--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ইউ টিৰ প্ৰশাসক বনৱাৰীলাল পুৰোহিতে পানী সংৰক্ষণৰ উদ্দেশ্যে “ অমৃত সৰোবৰ মিচন” ৰ জৰিয়তে মঙলবাৰে কাম্বলা গাৱত চণ্ডীগড়ৰ প্ৰথমটো অমৃত সৰোবৰ উদ্বোধন কৰে৷ 

এই কাৰ্যসূচীত চণ্ডীগড়ৰ মেয়ৰ সৰবজীৎ কৌৰে উপস্থিত থাকি ভাষণত  কয় যে পুখুৰীৰ ভূ-জল স্তৰ বৃদ্ধি কৰাত এই সৰোবৰটোয়ে  সহায় কৰিব৷ সৰবৰটোৰ উদ্বোধন কৰাৰ পূৰ্বে পুৰোহিতে প্ৰথমে  ত্ৰিৰংগা উত্তোলন কৰে আৰু পূজা-অৰ্চনা কৰে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল সংৰক্ষণৰ বাবে লোৱা এই আঁচনিয়ে দেশৰ প্ৰত্যেকখন ৰাজ্যতে ৭৫ টা water bodies ৰ বিকাশ সাধন কৰিব ৷ 

ইয়াৰোপৰি মেয়ৰ সৰবজীৎ কৌৰে মন্তব্য দিয়ে যে , এই সৰোবৰে কেৱল পৰিৱেশ সংৰক্ষণতেই নহয় স্থানীয় বাসিন্দা আৰু পৰ্যটক সকলকো সহায় কৰিব৷ আনকি এই সৰোবৰ সমূহে পৰ্যটকক আকৰ্ষণ কৰাৰ থল আছে৷ আলোকসজ্জাৰ জৰিয়তে সৰোবৰ সমূহ অধিক চকুতলগা কৰি তোলা হৈছে৷ 

চণ্ডীগড়ৰ নাগৰিক সংস্থাৰ মুৰব্বী অনিন্দিতা মিত্ৰয়ে সদৰি কৰে যে কাম্বালা গাৱৰ এই সৰোবৰটোৰ জল ধাৰণ ক্ষমতা প্ৰায় ১০,০০০ কিউবিক মিটাৰ। 

ইয়াৰোপৰি তেখেতে কয় যে নাগৰিক সংস্থাই অমৃত সৰোবৰ মিছনৰ অধীনত আন তিনিটা সৰোবৰৰো পুনৰ্নিমাণৰ কাম কৰি আছে৷ 

এনে সৰোবৰ নিৰ্মাণৰ আঁচনিয়ে ভূস্তৰ জলৰ পৰিমাণ বৃদ্ধিত যথেষ্ট সহায় কৰিব লগতে কৃষকৰ বাবে খেতিপথাৰত পানীৰ অভাৱ দূৰীকৰণতো এই সৰোবৰ সমূহ সহায়ক হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ