--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'বিকশিত ভাৰত @২০৪৭: ভইচ অৱ য়ুথ' মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ ৰাজভৱনত আয়োজিত কৰ্মশালাত অংশগ্ৰহণ কৰা বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য, প্ৰতিষ্ঠানসমূহৰ মুৰব্বী আৰু অনুষদৰ সদস্যসকলক সম্বোধন কৰে।  

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভনিতে বিকশিত ভাৰতৰ অৰ্থে  আজিৰ কৰ্মশালা আয়োজন কৰাৰ বাবে সকলো ৰাজ্যৰ ৰাজ্যপালকে ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে  কয় যে আজিৰ এই অনুষ্ঠান এক বিশেষ অনুষ্ঠান হিচাবে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে উক্ত  অনুষ্ঠানতে  সেইসকল পথ প্ৰদৰ্শনকাৰী ব্যক্তিক  ধন্যবাদ জ্ঞাপন কৰে যিসকলে বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্য পূৰণৰ অৰ্থে দেশৰ যুৱপ্ৰজন্মক একত্ৰিত কৰি সঠিক নিৰ্দেশনা প্ৰদান কৰি আহিছে।

অসমত ৰাজভৱনে আইআইটি গুৱাহাটীত কৰ্মশালাৰ আয়োজন কৰে । অসমত আয়োজিত কৰ্মশালাত বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য, অন্যান্য উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী আৰু ৰাজ্যৰ বহু  শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াই তেওঁৰ ভাষণত কয় যে বিকশিত ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীয়ে দেশৰ উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিছে।তেওঁ যুৱ শক্তিক লগতলৈ উন্নয়নৰ দিশত চৰকাৰে গ্ৰহণ কৰা  বিকশিত ভাৰতৰ উদ্যোগৰ বাবে চৰকাৰক প্ৰশংসা কৰে।        

 ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰে শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰ খনত  অধিক বিনিয়োগ কৰিছে।  যি পদক্ষেপে  ভৱিষ্যতৰ  প্ৰজন্মৰ বাবে অধিক সুযোগ আৰু সামগ্ৰিক বিকাশৰ দুৱাৰ মুকলি কৰি দিব। তেওঁ লগতে কয় যে অসমকে ধৰি সমগ্ৰ দেশতে শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে আৰু শৈক্ষিক আন্তঃগাঁথনিৰ এনে বিকাশে বিকশিত ভাৰতৰ আধাৰ হিচাপে কাম কৰিছে। ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ শিক্ষাবিদ আৰু শিক্ষাৰ্থীসকলক দক্ষতা বিকাশৰ বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ আৰু দেশৰ প্ৰগতিৰ সৈতে  হাতত হাত মিলাই আগুৱাই যাবলৈ  আহ্বান জনায়।

প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণৰ পিছত আইআইটি গুৱাহাটীত "উচ্চ শিক্ষাৰ পৰিৱৰ্তন সাধনত  এনইপি ২০২০ৰ অৱদান আৰু বিকশিত ভাৰত@২০৪৭ৰ সপোনৰ অনুধাবন তথা বিকশিত ভাৰত@২০২৪ৰ প্ৰতিযুৱ প্ৰজন্মই কিদৰে অৱদান আগবঢ়াব " শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।   আলোচনাচক্ৰ খন পৰিচালনা কৰে অসম চৰকাৰৰ শিক্ষা  উপদেষ্টা অধ্যাপক নানী গোপাল মহন্তই। আলোচনাত পেনেললিষ্ট হিচাবে উপস্থিত থাকে   অধ্যাপক ড. মিহিৰ কান্তি চৌধুৰী, উপাচাৰ্য সচিবালয়ৰ উপদেষ্টা, গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ চেয়াৰপাৰ্ছন (একাডেমিক) অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঁই,  আইআইটি গুৱাহাটীৰ গণিত বিভাগৰ অধ্যাপক তথা ডিন  কান্দুৰু ভি কৃষ্ণা, গুৱাহাটী  বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষা শিক্ষা বিভাগৰ অধ্যাপিকা পদ্মিনী ভূঞা বৰা আৰু   প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰামচন্দ্ৰ ডেকাই। পেনেলিষ্টসকলে নতুন শিক্ষা নীতিৰ বিষয়ত  বিশদভাবে আলোচনা কৰে  আৰু কয়  যে এনইপি হৈছে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ  দিশত এক কৌশলগত দৃষ্টিভংগী। আলোচনাত পেনেললিষ্টসকলে উল্লেখ কৰে যে বিকশিত ভাৰতৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ বাবে এনইপি হৈছে এক অতি শক্তিশালী অস্ত্ৰ। 

                                                                      

আজি অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ প্ৰায় ৬১ খন উচ্চ শিক্ষানুষ্ঠানৰ ১০০০ তকৈও অধিক শিক্ষাবিদ আৰু শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰায় ৪৫ খন উচ্চ শিক্ষানুষ্ঠান আৰু ৬০০ তকৈও অধিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থী তথা  অনুষদেও ভাৰ্চুৱেলী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement