--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰসিদ্ধ ধৰ্মগুৰুৱে হত্যা কৰাৰ ভাবুকি দিছিল মহেশ ভাটক! কিছুদিন পূৰ্বে এই চাঞ্চল্যকৰ বক্তব্য প্ৰকাশ কৰিছে বলিউডৰ জনপ্ৰিয় পৰিচালকগৰাকীয়ে নিজে।

সাধাৰণ মানুহৰ দৰে মনোৰঞ্জন জগতৰ তাৰকাসকলো আধ্যাত্মিক গুৰুৰ ওপৰত নিৰ্ভৰশীল। চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটো এসময়ত প্ৰসিদ্ধ গুৰু অশ্বো ৰজনীশ গুণমুগ্ধ হৈ পৰিছিল। ভাট হৈ পৰিছিল অশ্বো ৰাজনীশৰ ভক্ত। কিন্তু এই  ভক্তিৰ সোঁত অতি সোনকালেই কমি গ’ল। মহেশে এই কথা কয় আৰবাজ খানৰ এক অনুষ্ঠানত।

মহেশে ক’লে, “মই এজন সাধাৰণ মানুহ আছিলোঁ। 'বেশ্বৱাঘাট', 'মঞ্জিলেন ঔৰ ভি হায়'ৰ দৰে চিনেমা কৰিছিলো। সকলো ফ্লপ হৈছিল। সেই সময়ত মই অশ্বো ৰজনীশলৈ গৈছিলো। তেওঁ আছিল পুণেৰ এগৰাকী সম্মোহনৰ সৃষ্টি কৰা গুৰু। মই নিজকে তেওঁৰ ওচৰত সমৰ্পণ কৰিছিলোঁ। গেৰুৱা সাজ পিন্ধিছিলো, দিনটোত পাঁচবাৰ ধ্যান কৰিছিলোঁ। কিন্তু এটা সময়ত এনে লাগে যেন সকলো অসাৰ, ভুল কৰি। সেয়ে ৰজনীশৰ মোহৰ পৰা ওলাই আহিব বিচাৰিলো।’’

মহেশে ৰজনীশ এইদৰে কৈছিল ক'লে, "মানুহ অকলশৰীয়া হোৱাৰ বাবেই মই ব্যৱসায় কৰিছো আৰু মানুহ দুখী হোৱাৰ বাবেই আপুনি ব্যৱসায় কৰিছে।"  মহেশে লগতে কয়, ‘যেতিয়া মই গুচি গ’লোঁ, তেতিয়া মই বুজিলোঁ যে সকলো কামৰ বাবে ৰজনীশ দায়ী নহয়। মই শুনিব বিচৰা কথাখিনি তেওঁ ক’লে। তেওঁ মনোৰঞ্জন দিব পাৰে, শব্দৰ জাল সৃষ্টি কৰিব পাৰে। তেওঁ এজন অতি সফল ব্যক্তি। তেওঁ হয়তো মানুহক সাময়িক সুখ দিব পাৰে, কিন্তু ই এক প্ৰকাৰৰ 'আধ্যাত্মিক ড্ৰাগছ'।"

মহেশে অভিনেতা বিনোদ খান্নাৰ লগতো ৰজনীশক চিনাকি কৰাই দিছিল। খ্যাতিৰ উচ্চতাত বিনোদে সকলো এৰি ৰাজনীশৰ বাট অনুসৰণ কৰি আমেৰিকালৈ গৈছিল। মহেশে কয়,''‘মই ৰজনীশৰ লগত সম্পৰ্ক ছিন্ন কৰিছিলো, কিন্তু বিনোদৰ স’তে সম্পৰ্ক বজাই ৰাখিছিলো।  সেয়ে বিনোদক ব্যৱহাৰ কৰি ৰাজনীশে মোক ঘূৰাই আনিব বিচাৰিছিল। সেই সময়লৈ মই অশ্বোৰ মন্ত্ৰপুত মালাডাল ফালি ক’ম’ডত পেলাই দিছিলোঁ।”

বিনোদে তেওঁক কয় যে মহেশে মালাডাল ফালি ক’ম’ডত পেলাই দিয়াৰ বাবেই ৰাজনীশৰ খং উঠিছে। ভাটে কয় যে এই সকলোবোৰ আজেবাজে কথা। বিনোদ খান্নাই মহেশ ভাটক জনালে যে ৰজনীশে তেওঁক মালাখন ঘূৰাই বিচাৰিছে। সেই কথাত মহেশে মান্তি নহ'ল। অৱশেষত বিনোদে ভাটক ফোন কৰি ক'লে যে হয় মালাডাল ঘূৰাই দিয়া অন্যথা ৰজনীশে ভাটক শেষ কৰি দিব।

অৱশ্যে এই ঘটনাত বিনোদৰ সৈতে তেওঁৰ সম্পৰ্ক ধ্বংস হোৱা নাই বুলি মহেশ ভাটে কয়। মহেশ ভাটৰ মতে, আধ্যাত্মিক গুৰুসকলে সমাজত মনোৰঞ্জনকাৰীৰ দৰেই ভূমিকা পালন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স