--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিক্ৰী কৰা হ’ল প্ৰয়াত বলীউড অভিনেতা দেৱ আনন্দৰ জুহুস্থিত ঘৰ। পত্নী কল্পনা কাৰ্তিক আৰু দুই সন্তান সুনীল আনন্দ তথা দেৱীনা আনন্দৰ সৈতে এই ঘৰত বহুদিন বাস কৰিছিল আৰু দেৱৰ জীৱনৰ অতি সুন্দৰ মুহূৰ্ত এই ঘৰৰ লগত বিজড়িত হৈ আছিল। এতিয়া দেৱানন্দৰ বাংলোটো ২২ মহলীয়া টাৱাৰলৈ ৰূপান্তৰিত কৰা হৈছে।

হিন্দুস্তান টাইমছে এক সূত্ৰৰ উদ্ধৃতি দি লিখিছে যে দেৱ আনন্দৰ জুহু বাংলোটো ৰিয়েল এষ্টেট কোম্পানীক বিক্ৰী কৰা হৈছে। ইয়াৰ চুক্তি হৈ গৈছে আৰু এতিয়া কাগজ-পত্ৰৰ আনুষ্ঠানিক কাম-কাজ চলি আছে। কোৱা হৈছে যে দেৱ আনন্দৰ এই ঘৰটো প্ৰায় ৩৫০-৪০০ কোটি টকাত বিক্ৰী হৈছে। এই বাংলোটো ভাঙি পেলোৱাৰ পাছত এতিয়া সেই ঠাইত নিৰ্মাণ হ’ব ২২ মহলীয়া টাৱাৰ।

অঞ্চলটোৰ বহু বৃহৎ ব্যৱসায়ীৰ বাংলোৰ মাজত নিৰ্মাণ কৰা হৈছে দেৱ আনন্দৰ এই বাংলোটো।উল্লেখ্য যে দেৱ আনন্দৰ বাংলোৰ সমীপৰ এপাৰ্টমেণ্টটোত মাধুৰী দীক্ষিত নেনে আৰু ডিম্পল কাপাডিয়াৰ দৰে তাৰকায়ো বাস কৰে৷

স্মৰ্তব্য যে এই বাংলোটোৰ প্ৰতি দেৱ আনন্দৰ বৰ আকৰ্ষণ আছিল। তেওঁ নিজেই পুৰণি সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল। এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত দেৱ আনন্দে কৈছিল যে তেওঁ এই ঘৰটো ১৯৫০ চনত নিৰ্মাণ কৰিছিল, যেতিয়া জুহু এখন সৰু গাঁও আছিল আৰু তাত এখন সম্পূৰ্ণ অৰণ্য আছিল। ইয়াৰ হাবি ভাল পোৱাৰ বাবেই এই ঠাইখন বাছি লোৱা বুলি অভিনেতাজনে কৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু