--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে লিংগ সলনি কৰিছিল এগৰাকী যুৱতীয়ে। যুৱতীৰ পৰা তেওঁ হৈছিলগৈ যুৱক। কিন্তু এতিয়া প্ৰেমিকা প্ৰস্তুত নহয় তেওঁক বিয়া পাতিবৰ বাবে। এই কথাত খং উঠি প্ৰেমিকাক হত্যা কৰে যুৱকগৰাকী অৰ্থাত ট্ৰান্সমেনগৰাকীয়ে।

তামিলনাডুৰ চেন্নাইৰ পৰা পোহৰলৈ আহিছে এই হৃদয় বিদাৰক ঘটনা। ঘটনাটো প্ৰকাশ পোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ট্ৰেন্সমেনজনে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে ছোৱালীজনীৰ লগত এই কাম কৰিছিল। লিংগ পৰিৱৰ্তনৰ পিছত ছোৱালীৰ পৰা ল’ৰালৈ ৰূপান্তৰিত হোৱা লোকজনে ছোৱালীজনীক হত্যা কৰে। ছোৱালীজনীয়ে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই তেওঁ এনে কৰিছিল।

তথ্য অনুসৰি চেন্নাইৰ ২৫ বছৰীয়া অভিযন্তা যুৱতী নন্দিনীক ট্ৰেন্সমেন ভেত্ৰিমাৰণে হত্যা কৰিছে। ভেত্ৰিমাৰণ প্ৰথমে নন্দিনীক শিকলিৰে বান্ধি দিলে। ইয়াৰ পিছত ডিঙি, হাত আৰু ভৰিত ব্লেডেৰে আক্ৰমণ কৰে। ইয়াৰ পিছত তেওঁ ইয়াতেই ক্ষান্ত নাথাকি নন্দিনীক জীয়াই জীয়াই জ্বলাই দিলে।

এই গোচৰত আৰক্ষীয়ে ২৭ বছৰীয়া ট্ৰেন্সমেন ভেত্ৰিমাৰণক গ্ৰেপ্তাৰ কৰিছে। জেৰাৰ সময়ত জানিব পৰা গৈছে যে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই তেওঁ নন্দিনীক হত্যা কৰিছে।

অভিযুক্ত ভেত্ৰিমাৰন মাদুৰাইৰ বাসিন্দা। যোৱা কেইমাহমান ধৰি তেওঁ থ’ৰাইপাক্কামৰ এটা চফটৱেৰ কোম্পানীত কাম কৰি আছিল। কোম্পানীতেই তেওঁ আৰু নন্দিনীৰ লগ হৈছিল। প্ৰথমে বন্ধুত্ব গঢ়ি উঠিছিল আৰু পাছত প্ৰেমত পৰিছিল। শেহতীয়াকৈ ভেত্ৰিমাৰনে নন্দিনীক বিয়াৰ প্ৰস্তাৱ দিওঁতে তেওঁ নাকচ কৰিছিল।

ভেত্ৰিমাৰনৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত নন্দিনীয়ে আন কাৰোবাৰ সৈতে সম্পৰ্ক আৰম্ভ কৰিছিল। ইয়াৰ বাবেই ভেত্ৰিমাৰনৰ বৰ খং উঠে আৰু তেওঁক হত্যা কৰি প্ৰতিশোধ ল’ব বিচাৰিছিল। নন্দিনীৰ জন্মদিনৰ দিনা তেওঁক ছাৰপ্ৰাইজ দিয়াৰ চলেৰে ভেত্ৰিমাৰনে ফোন কৰি নিৰ্জন ঠাইলৈ লৈ গৈছিল আৰু জীৱন্তে জ্বলাই হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক