--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে লিংগ সলনি কৰিছিল এগৰাকী যুৱতীয়ে। যুৱতীৰ পৰা তেওঁ হৈছিলগৈ যুৱক। কিন্তু এতিয়া প্ৰেমিকা প্ৰস্তুত নহয় তেওঁক বিয়া পাতিবৰ বাবে। এই কথাত খং উঠি প্ৰেমিকাক হত্যা কৰে যুৱকগৰাকী অৰ্থাত ট্ৰান্সমেনগৰাকীয়ে।

তামিলনাডুৰ চেন্নাইৰ পৰা পোহৰলৈ আহিছে এই হৃদয় বিদাৰক ঘটনা। ঘটনাটো প্ৰকাশ পোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ট্ৰেন্সমেনজনে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে ছোৱালীজনীৰ লগত এই কাম কৰিছিল। লিংগ পৰিৱৰ্তনৰ পিছত ছোৱালীৰ পৰা ল’ৰালৈ ৰূপান্তৰিত হোৱা লোকজনে ছোৱালীজনীক হত্যা কৰে। ছোৱালীজনীয়ে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই তেওঁ এনে কৰিছিল।

তথ্য অনুসৰি চেন্নাইৰ ২৫ বছৰীয়া অভিযন্তা যুৱতী নন্দিনীক ট্ৰেন্সমেন ভেত্ৰিমাৰণে হত্যা কৰিছে। ভেত্ৰিমাৰণ প্ৰথমে নন্দিনীক শিকলিৰে বান্ধি দিলে। ইয়াৰ পিছত ডিঙি, হাত আৰু ভৰিত ব্লেডেৰে আক্ৰমণ কৰে। ইয়াৰ পিছত তেওঁ ইয়াতেই ক্ষান্ত নাথাকি নন্দিনীক জীয়াই জীয়াই জ্বলাই দিলে।

এই গোচৰত আৰক্ষীয়ে ২৭ বছৰীয়া ট্ৰেন্সমেন ভেত্ৰিমাৰণক গ্ৰেপ্তাৰ কৰিছে। জেৰাৰ সময়ত জানিব পৰা গৈছে যে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই তেওঁ নন্দিনীক হত্যা কৰিছে।

অভিযুক্ত ভেত্ৰিমাৰন মাদুৰাইৰ বাসিন্দা। যোৱা কেইমাহমান ধৰি তেওঁ থ’ৰাইপাক্কামৰ এটা চফটৱেৰ কোম্পানীত কাম কৰি আছিল। কোম্পানীতেই তেওঁ আৰু নন্দিনীৰ লগ হৈছিল। প্ৰথমে বন্ধুত্ব গঢ়ি উঠিছিল আৰু পাছত প্ৰেমত পৰিছিল। শেহতীয়াকৈ ভেত্ৰিমাৰনে নন্দিনীক বিয়াৰ প্ৰস্তাৱ দিওঁতে তেওঁ নাকচ কৰিছিল।

ভেত্ৰিমাৰনৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত নন্দিনীয়ে আন কাৰোবাৰ সৈতে সম্পৰ্ক আৰম্ভ কৰিছিল। ইয়াৰ বাবেই ভেত্ৰিমাৰনৰ বৰ খং উঠে আৰু তেওঁক হত্যা কৰি প্ৰতিশোধ ল’ব বিচাৰিছিল। নন্দিনীৰ জন্মদিনৰ দিনা তেওঁক ছাৰপ্ৰাইজ দিয়াৰ চলেৰে ভেত্ৰিমাৰনে ফোন কৰি নিৰ্জন ঠাইলৈ লৈ গৈছিল আৰু জীৱন্তে জ্বলাই হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক