--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :
২০০২ চনত এই গণ ধৰ্ষণৰ বলি হৈছিল গুজৰাটৰ  বিলকিছ বানু৷ বৰ্তমান এই লোমহৰ্ষক ধৰ্ষণকাণ্ডৰ সৈতে জড়িত থকা ১১ জন ধৰ্ষণকাৰীক গুজৰাট চৰকাৰে মুকলি কৰি দিয়ে৷ এই ঘটনাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে বিৰোধী নেতা সকল৷ এই নেতা সকলে চৰকাৰৰ ওপৰতো যথেষ্ট ক্ষোভিত হৈ পৰিছে৷

২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত ধৰ্ষণৰ বলি হৈছিল মুছলিম সম্প্ৰদায়ৰ  বিলকিছ বানু৷ তেওঁৰ ধৰ্ষণৰ লগত জড়িত অপৰাধী কেইজনক মুকলি কৰি দিয়াত স্তম্ভিত হৈ পৰিছে বানু পৰিয়ালবাসী৷ লগতে চৰকাৰে দুৰ্ভগীয়া বানুৰ বাবে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে , আনকি প্ৰতিশ্ৰুতি অনুসৰি সংস্থাপনো প্ৰদান নকৰিলে বুলি আক্ষেপ কৰে তেওঁৰ পৰিয়ালে৷

বিলকিছ বানুৰ স্বামীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে,  বাতৰিৰ যোগেদি বানুৰ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতজন নিৰ্দোষী লোকৰ হত্যাৰ লগত জড়িত অপৰাধী সকলক মুকলি কৰি দিয়াত তেওঁ যথেষ্ট হতাশ হৈ পৰিছে৷ 

বানুৰ স্বামী য়ুকুব ৰাছেলে কয় যে ২০ বছৰ আগৰ সেই সংঘৰ্ষৰ পিছৰে পৰা তেওঁ , তেওঁৰ পত্নী আৰু পাঁচটা সন্তানে কোনো স্থায়ী ঠিকনা নোহোৱাকৈয়ে দিন কটাইছে৷ অথচ, চৰকাৰে এটা ঘৰ আৰু সংস্থাপনৰ বাবে দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নহ’ল৷ আনহাতে এই এঘাৰজন অপৰাধীৰ মুকলিৰ বিষয়ে ঘুণাক্ষৰেও গম পোৱা নাছিল বিলকিছ বানুৰ পৰিয়ালে৷ 

২০০২ চনত  ৩ মাৰ্চ তাৰিখে ৰাধিকাপুৰ গাৱত গণ ধৰ্ষণৰ বলি হোৱাৰ সময়ত বানু আছিল পাঁচ মাহৰ গৰ্ভৱতী৷ এই ধৰ্ষণ কাণ্ডৰ ভয়াৱহতাই আজিও স্বাভাৱিক জীৱন যাপনত বাধা দিছে বানুক ।আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়েই দ্বায়িত্ব সমাৰিলে চৰকাৰে৷ আনফালে, এনে ভয়ংকৰ অপৰাধ সংঘটিত কৰা ধৰ্ষণকাৰী সকলক মুকলি কৰি দিয়াটোৱে চকু কপালত উঠাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু