--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়া ভাৰতৰ খবৰ, মোদীৰ বিকশিত ভাৰতৰ খবৰ৷ যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ কথাকৈ দেশবাসীক নানান সপোন দেখুৱাইছে, সেই সময়তে দেশৰ বহু ঠাই আজিও পাণ্ডৱ বৰ্জিত হৈয়েই আছে৷ বাট-পথ, শিক্ষা, স্বাস্থ্য আদি সকলো ক্ষেত্ৰতে দেশৰ বহু ঠাই আজিও পিছপৰা৷ শেহতীয়াকৈ বিকশিত ভাৰতৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে এক  বিশেষ ঘটনাই৷ 

মহিলাগৰাকীৰ প্ৰসৱৰ বেদনা  সময়তকৈ আগতে আৰম্ভ হৈছিল। মহিলাগৰাকীক চিকিৎসকৰ কাষলৈ নিবলৈ নাই কোনো বাহন৷ বাহন চলিবলৈ সেই ঠাইত নাই কোনো ভাল ৰাস্তাও৷ উপায় নপাই পৰিয়ালৰ লোকে বাঁহেৰে তৈয়াৰ কৰা 'ষ্ট্ৰেচ্ছাৰ'তে মহিলাগৰাকীক  চাৰে তিনি কিলোমিটাৰ দূৰৈৰ চিকিৎসালয়লৈ সাঙী কৰি লৈ যায়৷ 

গাঁতেৰে ভৰি থকা পথেৰে   এম্বুলেন্স মহিলাগৰাকীৰ ঘৰত উপস্থিত হ'ব নোৱাৰিলে। গতিকে প্ৰসৱ বেদনাত ভুগি থকা প্ৰসূতিগৰাকীক তিনি কিলোমিটাৰ সাঙী কৰি এম্বুলেন্সৰ কাষলৈ  লৈ যোৱা হৈছিল। পকী ৰাস্তাত এম্বুলেন্সখন তাত ৰৈ আছিল৷ পিছত তাতেই তুলি মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হয়৷  কেৰালাৰ এই ঘটনাৰ পিছতে  প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।ঘটনাটো কেৰালাৰ পালাক্কাড জিলাৰ আটাপ্পাডি তালুকত সংঘটিত হৈছে। মহিলাগৰাকী  এগৰাকী আদিবাসী  মহিলা। তেওঁৰ নাম সুমতি মুৰুকান। তেওঁৰ ঘৰ আট্টাপ্পাদিৰ সান্তাল পৰগণাত । 

আত্মীয়সকলে প্ৰসূতিক সাঙী কৰি  পকী পথলৈ ৰাওনা হৈছিল। চিকিৎসালয়ত তেওঁ এটি  পুত্ৰ সন্তান জন্ম দিয়ে৷ সুমাথিৰ আত্মীয়সকলে কয়  যে মাক আৰু শিশু দুয়োসুস্থ। অৱশ্যে, দুয়োজন এতিয়াও চিকিৎসাধীন হৈ আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক