--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 
গণধৰ্ষণৰ ঘটনা ভাৰতবৰ্ষৰ নতুন কথা নহয়। শুনিলেই গা কঁপি উঠা হাজাৰটা খবৰৰ মাজৰ এটা খবৰ - বিলকিছ বানোৰ গণধৰ্ষণ৷ ২০০৮ চনত ১১জন নৰপিশাচে  দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল গৰ্ভৱতী বিলকিছ বানোক৷ শেহতীয়াকৈ বানোৰ ধৰ্ষণৰ সৈতে জড়িত ১১ জন ধৰ্ষণকাৰীক মুকলি কৰি দিয়া হৈছিল৷ তাকে লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া৷ আৰু অৱশেষত  উচ্চতম ন্যায়ালয়ে মঙলবাৰে বিলকিছ বানোৰ  ধৰ্ষণ গোচৰত অভিযুক্ত  ১১ জনক ৰেহাই দিয়াক প্ৰত্যাহ্বান জনাই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ মান্তি হৈছে৷ 

গুজৰাট চৰকাৰৰ ৰেহাই নীতিৰ অধীনত গোধৰা উপ-কাৰাগাৰৰ পৰা চলিত বৰ্ষৰ ১৫ আগষ্টত ১১ জন দোষীক ৰেহাই দিছিল ৷ এগৰাকী গৰ্ভৱতী নাৰীক ধৰ্ষণ কৰাৰ পিছতো অপৰাধী কেইজনৰ প্ৰতি চৰকাৰে অনুকম্পা প্ৰদৰ্শন কৰাক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল৷  

মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ হিমা কোহলী আৰু চি টি ৰবিকুমাৰক লৈ গঠিত এখন বিচাৰপীঠে গোধৰা কাণ্ডৰ  পিছৰ চাঞ্চল্যকৰ গোচৰত আজীৱন কাৰাদণ্ড ভোগা দোষীসকলক ৰেহাই দিয়াৰ বিৰুদ্ধে জ্যেষ্ঠ অধিবক্তা কপিল চিব্বল আৰু অধিবক্তা অপৰ্ণা ভাটৰ দাখিলৰ প্ৰতি লক্ষ্য ৰাখিছিল।

ভাটে এইটোও কৈছিল যে ৰাজ্য চৰকাৰক ৰেহাইৰ দিশটো বিবেচনা কৰিবলৈ কোৱা শীৰ্ষ ন্যায়ালয়ৰ পূৰ্বৰ আদেশক প্ৰত্যাহ্বান জনোৱা হোৱা নাই।

অধিবক্তাসকলে চি পি আই (এম)ৰ নেতা সুভাষিনী আলী, সাংবাদিক ৰেৱতী লাউল আৰু কৰ্মী ৰূপ ৰেখা ৰাণীৰ দ্বাৰা দাখিল কৰা আবেদনৰ জৰুৰী শুনানি বিচাৰিছিল।
গুজৰাট চৰকাৰে ৰেহাই  নীতিৰ অধীনত ধৰ্ষণকাৰী কেইজনৰ মুক্তিৰ অনুমতি দিয়াৰ পিছত ১১ জন দোষী ১৫ আগষ্টত গোধৰা উপ-কাৰাগাৰৰ পৰা ওলাই গৈছিল।উল্লেখযোগ্য যে,  তেওঁলোকে ১৫ বছৰতকৈও অধিককাল  কাৰাগাত সম্পূৰ্ণ কৰিছিল।

এই গোচৰটোৰ তদন্ত চিবিআইক হস্তান্তৰ কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয়ে বিচাৰটো মহাৰাষ্ট্ৰৰ স্থানীয় আদালতলৈ স্থানান্তৰ কৰিছিল।

২০০৮ চনৰ ২১ জানুৱাৰীত মুম্বাইৰ এখন বিশেষ চি বি আই আদালতে বিলকিছ বানোৰ পৰিয়ালৰ সাতজন সদস্যক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগত ১১ জনক আজীৱন কাৰাদণ্ড ঘোষণা কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু