--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ দুখীয়া লোকৰ অৱস্থা টনকিয়াল হোৱা বুলি চৰকাৰে যিমানেই দাবী নকৰক কিয় এতিয়াও বহু দুখীয়া লোকে জীৱন ধাৰণৰ সাধাৰণ সুবিধা খিনিও পোৱা নাই। শেহতীয়াকৈ এজন লোকে কেৱল ধনৰ অভাৱৰ বাবেই কণমানি পুত্ৰৰ মৃতদেহ এম্বুলেন্সেৰে আনিব নোৱাৰি বেগ ভৰাইয়েই ২০০ কিলোমিটাৰ পথ বাছেৰে যাত্ৰা কৰাৰ কথা পোহৰলৈ আহিছে। 

লোকজনে  দাবী কৰিছে যে তেওঁ   এটা মোনাত তেওঁৰ পাঁচ মাহীয়া  শিশুটোৰ মৃতদেহ লৈ বাছত যাত্ৰা কৰিছিল। কিয়নো শিলিগুৰিৰ পৰা কালিয়াগঞ্জৰ ঘৰলৈ লৈ যোৱাৰ বাবে এম্বুলেন্স চালকে দাবী কৰা অনুসৰি তেওঁৰ ওচৰত ৮,০০০ টকা নাছিল।এই ঘটনাৰ পিছতে  পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি বিজেপিৰ সুভেন্দু অধিকাৰীয়ে তৃণমূল কংগ্ৰেছ চৰকাৰৰ 'স্বাস্থ্য সাথী' স্বাস্থ্য বীমা আঁচনিৰ কাৰ্যকাৰীতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।  আনহাতে টিএমচিয়ে গেৰুৱা শিবিৰটোৱে এটা শিশুৰ দুৰ্ভাগ্যজনক মৃত্যুক লৈ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

মৃত শিশুটিৰ  অসীম দেৱশৰ্মাই কয়, "মোৰ পাঁচ মহীয়া পুত্ৰৰ চিকিৎসাৰ সময়তে  যোৱা নিশা মৃত্যু হৈছিল ।শিলিগুৰিৰ নৰ্থ বেংগল মেডিকেল কলেজ এণ্ড হস্পিটেলত ছয় দিনত মই ১৬,০০০ টকা খৰচ কৰিছিলো।" তেওঁ সাংবাদিকৰ আগত কয়, "মোৰ মৃত সন্তানৰ দেহ  কালিয়াগঞ্জলৈ লৈ যোৱাৰ বাবে  এম্বুলেন্স চালকে দাবী কৰা ৮,০০০ টকা পৰিশোধ কৰিবলৈ মোৰ ওচৰত টকা নাছিল।"

দেৱশৰ্মাই দাবী কৰিছে যে তেওঁ মৃতদেহটো এটা মোনাত ভৰাই  বাছেৰে দাৰ্জিলিং জিলাৰ শিলিগুৰিৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত অৱস্থিত উত্তৰ দিনাজপুৰ জিলাৰ কালিয়াগঞ্জলৈ যাত্ৰা কৰিছিল। তেওঁ সেই সময়ত এই কথা  কাকো জনোৱা নাছিল। কাৰণ বেগত মৃতদেহ থকা বুলি জানিলে তেওঁক বাছৰ পৰা নমাই দিয়া হ’লহেঁতেন।তেওঁ লগতে দাবী কৰিছে  যে ১০২  আঁচনিৰ অধীনত কাম কৰা  এজন এম্বুলেন্স চালকে তেওঁক কৈছিল যে সুবিধাটো ৰোগীসকলৰ বাবে বিনামূলীয়া, কিন্তু মৃতদেহ পৰিবহনৰ বাবে নহয়।

উল্লেখ্য চলিত  বৰ্ষৰ জানুৱাৰী মাহতো পশ্চিমবংগৰ   উত্তৰ অংশৰ জলপাইগুৰি জিলাতো একে ধৰণৰ ঘটনা সংঘটিত হৈছিল। এম্বুলেন্স অপাৰেটৰসকলে দাবী কৰা উচ্চ পৰিমাণৰ ধন পৰিশোধ কৰিব নোৱাৰি এজন ব্যক্তিয়ে তেওঁৰ মাতৃৰ মৃতদেহ কান্ধত লৈ প্ৰায় ৪০  কিলোমিটাৰ দূৰত থকা এখন চৰকাৰী চিকিৎসালয়ৰ পৰা ঘৰলৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। অৱশ্যে, কিছু সময়ৰ পিছত, এটা সমাজ সেৱা সংগঠনে তেওঁক এখন বাহন প্ৰদান কৰিছিল আৰু  তেওঁলোকক বিনামূলীয়াকৈ ঘৰলৈ লৈ গৈছিল।















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ