--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ইউ টিৰ প্ৰশাসক বনৱাৰীলাল পুৰোহিতে পানী সংৰক্ষণৰ উদ্দেশ্যে “ অমৃত সৰোবৰ মিচন” ৰ জৰিয়তে মঙলবাৰে কাম্বলা গাৱত চণ্ডীগড়ৰ প্ৰথমটো অমৃত সৰোবৰ উদ্বোধন কৰে৷ 

এই কাৰ্যসূচীত চণ্ডীগড়ৰ মেয়ৰ সৰবজীৎ কৌৰে উপস্থিত থাকি ভাষণত  কয় যে পুখুৰীৰ ভূ-জল স্তৰ বৃদ্ধি কৰাত এই সৰোবৰটোয়ে  সহায় কৰিব৷ সৰবৰটোৰ উদ্বোধন কৰাৰ পূৰ্বে পুৰোহিতে প্ৰথমে  ত্ৰিৰংগা উত্তোলন কৰে আৰু পূজা-অৰ্চনা কৰে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল সংৰক্ষণৰ বাবে লোৱা এই আঁচনিয়ে দেশৰ প্ৰত্যেকখন ৰাজ্যতে ৭৫ টা water bodies ৰ বিকাশ সাধন কৰিব ৷ 

ইয়াৰোপৰি মেয়ৰ সৰবজীৎ কৌৰে মন্তব্য দিয়ে যে , এই সৰোবৰে কেৱল পৰিৱেশ সংৰক্ষণতেই নহয় স্থানীয় বাসিন্দা আৰু পৰ্যটক সকলকো সহায় কৰিব৷ আনকি এই সৰোবৰ সমূহে পৰ্যটকক আকৰ্ষণ কৰাৰ থল আছে৷ আলোকসজ্জাৰ জৰিয়তে সৰোবৰ সমূহ অধিক চকুতলগা কৰি তোলা হৈছে৷ 

চণ্ডীগড়ৰ নাগৰিক সংস্থাৰ মুৰব্বী অনিন্দিতা মিত্ৰয়ে সদৰি কৰে যে কাম্বালা গাৱৰ এই সৰোবৰটোৰ জল ধাৰণ ক্ষমতা প্ৰায় ১০,০০০ কিউবিক মিটাৰ। 

ইয়াৰোপৰি তেখেতে কয় যে নাগৰিক সংস্থাই অমৃত সৰোবৰ মিছনৰ অধীনত আন তিনিটা সৰোবৰৰো পুনৰ্নিমাণৰ কাম কৰি আছে৷ 

এনে সৰোবৰ নিৰ্মাণৰ আঁচনিয়ে ভূস্তৰ জলৰ পৰিমাণ বৃদ্ধিত যথেষ্ট সহায় কৰিব লগতে কৃষকৰ বাবে খেতিপথাৰত পানীৰ অভাৱ দূৰীকৰণতো এই সৰোবৰ সমূহ সহায়ক হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু