--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :
২০০২ চনত এই গণ ধৰ্ষণৰ বলি হৈছিল গুজৰাটৰ  বিলকিছ বানু৷ বৰ্তমান এই লোমহৰ্ষক ধৰ্ষণকাণ্ডৰ সৈতে জড়িত থকা ১১ জন ধৰ্ষণকাৰীক গুজৰাট চৰকাৰে মুকলি কৰি দিয়ে৷ এই ঘটনাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে বিৰোধী নেতা সকল৷ এই নেতা সকলে চৰকাৰৰ ওপৰতো যথেষ্ট ক্ষোভিত হৈ পৰিছে৷

২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত ধৰ্ষণৰ বলি হৈছিল মুছলিম সম্প্ৰদায়ৰ  বিলকিছ বানু৷ তেওঁৰ ধৰ্ষণৰ লগত জড়িত অপৰাধী কেইজনক মুকলি কৰি দিয়াত স্তম্ভিত হৈ পৰিছে বানু পৰিয়ালবাসী৷ লগতে চৰকাৰে দুৰ্ভগীয়া বানুৰ বাবে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে , আনকি প্ৰতিশ্ৰুতি অনুসৰি সংস্থাপনো প্ৰদান নকৰিলে বুলি আক্ষেপ কৰে তেওঁৰ পৰিয়ালে৷

বিলকিছ বানুৰ স্বামীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে,  বাতৰিৰ যোগেদি বানুৰ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতজন নিৰ্দোষী লোকৰ হত্যাৰ লগত জড়িত অপৰাধী সকলক মুকলি কৰি দিয়াত তেওঁ যথেষ্ট হতাশ হৈ পৰিছে৷ 

বানুৰ স্বামী য়ুকুব ৰাছেলে কয় যে ২০ বছৰ আগৰ সেই সংঘৰ্ষৰ পিছৰে পৰা তেওঁ , তেওঁৰ পত্নী আৰু পাঁচটা সন্তানে কোনো স্থায়ী ঠিকনা নোহোৱাকৈয়ে দিন কটাইছে৷ অথচ, চৰকাৰে এটা ঘৰ আৰু সংস্থাপনৰ বাবে দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নহ’ল৷ আনহাতে এই এঘাৰজন অপৰাধীৰ মুকলিৰ বিষয়ে ঘুণাক্ষৰেও গম পোৱা নাছিল বিলকিছ বানুৰ পৰিয়ালে৷ 

২০০২ চনত  ৩ মাৰ্চ তাৰিখে ৰাধিকাপুৰ গাৱত গণ ধৰ্ষণৰ বলি হোৱাৰ সময়ত বানু আছিল পাঁচ মাহৰ গৰ্ভৱতী৷ এই ধৰ্ষণ কাণ্ডৰ ভয়াৱহতাই আজিও স্বাভাৱিক জীৱন যাপনত বাধা দিছে বানুক ।আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়েই দ্বায়িত্ব সমাৰিলে চৰকাৰে৷ আনফালে, এনে ভয়ংকৰ অপৰাধ সংঘটিত কৰা ধৰ্ষণকাৰী সকলক মুকলি কৰি দিয়াটোৱে চকু কপালত উঠাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ