--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। ধৰ্ষণৰ দৰে ঘৃণনীয় ঘটনাৰ বাতৰি দৈনিক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ থানে জিলাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক অমানুষিক অত্যাচাৰ চলাই দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ এইবাৰ সমুখলৈ আহিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা ২৬ আগষ্টত এই লজ্জাজনক ঘটনা সংঘটিত হৈছিল। শুকুৰবাৰে আবেলি তিনিওজন ব্যক্তিয়ে কিশোৰীগৰাকীক ভিৱান্দিৰ কলহেৰৰ এটা ফ্লেটলৈ লৈ যায় আৰু হাত ভৰি বান্ধি দলবদ্ধভাৱে ধৰ্ষণ কৰে। এই অত্যাচাৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাৰ বাবে এজন অভিযুক্তই কিশোৰীগৰাকীক কামুৰি আঘাতো কৰে বুলি থানে আৰক্ষীৰ অপৰাধ শাখাৰ এজন বিষয়াই কয়।

ধৰ্ষণৰ অভিযোগ তোলা কিশোৰীগৰাকীয়ে থানে চহৰৰ ৱাগল ইষ্টেট বিভাগৰ চিতালচাৰ আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত শচীন কাম্বলে (৩০), আকাশ কনোজিয়া (২২) আৰু আছু (২০) নামৰ তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৰ্ষিতা কিশোৰীগৰাকী আৰু অভিযুক্তকেইগৰাকী ৱাগল ইষ্টেট এলেকাতে বাস কৰে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

ইতিমধ্যে তিনিও অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। আৰক্ষীৰ বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে কাম্বলে নামৰ অভিযুক্ত গৰাকীৰ বিৰুদ্ধে ৱাগল ইষ্টেট এলেকাত কেইবাটাও অপৰাধৰ গোচৰ পূৰ্বে পঞ্জীয়ন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ