--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়া ভাৰতৰ খবৰ, মোদীৰ বিকশিত ভাৰতৰ খবৰ৷ যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ কথাকৈ দেশবাসীক নানান সপোন দেখুৱাইছে, সেই সময়তে দেশৰ বহু ঠাই আজিও পাণ্ডৱ বৰ্জিত হৈয়েই আছে৷ বাট-পথ, শিক্ষা, স্বাস্থ্য আদি সকলো ক্ষেত্ৰতে দেশৰ বহু ঠাই আজিও পিছপৰা৷ শেহতীয়াকৈ বিকশিত ভাৰতৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে এক  বিশেষ ঘটনাই৷ 

মহিলাগৰাকীৰ প্ৰসৱৰ বেদনা  সময়তকৈ আগতে আৰম্ভ হৈছিল। মহিলাগৰাকীক চিকিৎসকৰ কাষলৈ নিবলৈ নাই কোনো বাহন৷ বাহন চলিবলৈ সেই ঠাইত নাই কোনো ভাল ৰাস্তাও৷ উপায় নপাই পৰিয়ালৰ লোকে বাঁহেৰে তৈয়াৰ কৰা 'ষ্ট্ৰেচ্ছাৰ'তে মহিলাগৰাকীক  চাৰে তিনি কিলোমিটাৰ দূৰৈৰ চিকিৎসালয়লৈ সাঙী কৰি লৈ যায়৷ 

গাঁতেৰে ভৰি থকা পথেৰে   এম্বুলেন্স মহিলাগৰাকীৰ ঘৰত উপস্থিত হ'ব নোৱাৰিলে। গতিকে প্ৰসৱ বেদনাত ভুগি থকা প্ৰসূতিগৰাকীক তিনি কিলোমিটাৰ সাঙী কৰি এম্বুলেন্সৰ কাষলৈ  লৈ যোৱা হৈছিল। পকী ৰাস্তাত এম্বুলেন্সখন তাত ৰৈ আছিল৷ পিছত তাতেই তুলি মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হয়৷  কেৰালাৰ এই ঘটনাৰ পিছতে  প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।ঘটনাটো কেৰালাৰ পালাক্কাড জিলাৰ আটাপ্পাডি তালুকত সংঘটিত হৈছে। মহিলাগৰাকী  এগৰাকী আদিবাসী  মহিলা। তেওঁৰ নাম সুমতি মুৰুকান। তেওঁৰ ঘৰ আট্টাপ্পাদিৰ সান্তাল পৰগণাত । 

আত্মীয়সকলে প্ৰসূতিক সাঙী কৰি  পকী পথলৈ ৰাওনা হৈছিল। চিকিৎসালয়ত তেওঁ এটি  পুত্ৰ সন্তান জন্ম দিয়ে৷ সুমাথিৰ আত্মীয়সকলে কয়  যে মাক আৰু শিশু দুয়োসুস্থ। অৱশ্যে, দুয়োজন এতিয়াও চিকিৎসাধীন হৈ আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু