--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ বলীউডৰ এজন আগশাৰীৰ প্ৰযোজক-পৰিচালক। ব্যস্ততাৰ বাবে সপ্তাহটোৰ বেছিভাগ সময় বিমান যাত্ৰাতে কটায়। তেওঁ হৈছে কৰণ জোহৰ। কিন্তু জোহৰক শেহতীয়াকৈ এটা বিমানবন্দৰত প্ৰৱেশ কৰাত বাধা দিয়া হ’ল! মুম্বাই বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা। কিন্তু কি কৰিলে কৰণে?

মঙলবাৰে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেখা গ’ল কৰ্ণক। প্ৰযোজকগৰাকীৰ ‘এয়াৰপ’ৰ্ট লুক’, বেগ, ড্ৰেছৰ চৰ্চা সকলো সময়তে কৰা হয়। এই দিনটোও বেলেগ নাছিল। ক’লা জগাৰ আৰু টি-চাৰ্ট পৰিহিত কৰণে এটা বগা জেকেট পিন্ধি আছিল। চকুত পিন্ধা অভাৰচাইজ ক’লা চন্দ্ৰ চশমাটোৱে গোটেই লুকটো আৰু উন্নত কৰি তুলিছিল। এটা স্লিং বেগো লগত ৰাখিছিল কৰণে।

লগে লগে ফটোগ্ৰাফাৰসকলৰ চকু পৰিল প্ৰযোজকজনৰ ওপৰত। হাঁহি হাঁহি কেমেৰাৰ সন্মুখত পোজ দিলে। কিন্তু তাৰ পিছত বিমানবন্দৰৰ বিশেষ প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰাৰ সময়ত এটা সমস্যাৰ সৃষ্টি হয়। নিৰাপত্তাৰক্ষীয়ে কৰণক ৰখাই দিলে।

আচলতে কৰণে নিজৰ অফিচিয়েল পৰিচয় পত্ৰ আৰু বিমান টিকট নেদেখুৱায়েই আগবাঢ়ি গৈছিল। ফলত নিৰাপত্তাৰক্ষীয়ে পুনৰ প্ৰযোজকগৰাকীক ফোন কৰি প্ৰয়োজনীয় নথি-পত্ৰ চাব বিচাৰে। অৱশেষত কাগজ-পত্ৰ দেখুৱাই কৰ্ণক বিমানবন্দৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ল।

শেহতীয়াকৈ কৰণে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে। এই ছবিখনৰ প্ৰায় ৭ বছৰৰ পাছত পুনৰ পৰিচালকৰ চকীত বহিছে কৰণ। জুলাই মাহত মুক্তি পাব ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত এই ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ