--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যৌন উৎপীড়নৰ এক অভিযোগত লেখক তথা সমাজকৰ্মী সিৱিক চন্দনৰ অস্থায়ী জামিন দিয়াৰ সময়ত কেৰালা উচ্চ ন্যায়ালয়ে ঘোষণা কৰে যে , ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৫৪(ক)(যৌন উৎপীড়ন) অনুসৰি, মহিলাই “যৌন উত্তেজক কাপোৰ ” পিন্ধাৰ সময়ত সংঘটিত অপৰাধ প্ৰথম দৃষ্টিত বিচাৰ কৰা নহ’ব৷ 

চলিত বৰ্ষৰে ৮ ফেব্ৰুৱাৰী তাৰিখে সিৱিক চন্দনৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন উৎপীড়নৰ অভিযোগ আনিছিল৷ অভিযোগ অনুসৰি এই ঘটনাটো সংঘটিত হৈছিল  কোঝীকোড জিলাৰ এক কেম্পত। য’ত চন্দনে ফটোগ্ৰাফী সম্পৰ্কীয় কাম কৰিছিল। আন অংশ গ্ৰহণকাৰী সকল উভতি যোৱাৰ পিছত অভিযোগ কৰা মহিলা গৰাকীক চন্দনে হাতত ধৰি বলপূৰ্বকভাৱে এক নিৰ্জন ঠাইলৈ লৈ যায়। চন্দনে মহিলা গৰাকীৰ শৰীৰৰ গোপনীয় স্থানত তেওঁৰ অনুমতি অবিহনে স্পৰ্শ কৰে আৰু যৌন উৎপীড়ন চলায়৷ এই মহিলা গৰাকীয়ে সিৱিক চন্দনৰ বিৰুদ্ধে যোৱা ২৯ জুলাইত অভিযোগ দাখিল কৰিছিল৷ 

এই গোচৰ ভাৰতীয় পেনাল ক’ডৰ ৩৫৪ ক(২),৩৪১ আৰু ৩৫৪ অনুসৰি ৰুজু কৰা হৈছিল। চন্দনক অস্থায়ী জামিন প্ৰদান কৰি ন্যায়াধীশ এছ কৃষ্ণা কুমাৰে কয় যে, এই ধাৰাটোক আকৰ্ষিত কৰাত  শাৰীৰিক সংস্পৰ্শ আৰু স্পষ্ট যৌন প্ৰস্তাৱ আছিল৷ লগতে যৌনগন্ধী ইংগিতো আছিল৷  
সিৱিক চন্দনৰ দাখিল কৰা মহিলা গৰাকীৰ ফটোৰ   পৰা গম পোৱা যায় যে তেওঁ নিজেই যৌন উত্তেজক কাপোৰ পৰিধান কৰিছিল৷ এইবুলিও ন্যায়াধীশ জনে মন্তব্য দিয়ে৷ লগতে জনায় যে ধাৰা ৩৫৪ অনুসৰি প্ৰথম দৃষ্টিতেই ন্যায়ালয়ৰ অভিযুক্তজনৰ বিপক্ষে থিয় নহয় ৷

উল্লেখযোগ্য যে অভিযুক্তজন শাৰীৰিকভাৱে অক্ষম আৰু তেওঁৰ বয়স ৭৪ বছৰ। গতিকে ন্যায়ালয়ে সিৱিক চন্দনে  মহিলা গৰাকীক  বলপূৰ্বকভাৱে কোলাত বহুওৱা আৰু বুকু স্পৰ্শ কৰা কাৰ্যক  অসম্ভৱ বুলি ৰায়দান দিয়ে৷ আৰু সেই বাবেই অভিযুক্তজনৰ জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে৷ 

কেৰালা উচ্চ ন্যায়ালয়ৰ এই ৰায়ে সামগ্ৰিকভাৱে সমগ্ৰ দেশতে প্ৰভাৱ পেলাইছে৷ লগতে বহু নাৰীবাদী লোক এই ৰায়ত বিতুষ্ট হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু