--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰসিদ্ধ ধৰ্মগুৰুৱে হত্যা কৰাৰ ভাবুকি দিছিল মহেশ ভাটক! কিছুদিন পূৰ্বে এই চাঞ্চল্যকৰ বক্তব্য প্ৰকাশ কৰিছে বলিউডৰ জনপ্ৰিয় পৰিচালকগৰাকীয়ে নিজে।

সাধাৰণ মানুহৰ দৰে মনোৰঞ্জন জগতৰ তাৰকাসকলো আধ্যাত্মিক গুৰুৰ ওপৰত নিৰ্ভৰশীল। চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটো এসময়ত প্ৰসিদ্ধ গুৰু অশ্বো ৰজনীশ গুণমুগ্ধ হৈ পৰিছিল। ভাট হৈ পৰিছিল অশ্বো ৰাজনীশৰ ভক্ত। কিন্তু এই  ভক্তিৰ সোঁত অতি সোনকালেই কমি গ’ল। মহেশে এই কথা কয় আৰবাজ খানৰ এক অনুষ্ঠানত।

মহেশে ক’লে, “মই এজন সাধাৰণ মানুহ আছিলোঁ। 'বেশ্বৱাঘাট', 'মঞ্জিলেন ঔৰ ভি হায়'ৰ দৰে চিনেমা কৰিছিলো। সকলো ফ্লপ হৈছিল। সেই সময়ত মই অশ্বো ৰজনীশলৈ গৈছিলো। তেওঁ আছিল পুণেৰ এগৰাকী সম্মোহনৰ সৃষ্টি কৰা গুৰু। মই নিজকে তেওঁৰ ওচৰত সমৰ্পণ কৰিছিলোঁ। গেৰুৱা সাজ পিন্ধিছিলো, দিনটোত পাঁচবাৰ ধ্যান কৰিছিলোঁ। কিন্তু এটা সময়ত এনে লাগে যেন সকলো অসাৰ, ভুল কৰি। সেয়ে ৰজনীশৰ মোহৰ পৰা ওলাই আহিব বিচাৰিলো।’’

মহেশে ৰজনীশ এইদৰে কৈছিল ক'লে, "মানুহ অকলশৰীয়া হোৱাৰ বাবেই মই ব্যৱসায় কৰিছো আৰু মানুহ দুখী হোৱাৰ বাবেই আপুনি ব্যৱসায় কৰিছে।"  মহেশে লগতে কয়, ‘যেতিয়া মই গুচি গ’লোঁ, তেতিয়া মই বুজিলোঁ যে সকলো কামৰ বাবে ৰজনীশ দায়ী নহয়। মই শুনিব বিচৰা কথাখিনি তেওঁ ক’লে। তেওঁ মনোৰঞ্জন দিব পাৰে, শব্দৰ জাল সৃষ্টি কৰিব পাৰে। তেওঁ এজন অতি সফল ব্যক্তি। তেওঁ হয়তো মানুহক সাময়িক সুখ দিব পাৰে, কিন্তু ই এক প্ৰকাৰৰ 'আধ্যাত্মিক ড্ৰাগছ'।"

মহেশে অভিনেতা বিনোদ খান্নাৰ লগতো ৰজনীশক চিনাকি কৰাই দিছিল। খ্যাতিৰ উচ্চতাত বিনোদে সকলো এৰি ৰাজনীশৰ বাট অনুসৰণ কৰি আমেৰিকালৈ গৈছিল। মহেশে কয়,''‘মই ৰজনীশৰ লগত সম্পৰ্ক ছিন্ন কৰিছিলো, কিন্তু বিনোদৰ স’তে সম্পৰ্ক বজাই ৰাখিছিলো।  সেয়ে বিনোদক ব্যৱহাৰ কৰি ৰাজনীশে মোক ঘূৰাই আনিব বিচাৰিছিল। সেই সময়লৈ মই অশ্বোৰ মন্ত্ৰপুত মালাডাল ফালি ক’ম’ডত পেলাই দিছিলোঁ।”

বিনোদে তেওঁক কয় যে মহেশে মালাডাল ফালি ক’ম’ডত পেলাই দিয়াৰ বাবেই ৰাজনীশৰ খং উঠিছে। ভাটে কয় যে এই সকলোবোৰ আজেবাজে কথা। বিনোদ খান্নাই মহেশ ভাটক জনালে যে ৰজনীশে তেওঁক মালাখন ঘূৰাই বিচাৰিছে। সেই কথাত মহেশে মান্তি নহ'ল। অৱশেষত বিনোদে ভাটক ফোন কৰি ক'লে যে হয় মালাডাল ঘূৰাই দিয়া অন্যথা ৰজনীশে ভাটক শেষ কৰি দিব।

অৱশ্যে এই ঘটনাত বিনোদৰ সৈতে তেওঁৰ সম্পৰ্ক ধ্বংস হোৱা নাই বুলি মহেশ ভাটে কয়। মহেশ ভাটৰ মতে, আধ্যাত্মিক গুৰুসকলে সমাজত মনোৰঞ্জনকাৰীৰ দৰেই ভূমিকা পালন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ