--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ১০ মাৰ্চত মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। মণিপুৰ বিধানসভা নিৰ্বাচন ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। মণিপুৰৰ ৬০ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। EVM ত বন্দী হৈছিল ৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। bfc2 মণিপুৰৰ নিৰ্বাচনত বিজেপি, কংগ্ৰেছ আৰু এনপিপিৰ মাজত তিনিকোণীয়া যুঁজ দেখা গৈছিল। কেইবাটাও এক্সিট প’লে ভৱিষ্যতবাণী কৰিছে যে বিজেপিয়ে মণিপুৰৰ একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিব। উল্লেখ্য যে মণিপুৰসহ পাঁচ ৰাজ্যত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ৰাতিপুৱা আঠ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে। আৰম্ভণিতে বেলট পেপাৰৰ গণনা আৰম্ভ কৰিছে আৰু ইয়াৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ’ব। ইতিমধ্যে পাঁচোখন ৰাজ্যত ভোটগণনাক লৈ সুৰক্ষা কটকটীয়া কৰি তোলা হৈছে। মণিপুৰৰ লগতে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু পঞ্জাৱতো ৰাতিপুৱা আঠ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে। আৰু পঢ়কঃ বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলে যদি লাগি থাকে তেন্তে সাৱধান হওঁক! হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক