিয়াই ইজৰাইলৰ অস্তিত্ব সমর্থন কৰি আহিছে।


সেই বছৰতে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্রী এইচ ভি ইভেটৰ অধ্যক্ষতাৰ ৰাষ্ট্ৰসংঘৰ সমিতিয়ে ওচৰা-উচৰিকৈ দুখন ৰাষ্ট্ৰ সৃষ্টিত অনুমোদন জনাইছিল। উল্লেখযোগ্য যে ফ্রান্স, ব্রিটেইন আৰু কানাডাকে ধৰি কেইবাখনো দেশে ইতিমধ্যে পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়াৰ পৰিকল্পনা কৰিছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক