--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ দুখীয়া লোকৰ অৱস্থা টনকিয়াল হোৱা বুলি চৰকাৰে যিমানেই দাবী নকৰক কিয় এতিয়াও বহু দুখীয়া লোকে জীৱন ধাৰণৰ সাধাৰণ সুবিধা খিনিও পোৱা নাই। শেহতীয়াকৈ এজন লোকে কেৱল ধনৰ অভাৱৰ বাবেই কণমানি পুত্ৰৰ মৃতদেহ এম্বুলেন্সেৰে আনিব নোৱাৰি বেগ ভৰাইয়েই ২০০ কিলোমিটাৰ পথ বাছেৰে যাত্ৰা কৰাৰ কথা পোহৰলৈ আহিছে। 

লোকজনে  দাবী কৰিছে যে তেওঁ   এটা মোনাত তেওঁৰ পাঁচ মাহীয়া  শিশুটোৰ মৃতদেহ লৈ বাছত যাত্ৰা কৰিছিল। কিয়নো শিলিগুৰিৰ পৰা কালিয়াগঞ্জৰ ঘৰলৈ লৈ যোৱাৰ বাবে এম্বুলেন্স চালকে দাবী কৰা অনুসৰি তেওঁৰ ওচৰত ৮,০০০ টকা নাছিল।এই ঘটনাৰ পিছতে  পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি বিজেপিৰ সুভেন্দু অধিকাৰীয়ে তৃণমূল কংগ্ৰেছ চৰকাৰৰ 'স্বাস্থ্য সাথী' স্বাস্থ্য বীমা আঁচনিৰ কাৰ্যকাৰীতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।  আনহাতে টিএমচিয়ে গেৰুৱা শিবিৰটোৱে এটা শিশুৰ দুৰ্ভাগ্যজনক মৃত্যুক লৈ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

মৃত শিশুটিৰ  অসীম দেৱশৰ্মাই কয়, "মোৰ পাঁচ মহীয়া পুত্ৰৰ চিকিৎসাৰ সময়তে  যোৱা নিশা মৃত্যু হৈছিল ।শিলিগুৰিৰ নৰ্থ বেংগল মেডিকেল কলেজ এণ্ড হস্পিটেলত ছয় দিনত মই ১৬,০০০ টকা খৰচ কৰিছিলো।" তেওঁ সাংবাদিকৰ আগত কয়, "মোৰ মৃত সন্তানৰ দেহ  কালিয়াগঞ্জলৈ লৈ যোৱাৰ বাবে  এম্বুলেন্স চালকে দাবী কৰা ৮,০০০ টকা পৰিশোধ কৰিবলৈ মোৰ ওচৰত টকা নাছিল।"

দেৱশৰ্মাই দাবী কৰিছে যে তেওঁ মৃতদেহটো এটা মোনাত ভৰাই  বাছেৰে দাৰ্জিলিং জিলাৰ শিলিগুৰিৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত অৱস্থিত উত্তৰ দিনাজপুৰ জিলাৰ কালিয়াগঞ্জলৈ যাত্ৰা কৰিছিল। তেওঁ সেই সময়ত এই কথা  কাকো জনোৱা নাছিল। কাৰণ বেগত মৃতদেহ থকা বুলি জানিলে তেওঁক বাছৰ পৰা নমাই দিয়া হ’লহেঁতেন।তেওঁ লগতে দাবী কৰিছে  যে ১০২  আঁচনিৰ অধীনত কাম কৰা  এজন এম্বুলেন্স চালকে তেওঁক কৈছিল যে সুবিধাটো ৰোগীসকলৰ বাবে বিনামূলীয়া, কিন্তু মৃতদেহ পৰিবহনৰ বাবে নহয়।

উল্লেখ্য চলিত  বৰ্ষৰ জানুৱাৰী মাহতো পশ্চিমবংগৰ   উত্তৰ অংশৰ জলপাইগুৰি জিলাতো একে ধৰণৰ ঘটনা সংঘটিত হৈছিল। এম্বুলেন্স অপাৰেটৰসকলে দাবী কৰা উচ্চ পৰিমাণৰ ধন পৰিশোধ কৰিব নোৱাৰি এজন ব্যক্তিয়ে তেওঁৰ মাতৃৰ মৃতদেহ কান্ধত লৈ প্ৰায় ৪০  কিলোমিটাৰ দূৰত থকা এখন চৰকাৰী চিকিৎসালয়ৰ পৰা ঘৰলৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। অৱশ্যে, কিছু সময়ৰ পিছত, এটা সমাজ সেৱা সংগঠনে তেওঁক এখন বাহন প্ৰদান কৰিছিল আৰু  তেওঁলোকক বিনামূলীয়াকৈ ঘৰলৈ লৈ গৈছিল।















FOLLOW US F
POPULAR
FEATURE
TRENDY
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক