--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ৰনাৰ পাছত হাৰ্ট এটেক আৰু ব্ৰেইন ৰক্তক্ষৰণৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। আপুনি আৰু মই প্ৰতিদিনে এনে ঘটনা শুনিবলৈ পাওঁ। বৰ্তমান শিশুৰো হাৰ্ট এটেকত মৃত্যু হোৱা খবৰ শুনিবলৈ পোৱা যায়। সাধাৰণতে সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এনে ঘটনা খুব কমেইহে দেখা যায় যদিও জয়পুৰৰ এখন ব্যক্তিগত বিদ্যালয়ত হাৰ্ট এটেকত এটি কিশোৰৰ মৃত্যু হয়। ৰাতিপুৱা ৮.৩০ বজাত বিদ্যালয়ত উপস্থিত হয় কিশোৰটি। প্ৰাৰ্থনাৰ পিছত তেওঁ ক্লাছলৈ গৈ আছিল। সেই সময়ছোৱাত কিশোৰটিৰ স্বাস্থ্যৰ অৱনতি ঘটে।

১৪ বছৰীয়া যোগেশ সিং কাৰ্ধনী অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰি থকা নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। প্ৰতিদিনৰ দৰেই ১৯ ডিচেম্বৰ মঙলবাৰে তেওঁ স্কুল পালেগৈ। ককায়েকে স্কুলত থৈ ঘৰলৈ উভতি আহিছিল। যোগেশে প্ৰাৰ্থনা কৰি নিজৰ ক্লাছলৈ গৈ আছিল। সেই সময়ছোৱাত তেওঁ পৰি যায়। স্কুলৰ শিক্ষকসকলে যোগেশক চম্ভালিলে যদিও তেওঁ অচেতন হৈ পৰিল। এনে পৰিস্থিতিত তেওঁক লগে লগে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। ব্যক্তিগত চিকিৎসালয়ৰ পৰা তেওঁক এছএমএছ হাস্পতাললৈ প্ৰেৰণ কৰা হয় য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ছাৱাই মানসিং হাস্পতালৰ মেডিকেল জুৰিষ্ট ডাঃ কালুৰাম যাদৱে কয় যে প্ৰাইমা ফেচি যোগেশ সিঙৰ পেশীৰ অত্যধিক সংকোচন আৰু হৃদযন্ত্ৰৰ আকাৰ বৃদ্ধিৰ বাবে মৃত্যু হয়। এজন স্বাভাৱিক ব্যক্তিৰ হৃদযন্ত্ৰৰ ওজন ২৫০ৰ পৰা ৩০০ গ্ৰাম, কিন্তু যোগেশৰ হৃদযন্ত্ৰৰ ওজন আছিল ৬৫০ গ্ৰাম। তেওঁৰ হৃদপিণ্ড পাম্প কৰিব পৰা নাছিল, যাৰ বাবে তেওঁৰ মৃত্যু হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ সময়ত লোৱা নমুনাসমূহ পৰীক্ষাৰ বাবে বিভিন্ন লেবলৈ প্ৰেৰণ কৰা হৈছে। তদন্তৰ প্ৰতিবেদন আহিলেই বাস্তৱিক কাৰণটো ওলাই পৰিব।

যোগেশৰ পিতৃ তনৱাৰ সিং বি এছ এফত কৰ্মৰত। তেওঁৰ পোষ্টিং জম্মু-কাশ্মীৰত আৰু আজিকালি তেওঁ বন্ধৰ দিনত ঘৰত আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা যোগেশৰ মাক-দেউতাক ছিকাৰ জিলাৰ ফাতেহপুৰৰ নিজৰ গাঁৱলৈ গৈছিল কাৰণ যোগেশৰ ককাক অসুস্থ হৈ আছিল। বিদ্যালয়ৰ তথ্য লাভ কৰাৰ লগে লগে তনৱাৰ সিং জয়পুৰলৈ আহিছিল যদিও তেতিয়ালৈকে যোগেশে প্ৰাণ হেৰুৱাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক