--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 
গণধৰ্ষণৰ ঘটনা ভাৰতবৰ্ষৰ নতুন কথা নহয়। শুনিলেই গা কঁপি উঠা হাজাৰটা খবৰৰ মাজৰ এটা খবৰ - বিলকিছ বানোৰ গণধৰ্ষণ৷ ২০০৮ চনত ১১জন নৰপিশাচে  দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল গৰ্ভৱতী বিলকিছ বানোক৷ শেহতীয়াকৈ বানোৰ ধৰ্ষণৰ সৈতে জড়িত ১১ জন ধৰ্ষণকাৰীক মুকলি কৰি দিয়া হৈছিল৷ তাকে লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া৷ আৰু অৱশেষত  উচ্চতম ন্যায়ালয়ে মঙলবাৰে বিলকিছ বানোৰ  ধৰ্ষণ গোচৰত অভিযুক্ত  ১১ জনক ৰেহাই দিয়াক প্ৰত্যাহ্বান জনাই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ মান্তি হৈছে৷ 

গুজৰাট চৰকাৰৰ ৰেহাই নীতিৰ অধীনত গোধৰা উপ-কাৰাগাৰৰ পৰা চলিত বৰ্ষৰ ১৫ আগষ্টত ১১ জন দোষীক ৰেহাই দিছিল ৷ এগৰাকী গৰ্ভৱতী নাৰীক ধৰ্ষণ কৰাৰ পিছতো অপৰাধী কেইজনৰ প্ৰতি চৰকাৰে অনুকম্পা প্ৰদৰ্শন কৰাক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল৷  

মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ হিমা কোহলী আৰু চি টি ৰবিকুমাৰক লৈ গঠিত এখন বিচাৰপীঠে গোধৰা কাণ্ডৰ  পিছৰ চাঞ্চল্যকৰ গোচৰত আজীৱন কাৰাদণ্ড ভোগা দোষীসকলক ৰেহাই দিয়াৰ বিৰুদ্ধে জ্যেষ্ঠ অধিবক্তা কপিল চিব্বল আৰু অধিবক্তা অপৰ্ণা ভাটৰ দাখিলৰ প্ৰতি লক্ষ্য ৰাখিছিল।

ভাটে এইটোও কৈছিল যে ৰাজ্য চৰকাৰক ৰেহাইৰ দিশটো বিবেচনা কৰিবলৈ কোৱা শীৰ্ষ ন্যায়ালয়ৰ পূৰ্বৰ আদেশক প্ৰত্যাহ্বান জনোৱা হোৱা নাই।

অধিবক্তাসকলে চি পি আই (এম)ৰ নেতা সুভাষিনী আলী, সাংবাদিক ৰেৱতী লাউল আৰু কৰ্মী ৰূপ ৰেখা ৰাণীৰ দ্বাৰা দাখিল কৰা আবেদনৰ জৰুৰী শুনানি বিচাৰিছিল।
গুজৰাট চৰকাৰে ৰেহাই  নীতিৰ অধীনত ধৰ্ষণকাৰী কেইজনৰ মুক্তিৰ অনুমতি দিয়াৰ পিছত ১১ জন দোষী ১৫ আগষ্টত গোধৰা উপ-কাৰাগাৰৰ পৰা ওলাই গৈছিল।উল্লেখযোগ্য যে,  তেওঁলোকে ১৫ বছৰতকৈও অধিককাল  কাৰাগাত সম্পূৰ্ণ কৰিছিল।

এই গোচৰটোৰ তদন্ত চিবিআইক হস্তান্তৰ কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয়ে বিচাৰটো মহাৰাষ্ট্ৰৰ স্থানীয় আদালতলৈ স্থানান্তৰ কৰিছিল।

২০০৮ চনৰ ২১ জানুৱাৰীত মুম্বাইৰ এখন বিশেষ চি বি আই আদালতে বিলকিছ বানোৰ পৰিয়ালৰ সাতজন সদস্যক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগত ১১ জনক আজীৱন কাৰাদণ্ড ঘোষণা কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ