--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল প্ৰেমিক-প্ৰেমিকা পৰিল আৰক্ষীৰ জালত। কি দোষ কৰিলে প্ৰেমিক-প্ৰেমিকাহালে? প্ৰেমিকযুগলে বিক্ৰী কৰিছিল ড্ৰাগছ। বিলাসী জীৱন কটাবলৈ দুয়ো মিলি বিক্ৰী কৰিছিল ড্ৰাগছ। এই ঘটনা বেংগালুৰুৰ। প্ৰেমিক-প্ৰেমিকাহালৰ নাম চিগিল ভাৰ্গিজ(৩২)আৰু বিষ্ণুপ্ৰিয়া(২২)। চিগিল ভাৰ্গিজ আৰু বিষ্ণুপ্ৰিয়াৰ লগতে বিক্ৰম (২৩) নামৰ এজন যুৱককো গ্ৰেপ্তাৰ কৰিছে বেংগালুৰু আৰক্ষীয়ে। বিক্ৰমে প্ৰেমিক-প্ৰেমিকাহালক ড্ৰাগছ বিক্ৰী কৰাত সহায় কৰিছিল। চিগিল ভাৰ্গিজ আৰু বিষ্ণুপ্ৰিয়া তেওঁলোকৰ পঢ়াশুনাৰ বাবে কেৰালাৰ পৰা বেংগালুৰুলৈ আহিছিল। bfc2 তেওঁলোকে এটা ঘৰ ভাড়াত লৈ একেলগে থাকিবলৈ লৈছিল আৰু টেটু শিল্পী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ পাছত হাই প্ৰফাইল জীৱনশৈলী বজাই ৰাখিবলৈ ড্ৰাগছ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল চিগিল ভাৰ্গিজ আৰু বিষ্ণুপ্ৰিয়াই। বেংগালুৰু আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোক ২০২০ চনৰ পৰা ড্ৰাগছৰ লেনদেনত জড়িত হৈ আছে। বেংগালুৰুৰ বিভিন্ন সন্মানীয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক কেৰালা আৰু কইম্বাটুৰৰ ড্ৰাগছ বিক্ৰী কৰিছিল প্ৰেমিকযুগলে। আৰক্ষীৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ড্ৰাগছবোৰ বিশাখাপত্তনম হৈ বেংগালুৰুলৈ অনা হৈছিল। বিক্ৰমে চিগিল ভাৰ্গিজ আৰু বিষ্ণুপ্ৰিয়াৰ গ্ৰাহকসকলক ড্ৰাগছ বিতৰণ কৰাত সহায় কৰিছিল। ড্ৰাগছসহ বিক্ৰমক প্ৰথমে ধৰিছিল আৰক্ষীয়ে। তেওঁৰ বক্তব্যৰ পাছতে আৰক্ষীয়ে বিষ্ণুপ্ৰিয়া আৰু চিগিলৰ ঘৰত অভিযান চলাই ৭ কোটি টকাৰ ১২ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰে। দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আন উৎসৰ পৰাও চৰকাৰী তথ্য পোৱাৰ পিছত তেওঁলোকৰ ঘৰত অভিযান চলাইছিল। অভিযুক্তৰ ঘৰৰ পৰা ৮ কোটি টকাৰ অন্যান্য প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰা হৈছে। প্ৰেমিক-প্ৰেমিকাহালৰ বেংকৰ লেনদেন এতিয়া আৰক্ষীৰ দ্বাৰা তদন্ত কৰা হৈছে। আৰু পঢ়কঃ গাহৰিৰ হৃদযন্ত্ৰ লৈ ২ মাহ জীয়াই থাকিল ডেভিড বেনেট;অৱশেষত সাবটিলে মৃত্যু    

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ; ফাইনেলত ঝাৰখণ্ড, মণিপুৰ
ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: মোহন ভাগৱত
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ