--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আয়োজিত বিজয় দিৱসত  ভাৰত-পাক যুদ্ধৰ শ্বহীদসকললৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ১৯৭১ চনৰ আজিৰ দিনটোতে বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ১৬ ডিচেম্বৰৰ গৌৰৱময় ইতিহাসৰ কথা স্মৰণ কৰে।

১৬ ডিচেম্বৰৰ নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোদীয়ে লিখিছে, "আজি বিজয় দিৱস। সেই দিনটোৰ যোদ্ধাসকলৰ নিষ্ঠা আৰু বীৰত্ব এতিয়াও আমাৰ স্মৃতিত উজ্জ্বল হৈ আছে। তেওঁলোকৰ নিষ্ঠা আৰু ত্যাগ দেশবাসীৰ বাবে গৌৰৱৰ বিষয়। তেওঁলোকৰ অদম্য ইচ্ছা চিৰকাল আমাৰ হৃদয়ত থাকিব। ভাৰতে তেওঁলোকৰ সাহসক অভিবাদন জনাইছে।’’ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বিজয় দিৱস উপলক্ষে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় ফৰ্ট উইলিয়ামত আজি বিজয় দিৱস উদযাপন কৰা হয়। ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত বিজয়ৰ স্মৃতিত এক বিশেষ  অনুষ্ঠানৰ জৰিয়তে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই  এই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ অৰুণাচল প্ৰদেশৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কলিতাই  কয়, "ভাৰতীয় সেনা সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) অৱস্থান সম্পৰ্কে ভাৰতৰ ধাৰণা অতি স্পষ্ট। চীনে তিব্বত দখল কৰিলেও ভাৰতৰ সাৰ্বভৌমত্বত  আঘাত কৰিব নোৱাৰিব। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক