--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেৱভূমি হিমাচলত বহুতো দেৱ-দেৱীৰ মন্দিৰ আছে। হিমাচলৰ কুল্লু নগৰৰ ব্যাস আৰু পাৰ্বতী নদীৰ সংগমস্থলীৰ ওচৰৰ এটা ওখ পাহাৰৰ ওপৰত শিৱৰ এটা প্ৰাচীন মন্দিৰ আছে। মন্দিৰটোত প্ৰতি ১২ বছৰৰ মূৰে মূৰে এবাৰ প্ৰচণ্ড বজ্ৰপাত হয়। যাৰ বাবে মন্দিৰৰ শিৱলিংগটো ভাঙি টুকুৰা টুকুৰ হৈ যায়। ইয়াৰ পিছত পুৰোহিতসকলে খণ্ডিত শিৱলিংগৰ টুকুৰাবোৰত ঘিঁউ-মাখন সানি দিয়ে। যাতে মহাদেৱৰ বিষ-যাতনা উপশম কৰিব পৰা যায়। 

আচৰিত কথাটো হ'ল পাছদিনাখনেই টুকুৰাবোৰ নিজে নিজে সংলগ্ন হৈ পুনৰ আগৰ দৰে শিৱলিংগৰ ৰূপ লয়। যি কথা সঁচাকৈয়ে আচৰিত। এই কথাই শিৱৰ মাহাত্ম্যৰ কথা যুগে যুগে প্ৰমাণ কৰি আছে। এই শিৱলিংগত প্ৰতি ১২ বছৰৰ মূৰে মূৰে বিজুলী পৰে বাবে মন্দিৰটো বিজুলী মহাদেৱ মন্দিৰ নামেৰে জনাজাত। ইয়াত বিজুলী কিয় পৰে আৰু কিয় এই ঠাইখনৰ নাম কুল্লু হ'ল তাৰ আঁৰত এটা কিংবদন্তি আছে। 

প্ৰবাদ অনুসৰি এসময়ত ইয়াত কুলন্ত নামৰ এটা দানৱে বাস কৰিছিল। কুলন্ত অজগৰ ৰূপত বাস কৰিছিল। দানৱৰূপী অজগৰটোৱে কুণ্ডলীত খুন্দা মাৰি ব্যাস নদীৰ প্ৰবাহ বন্ধ কৰি এই ঠাইখন পানীত ডুবাই নিশ্চিহ্ন কৰিব বিচাৰিছিল। ইয়াৰ আঁৰত তেওঁৰ উদ্দেশ্য আছিল যে ইয়াত বাস কৰা সকলো মানুহ, জীৱ-জন্তু পানীত ডুব গৈ মৃত্যুমুখত পৰিব। কুলন্তৰ এই চিন্তাত ভগৱান শিৱ চিন্তিত হৈ পৰিল। শিৱই ভাবিলে যে কুলন্তক যদি বধ কৰা নাযায় তেন্তে জীৱকূল ধ্বংস হোৱাটো নিশ্চিত। সেয়েহে এদিন দেৱাদিদেৱ মহাদেৱ কুলন্তৰ ওচৰত উপস্থিত হয়। ভগৱান শিৱই দানৱটোক নিজৰ বিশ্বাসৰ মাজলৈ আনি হঠাতে কয় যে তাৰ নেজত জুই জ্বলি আছে। এই কথা শুনি কুলন্তই পিছলৈ ঘূৰি চোৱাৰ লগে লগে ভোলানাথে ত্ৰিশূলেৰে অসুৰটোক আঘাত কৰে। ইয়াৰ পাছতেই মৃত্যুমুখত ঢলি পৰে কুলন্ত। কুলন্তৰ মৃত্যুৰ লগে লগে তেওঁৰ মৃতদেহ এটা প্ৰকাণ্ড পাহাৰলৈ পৰিণত হয়। এই কুলন্তৰ পৰাই পাছলৈ পাহাৰখন কুল্লু নামেৰে পৰিচিত হ’ল। 

কিংবদন্তি অনুসৰি ভগৱান শিৱই কুলন্তক বধ কৰাৰ পিছত ইন্দ্ৰক প্ৰতি ১২ বছৰৰ মূৰে মূৰে তাত বিজুলী পেলাবলৈ কৈছিল। ভগৱান শিৱই লগতে কৈছিল জনসাধাৰণ, প্ৰাণী আৰু ধন-সম্পত্তিৰ যাতে একো ক্ষতি নহয়। সদাশিৱই নিজেই বিদ্যুৎস্পৃষ্ট সহ্য কৰি ভক্তসকলক ৰক্ষা কৰে। তেওঁ নিজে সকলো দুখ-যাতনা গাত পাতি লয়।
 
বিশ্বাস কৰা হয় যে ইন্দ্ৰ দেৱতাই ভগৱান শিৱৰ নিৰ্দেশ এতিয়াও পালন কৰি আছে। প্ৰতি ১২ বছৰৰ মূৰে মূৰে এই মন্দিৰৰ ওপৰত বজ্ৰপাত হয় কিন্তু ইয়াৰ পিছতো মন্দিৰটোৰ বা কাৰো কোনো ধৰণৰ ক্ষতি নহয়। এই ৰহস্যময় মন্দিৰটোলৈ প্ৰতি বছৰে দেশ-বিদেশৰ বিভিন্ন ভক্তই দেৱাদিদেৱ মহাদেৱৰ ওচৰলৈ আশীৰ্বাদ ল'বলৈ আহে। 

এই অলৌকিক ঘটনাই সকলোকে আচৰিত কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক