--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল প্ৰেমিক-প্ৰেমিকা পৰিল আৰক্ষীৰ জালত। কি দোষ কৰিলে প্ৰেমিক-প্ৰেমিকাহালে? প্ৰেমিকযুগলে বিক্ৰী কৰিছিল ড্ৰাগছ। বিলাসী জীৱন কটাবলৈ দুয়ো মিলি বিক্ৰী কৰিছিল ড্ৰাগছ। এই ঘটনা বেংগালুৰুৰ। প্ৰেমিক-প্ৰেমিকাহালৰ নাম চিগিল ভাৰ্গিজ(৩২)আৰু বিষ্ণুপ্ৰিয়া(২২)। চিগিল ভাৰ্গিজ আৰু বিষ্ণুপ্ৰিয়াৰ লগতে বিক্ৰম (২৩) নামৰ এজন যুৱককো গ্ৰেপ্তাৰ কৰিছে বেংগালুৰু আৰক্ষীয়ে। বিক্ৰমে প্ৰেমিক-প্ৰেমিকাহালক ড্ৰাগছ বিক্ৰী কৰাত সহায় কৰিছিল। চিগিল ভাৰ্গিজ আৰু বিষ্ণুপ্ৰিয়া তেওঁলোকৰ পঢ়াশুনাৰ বাবে কেৰালাৰ পৰা বেংগালুৰুলৈ আহিছিল। bfc2 তেওঁলোকে এটা ঘৰ ভাড়াত লৈ একেলগে থাকিবলৈ লৈছিল আৰু টেটু শিল্পী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ পাছত হাই প্ৰফাইল জীৱনশৈলী বজাই ৰাখিবলৈ ড্ৰাগছ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল চিগিল ভাৰ্গিজ আৰু বিষ্ণুপ্ৰিয়াই। বেংগালুৰু আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোক ২০২০ চনৰ পৰা ড্ৰাগছৰ লেনদেনত জড়িত হৈ আছে। বেংগালুৰুৰ বিভিন্ন সন্মানীয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক কেৰালা আৰু কইম্বাটুৰৰ ড্ৰাগছ বিক্ৰী কৰিছিল প্ৰেমিকযুগলে। আৰক্ষীৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ড্ৰাগছবোৰ বিশাখাপত্তনম হৈ বেংগালুৰুলৈ অনা হৈছিল। বিক্ৰমে চিগিল ভাৰ্গিজ আৰু বিষ্ণুপ্ৰিয়াৰ গ্ৰাহকসকলক ড্ৰাগছ বিতৰণ কৰাত সহায় কৰিছিল। ড্ৰাগছসহ বিক্ৰমক প্ৰথমে ধৰিছিল আৰক্ষীয়ে। তেওঁৰ বক্তব্যৰ পাছতে আৰক্ষীয়ে বিষ্ণুপ্ৰিয়া আৰু চিগিলৰ ঘৰত অভিযান চলাই ৭ কোটি টকাৰ ১২ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰে। দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আন উৎসৰ পৰাও চৰকাৰী তথ্য পোৱাৰ পিছত তেওঁলোকৰ ঘৰত অভিযান চলাইছিল। অভিযুক্তৰ ঘৰৰ পৰা ৮ কোটি টকাৰ অন্যান্য প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰা হৈছে। প্ৰেমিক-প্ৰেমিকাহালৰ বেংকৰ লেনদেন এতিয়া আৰক্ষীৰ দ্বাৰা তদন্ত কৰা হৈছে। আৰু পঢ়কঃ গাহৰিৰ হৃদযন্ত্ৰ লৈ ২ মাহ জীয়াই থাকিল ডেভিড বেনেট;অৱশেষত সাবটিলে মৃত্যু    

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন