--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এগৰাকী আইপিএছ বিষয়াৰ কাণ্ডই এতিয়া তোলপাৰ লগাইছে দেশত। তেওঁৰ এক আচহুৱা কাণ্ড পোহৰলৈ অহাৰ পাছতে এতিয়া ছ’চিয়েল মিডিয়াতো লাগিছে তোলপাৰ। একধৰণৰ আশ্বৰ্য আৰু আমোদে টুইটাৰত খলকনি তুলিছে নেটিজেনসকলৰ মাজত। এই আইপিএছ বিষয়াগৰাকী হৈছে অৰুণ বোথ্ৰা। ওড়িশাৰ পৰিবহণ আয়ুক্ত হিচাপে কৰ্মৰত হৈ আছে বোথ্ৰা। তেওঁ শেহতীয়াকৈ টুইটাৰত শ্বেয়াৰ কৰা এখন আলোকচিত্ৰক লৈ এতিয়া তোলপাৰ লাগিছে। ঘটনাটো সংঘটিত হৈছে জয়পুৰ বিমানবন্দৰত। য’ত নিৰাপত্তাৰক্ষীয়ে তেওঁৰ হেণ্ডবেগটো পৰীক্ষা কৰিব বিচাৰিছিল। নিৰাপত্তাৰক্ষীৰ নিৰ্দেশ মানি তেওঁ নিজৰ হেণ্ডবেগটো খুলি দেখুৱায়। কিন্তু তেওঁৰ বেগৰ ভিতৰত থকা বস্তখিনি দেখি চকু কপালত উঠে নিৰাপত্তাবাহিনীৰ লোকসকলৰ। বেগটোৰ আলোকচিত্ৰ আইপিএছ বিষয়াগৰাকীয়ে বুধবাৰে শ্বেয়াৰ কৰে আৰু তাৰ পাছতে ছ’চিয়েল মিডিয়াতো ব্যাপক ৰসাল চৰ্চা চলে। আইপিএছ বিষয়াগৰাকীৰ বেগটো ভৰি আছিল সতেজ মটৰেৰে। তেওঁ দহ কিলোগ্ৰাম সেউজীয়া মটৰ ভৰাই আনিছিল বেগটোত। এই ছবিখন টুইট কৰি তেওঁ আমোদজনক ঘটনাটোৰ বিষয়ে প্ৰকাশ কৰে। প্ৰতি কিলোগ্ৰামত ৪০টকা হিচাপত তেওঁ এই সেউজীয়া মটৰখিনি ক্ৰয় কৰিছিল বুলিও প্ৰকাশ কৰে। এটা ইমোজীৰ সৈতে তেওঁ এই আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। বোথ্ৰাই কিহৰ বাবেনো ইমান বৃহৎ পৰিমাণৰ সেউজীয়া মটৰ নিজৰ হেণ্ডবেগত ভৰাই লৈ গৈছিল সেয়া স্পষ্ট হোৱা নাই। তেওঁ সঁচাকৈয়ে এই কাণ্ড সংঘটিত কৰিছে নে তেওঁ ৰসিকতাহে কৰিছে সেয়াও স্পষ্ট নহয়। কিন্তু তেওঁৰ এই টুইটে ব্যাপক চৰ্চা লাভ কৰিছে। তেওঁৰ টুইটটোৱে প্ৰায় ষাঠি হাজাৰ লাইক পাইছে। কেৱল এয়াই নহয়, বিভিন্নজনে তেওঁৰ টুইটত ৰিটুইট কৰি ৰসিকতাৰে তেওঁ মটৰৰ অবৈধ সৰবৰাহকাৰী আখ্যা দিছে। বহুতে নিজৰ ঠাইৰ মটৰৰ দামৰ সৈতে তেওঁ ক্ৰয় কৰা মটৰৰ দাম তুলনা কৰি তেওঁক অধিক কম দামত মটৰ ক্ৰয় কৰাৰো পৰামৰ্শ দিছে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন