--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। ধৰ্ষণৰ দৰে ঘৃণনীয় ঘটনাৰ বাতৰি দৈনিক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ থানে জিলাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক অমানুষিক অত্যাচাৰ চলাই দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ এইবাৰ সমুখলৈ আহিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা ২৬ আগষ্টত এই লজ্জাজনক ঘটনা সংঘটিত হৈছিল। শুকুৰবাৰে আবেলি তিনিওজন ব্যক্তিয়ে কিশোৰীগৰাকীক ভিৱান্দিৰ কলহেৰৰ এটা ফ্লেটলৈ লৈ যায় আৰু হাত ভৰি বান্ধি দলবদ্ধভাৱে ধৰ্ষণ কৰে। এই অত্যাচাৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাৰ বাবে এজন অভিযুক্তই কিশোৰীগৰাকীক কামুৰি আঘাতো কৰে বুলি থানে আৰক্ষীৰ অপৰাধ শাখাৰ এজন বিষয়াই কয়।

ধৰ্ষণৰ অভিযোগ তোলা কিশোৰীগৰাকীয়ে থানে চহৰৰ ৱাগল ইষ্টেট বিভাগৰ চিতালচাৰ আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত শচীন কাম্বলে (৩০), আকাশ কনোজিয়া (২২) আৰু আছু (২০) নামৰ তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৰ্ষিতা কিশোৰীগৰাকী আৰু অভিযুক্তকেইগৰাকী ৱাগল ইষ্টেট এলেকাতে বাস কৰে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

ইতিমধ্যে তিনিও অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। আৰক্ষীৰ বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে কাম্বলে নামৰ অভিযুক্ত গৰাকীৰ বিৰুদ্ধে ৱাগল ইষ্টেট এলেকাত কেইবাটাও অপৰাধৰ গোচৰ পূৰ্বে পঞ্জীয়ন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু