--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আয়োজিত বিজয় দিৱসত  ভাৰত-পাক যুদ্ধৰ শ্বহীদসকললৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ১৯৭১ চনৰ আজিৰ দিনটোতে বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ১৬ ডিচেম্বৰৰ গৌৰৱময় ইতিহাসৰ কথা স্মৰণ কৰে।

১৬ ডিচেম্বৰৰ নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোদীয়ে লিখিছে, "আজি বিজয় দিৱস। সেই দিনটোৰ যোদ্ধাসকলৰ নিষ্ঠা আৰু বীৰত্ব এতিয়াও আমাৰ স্মৃতিত উজ্জ্বল হৈ আছে। তেওঁলোকৰ নিষ্ঠা আৰু ত্যাগ দেশবাসীৰ বাবে গৌৰৱৰ বিষয়। তেওঁলোকৰ অদম্য ইচ্ছা চিৰকাল আমাৰ হৃদয়ত থাকিব। ভাৰতে তেওঁলোকৰ সাহসক অভিবাদন জনাইছে।’’ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বিজয় দিৱস উপলক্ষে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় ফৰ্ট উইলিয়ামত আজি বিজয় দিৱস উদযাপন কৰা হয়। ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত বিজয়ৰ স্মৃতিত এক বিশেষ  অনুষ্ঠানৰ জৰিয়তে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই  এই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ অৰুণাচল প্ৰদেশৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কলিতাই  কয়, "ভাৰতীয় সেনা সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) অৱস্থান সম্পৰ্কে ভাৰতৰ ধাৰণা অতি স্পষ্ট। চীনে তিব্বত দখল কৰিলেও ভাৰতৰ সাৰ্বভৌমত্বত  আঘাত কৰিব নোৱাৰিব। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক