--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ বলীউডৰ এজন আগশাৰীৰ প্ৰযোজক-পৰিচালক। ব্যস্ততাৰ বাবে সপ্তাহটোৰ বেছিভাগ সময় বিমান যাত্ৰাতে কটায়। তেওঁ হৈছে কৰণ জোহৰ। কিন্তু জোহৰক শেহতীয়াকৈ এটা বিমানবন্দৰত প্ৰৱেশ কৰাত বাধা দিয়া হ’ল! মুম্বাই বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা। কিন্তু কি কৰিলে কৰণে?

মঙলবাৰে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেখা গ’ল কৰ্ণক। প্ৰযোজকগৰাকীৰ ‘এয়াৰপ’ৰ্ট লুক’, বেগ, ড্ৰেছৰ চৰ্চা সকলো সময়তে কৰা হয়। এই দিনটোও বেলেগ নাছিল। ক’লা জগাৰ আৰু টি-চাৰ্ট পৰিহিত কৰণে এটা বগা জেকেট পিন্ধি আছিল। চকুত পিন্ধা অভাৰচাইজ ক’লা চন্দ্ৰ চশমাটোৱে গোটেই লুকটো আৰু উন্নত কৰি তুলিছিল। এটা স্লিং বেগো লগত ৰাখিছিল কৰণে।

লগে লগে ফটোগ্ৰাফাৰসকলৰ চকু পৰিল প্ৰযোজকজনৰ ওপৰত। হাঁহি হাঁহি কেমেৰাৰ সন্মুখত পোজ দিলে। কিন্তু তাৰ পিছত বিমানবন্দৰৰ বিশেষ প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰাৰ সময়ত এটা সমস্যাৰ সৃষ্টি হয়। নিৰাপত্তাৰক্ষীয়ে কৰণক ৰখাই দিলে।

আচলতে কৰণে নিজৰ অফিচিয়েল পৰিচয় পত্ৰ আৰু বিমান টিকট নেদেখুৱায়েই আগবাঢ়ি গৈছিল। ফলত নিৰাপত্তাৰক্ষীয়ে পুনৰ প্ৰযোজকগৰাকীক ফোন কৰি প্ৰয়োজনীয় নথি-পত্ৰ চাব বিচাৰে। অৱশেষত কাগজ-পত্ৰ দেখুৱাই কৰ্ণক বিমানবন্দৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ল।

শেহতীয়াকৈ কৰণে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে। এই ছবিখনৰ প্ৰায় ৭ বছৰৰ পাছত পুনৰ পৰিচালকৰ চকীত বহিছে কৰণ। জুলাই মাহত মুক্তি পাব ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত এই ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী