--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬ মাহ পূৰ্বে পাকিস্তানলৈ যোৱা অঞ্জু ভাৰতলৈ উভতি আহিছে। এতিয়ালৈকে অঞ্জু স্থায়ীভাৱে ভাৰতলৈ আহিছে নে পাকিস্তানলৈ উভতি যাব সেই বিষয়ে কোনো তথ্য পোৱা নাই। কিছুদিন আগতে পাকিস্তানী সংবাদ মাধ্যমক নছৰুল্লাই কৈছিল যে অঞ্জু ভাৰতলৈ যাব আৰু তেওঁ নিজেই ৱাগাহ সীমান্তলৈ গৈ তাইক থৈ আহিব।

ৰাজস্থানৰ আলৱাৰৰ পৰা পলায়ন কৰি পাকিস্তান পোৱা অঞ্জুৱে অৱশেষত ৬ মাহৰ অন্তত ভাৰতলৈ উভতি আহিল। পাকিস্তানত প্ৰেমিক নছৰুল্লাহক বিয়া কৰাই ফাতিমা হোৱা অঞ্জুৱে বুধবাৰে সন্ধিয়া ৱাগাহ সীমান্ত হৈ ভাৰতত উপস্থিত হয়। অঞ্জু যেতিয়া ভাৰতত উপস্থিত হয় তেতিয়া তাইৰ ঘৰত সুখৰ পৰিৱেশ নাছিল আৰু সংবাদ মাধ্যমৰ লগত কথা পাতিবলৈও কোনো সাজু নহয়। গাঁৱৰ ৰাইজে অঞ্জুক লৈ ইমানেই ক্ষুব্ধ হৈ পৰিছে যে অঞ্জুক গাঁৱত প্ৰৱেশ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে।

অঞ্জুৰ গাঁৱৰ (গোৱালিয়ৰৰ টেকানপুৰত অৱস্থিত বাউনা গাঁও) বীৰ সিং গুৰজাৰে কয় যে আমি মাত্ৰ টিভিৰ পৰা তথ্য পাইছো যে অঞ্জু পাকিস্তানৰ পৰা ভাৰতলৈ উভতি আহিছে। অঞ্জুৱে মিছাৰ আশ্ৰয় লৈ পৰিয়াল এৰি পাকিস্তানত নছৰুল্লাক বিয়া কৰোৱা কথাটো গাঁৱৰ কোনো সদস্যই পাহৰিব পৰা নাই। এই ছমাহত অঞ্জুৰ পৰিয়ালৰ সদস্যৰ কি হৈছে আমিহে জানো। এতিয়া গাঁৱত অঞ্জুৰ বাবে ঠাই নাই। আমি কোনো মূল্যৰ বিনিময়ত অঞ্জুক গাঁৱত ভৰি দিবলৈ নিদিওঁ।

ভাৰতৰ পৰা পলাই প্ৰায় ছমাহ পূৰ্বে পাকিস্তান পোৱা অঞ্জুৱে কৈছিল যে তেওঁ কেৱল ফুৰিবলৈহে গৈছিল। কিন্তু কিছুদিনৰ ভিতৰতে তেওঁৰ প্ৰেমিক নছৰুলাহৰ সৈতে তেওঁৰ ছবি ভাইৰেল হৈ পৰে। অঞ্জু বিবাহিতা আছিল। ভাৰতত অৰবিন্দৰ লগত বিবাহপাশত আবদ্ধ হোৱা অঞ্জুৰ দুটা সন্তান আছে। ভাৰতত উপস্থিত হোৱাৰ পাছত অঞ্জুক জেৰা কৰে নিৰাপত্তা সংস্থাই। খবৰ আহিছে যে অঞ্জুৰ জেৰা শেষ হোৱাৰ পিছত তেওঁক অমৃতসৰ বিমানবন্দৰলৈ অনা হ’ব, য’ৰ পৰা তেওঁক দিল্লীলৈ যোৱা বিমানত উঠাই দিয়া হ’ব।

নছৰুল্লাই কয় যে অঞ্জুৱে ভাৰতত সন্তানক লগ কৰিবলৈ গৈছে। যদি অঞ্জুৰ সন্তানে অঞ্জুৰ লগত পাকিস্তানলৈ আহিব বিচাৰে তেন্তে আহিব পাৰে। অঞ্জুৰ বহুদিনৰ পৰা সন্তানলৈ মনত পৰি আছিল তাৰপাছত তেওঁ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লয়।

জুন মাহত পাকিস্তানৰ পৰা ভাৰতলৈ পলায়ন কৰা সীমা হাইদৰৰ বিষয়ে আলোচনা চলি আছিল, সেই সময়ত অঞ্জুৱে ৰাজস্থানৰ ভীৱাড়ীৰ পৰা পাকিস্তানলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। অঞ্জু পাকিস্তানত থকাৰ খবৰ বিয়পি পৰাৰ পাছত তেওঁ কৈছিল যে চাৰি-পাঁচ দিনৰ পাছত ঘৰলৈ ঘূৰি আহিব। কিন্তু ইয়াৰ পাছতেই পাকিস্তানৰ নছৰুল্লাক বিয়া কৰাইছিল অঞ্জুৱে। নছৰুল্লাই কয় যে আমাৰ বিয়া হোৱাৰ কোনো উদ্দেশ্য নাছিল। অঞ্জুৱে কেৱল মোক আৰু মোৰ পৰিয়ালক লগ কৰিবলৈ আহিছিল যদিও পৰিস্থিতি এনেকুৱা হৈ পৰিল যে আমি বিয়া হ’ব লগা হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক