--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যৌন উৎপীড়নৰ এক অভিযোগত লেখক তথা সমাজকৰ্মী সিৱিক চন্দনৰ অস্থায়ী জামিন দিয়াৰ সময়ত কেৰালা উচ্চ ন্যায়ালয়ে ঘোষণা কৰে যে , ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৫৪(ক)(যৌন উৎপীড়ন) অনুসৰি, মহিলাই “যৌন উত্তেজক কাপোৰ ” পিন্ধাৰ সময়ত সংঘটিত অপৰাধ প্ৰথম দৃষ্টিত বিচাৰ কৰা নহ’ব৷ 

চলিত বৰ্ষৰে ৮ ফেব্ৰুৱাৰী তাৰিখে সিৱিক চন্দনৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন উৎপীড়নৰ অভিযোগ আনিছিল৷ অভিযোগ অনুসৰি এই ঘটনাটো সংঘটিত হৈছিল  কোঝীকোড জিলাৰ এক কেম্পত। য’ত চন্দনে ফটোগ্ৰাফী সম্পৰ্কীয় কাম কৰিছিল। আন অংশ গ্ৰহণকাৰী সকল উভতি যোৱাৰ পিছত অভিযোগ কৰা মহিলা গৰাকীক চন্দনে হাতত ধৰি বলপূৰ্বকভাৱে এক নিৰ্জন ঠাইলৈ লৈ যায়। চন্দনে মহিলা গৰাকীৰ শৰীৰৰ গোপনীয় স্থানত তেওঁৰ অনুমতি অবিহনে স্পৰ্শ কৰে আৰু যৌন উৎপীড়ন চলায়৷ এই মহিলা গৰাকীয়ে সিৱিক চন্দনৰ বিৰুদ্ধে যোৱা ২৯ জুলাইত অভিযোগ দাখিল কৰিছিল৷ 

এই গোচৰ ভাৰতীয় পেনাল ক’ডৰ ৩৫৪ ক(২),৩৪১ আৰু ৩৫৪ অনুসৰি ৰুজু কৰা হৈছিল। চন্দনক অস্থায়ী জামিন প্ৰদান কৰি ন্যায়াধীশ এছ কৃষ্ণা কুমাৰে কয় যে, এই ধাৰাটোক আকৰ্ষিত কৰাত  শাৰীৰিক সংস্পৰ্শ আৰু স্পষ্ট যৌন প্ৰস্তাৱ আছিল৷ লগতে যৌনগন্ধী ইংগিতো আছিল৷  
সিৱিক চন্দনৰ দাখিল কৰা মহিলা গৰাকীৰ ফটোৰ   পৰা গম পোৱা যায় যে তেওঁ নিজেই যৌন উত্তেজক কাপোৰ পৰিধান কৰিছিল৷ এইবুলিও ন্যায়াধীশ জনে মন্তব্য দিয়ে৷ লগতে জনায় যে ধাৰা ৩৫৪ অনুসৰি প্ৰথম দৃষ্টিতেই ন্যায়ালয়ৰ অভিযুক্তজনৰ বিপক্ষে থিয় নহয় ৷

উল্লেখযোগ্য যে অভিযুক্তজন শাৰীৰিকভাৱে অক্ষম আৰু তেওঁৰ বয়স ৭৪ বছৰ। গতিকে ন্যায়ালয়ে সিৱিক চন্দনে  মহিলা গৰাকীক  বলপূৰ্বকভাৱে কোলাত বহুওৱা আৰু বুকু স্পৰ্শ কৰা কাৰ্যক  অসম্ভৱ বুলি ৰায়দান দিয়ে৷ আৰু সেই বাবেই অভিযুক্তজনৰ জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে৷ 

কেৰালা উচ্চ ন্যায়ালয়ৰ এই ৰায়ে সামগ্ৰিকভাৱে সমগ্ৰ দেশতে প্ৰভাৱ পেলাইছে৷ লগতে বহু নাৰীবাদী লোক এই ৰায়ত বিতুষ্ট হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ