--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিক্ৰী কৰা হ’ল প্ৰয়াত বলীউড অভিনেতা দেৱ আনন্দৰ জুহুস্থিত ঘৰ। পত্নী কল্পনা কাৰ্তিক আৰু দুই সন্তান সুনীল আনন্দ তথা দেৱীনা আনন্দৰ সৈতে এই ঘৰত বহুদিন বাস কৰিছিল আৰু দেৱৰ জীৱনৰ অতি সুন্দৰ মুহূৰ্ত এই ঘৰৰ লগত বিজড়িত হৈ আছিল। এতিয়া দেৱানন্দৰ বাংলোটো ২২ মহলীয়া টাৱাৰলৈ ৰূপান্তৰিত কৰা হৈছে।

হিন্দুস্তান টাইমছে এক সূত্ৰৰ উদ্ধৃতি দি লিখিছে যে দেৱ আনন্দৰ জুহু বাংলোটো ৰিয়েল এষ্টেট কোম্পানীক বিক্ৰী কৰা হৈছে। ইয়াৰ চুক্তি হৈ গৈছে আৰু এতিয়া কাগজ-পত্ৰৰ আনুষ্ঠানিক কাম-কাজ চলি আছে। কোৱা হৈছে যে দেৱ আনন্দৰ এই ঘৰটো প্ৰায় ৩৫০-৪০০ কোটি টকাত বিক্ৰী হৈছে। এই বাংলোটো ভাঙি পেলোৱাৰ পাছত এতিয়া সেই ঠাইত নিৰ্মাণ হ’ব ২২ মহলীয়া টাৱাৰ।

অঞ্চলটোৰ বহু বৃহৎ ব্যৱসায়ীৰ বাংলোৰ মাজত নিৰ্মাণ কৰা হৈছে দেৱ আনন্দৰ এই বাংলোটো।উল্লেখ্য যে দেৱ আনন্দৰ বাংলোৰ সমীপৰ এপাৰ্টমেণ্টটোত মাধুৰী দীক্ষিত নেনে আৰু ডিম্পল কাপাডিয়াৰ দৰে তাৰকায়ো বাস কৰে৷

স্মৰ্তব্য যে এই বাংলোটোৰ প্ৰতি দেৱ আনন্দৰ বৰ আকৰ্ষণ আছিল। তেওঁ নিজেই পুৰণি সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল। এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত দেৱ আনন্দে কৈছিল যে তেওঁ এই ঘৰটো ১৯৫০ চনত নিৰ্মাণ কৰিছিল, যেতিয়া জুহু এখন সৰু গাঁও আছিল আৰু তাত এখন সম্পূৰ্ণ অৰণ্য আছিল। ইয়াৰ হাবি ভাল পোৱাৰ বাবেই এই ঠাইখন বাছি লোৱা বুলি অভিনেতাজনে কৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক