--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টাইটানিক পানীত ডুব যোৱাৰ দৃশ্য আপোনাৰ মনত আছেনে? এই দুৰ্যোগকনো কোনে পাহৰিব পাৰে? পিছে এতিয়া তাতোকৈ ভয়াৱহ দুৰ্যোগে এতিয়া বাট চাইছে মানৱ সমাজলৈ। এতিয়া টাইটানিকৰ দৰেই ডুব যোৱাৰ দিশে আগবাঢ়িছে এখন চহৰ। পৰিৱেশ আৰু ভূতাত্ত্বিকসকলে কৰা দাবীক লৈ এতিয়া তোলপাৰ লাগিছে। এতিয়া সমুদ্ৰত লীন হ’বলৈ গৈ আছে কলকাতা চহৰ। কংক্ৰিট বৃদ্ধিৰ বাবেই মহানগৰৰ মাটি খহিবলৈ আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰিছে ভূতত্তবিদসকলে। সাগৰৰ সৈতে চহৰখনৰ উচ্চতাও হ্ৰাস পাইছে আৰু এনে পৰিপ্ৰেক্ষিতত অহা ১২-১৫ বছৰত, বংগোপসাগৰৰ পানী কলকাতাৰ মাজভাগৰ ধৰ্মতলাৰ ওপৰেৰে প্ৰবাহিত হ'ব! নাছাৰ পাছত, আইপিচিচি প্ৰতিবেদন ২০২২তো কলকাতাৰ ‘সলিল সমাধি’ৰ আশংকা প্ৰকাশ কৰা হৈছে। ভূতাত্ত্বিক সুজীৱ কৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে, ‘সাগৰৰ স্তৰ বৃদ্ধি পাইছে। কলকাতা চহৰৰ উচ্চতা গংগাৰ সৰ্বোচ্চ উচ্চতাতকৈ মাত্ৰ আধা মিটাৰ বেছি। যদি সাগৰৰ স্তৰ আৰু বৃদ্ধি হয়, তেন্তে জোৱাৰৰ পানীয়ে প্ৰতিদিনে বৰাই ৰাখিব কলকাতা মহানগৰ। ভয়ানক ভৱিষ্যতৰ আশংকা প্ৰকাশ কৰি তেওঁ কয়, ‘অহা পাঁচৰ পৰা সাত বছৰৰ ভিতৰত সাগৰৰ স্তৰ যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তদুপৰি, কলকাতাৰ ওপৰত যিদৰে বোজা বৃদ্ধি পাইছে তাৰ ফলত ইয়াক মাটি তললৈ বহি গৈ আছে। চহৰখনে ব’ব পৰা ওজনতকৈ অধিক বোজা বহন কৰিবলগীয়া হৈছে। সাগৰৰ সৈতে কলকাতাৰ উচ্চতা যিমানে কম হ'ব, মাটি সিমানে দ্ৰুতগতিত তললৈ যাবলৈ আৰম্ভ কৰিব। অৰ্থাৎ, এই গতি হঠাতে বৃদ্ধি হ'ব।’ তেওঁ আশংকা প্ৰকাশ কৰে যে, "পৰৱৰ্তী ১০-১২ বছৰত কলকাতাৰ বেছিভাগ অংশ পানীৰ তলত ডুব যাব পাৰে। নাছাৰ এখন প্ৰতিবেদনতো ইয়াৰ বিষয়ে উল্লেখ কৰা হৈছিল। এতিয়া আইপিচিচিৰ প্ৰতিবেদনত একেই কথা কোৱা হৈছে। নাছাৰ প্ৰতিবেদনত এই সম্পৰ্কে মানচিত্ৰ প্ৰকাশ কৰি বিতং তথ্য বিশ্লেষণ কৰা হৈছিল। বিশেষজ্ঞৰ এই সতৰ্কবাণীয়ে এতিয়া উদ্বেগ বৃদ্ধি কৰিছে। মন কৰিবলগীয়া যে, সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি এতিয়া সমগ্ৰ বিশ্বৰ বাবেই এক উদ্বেগৰ কাৰণ হৈ পৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে হিমবাহৰ গলন বৃদ্ধি কৰাৰ ফলত ক্ৰমাগতভাৱে সমুদ্ৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰি আহিছে। যাৰ ফলত বহু সমুদ্ৰ তটৱৰ্তী চহৰ সাগৰে সামৰি লোৱাৰ আশংকা কৰা হৈছে। সাগৰৰ পানীয়ে এনেবোৰ বৃহৎ মহানগৰত নানা দুৰ্যোগ সৃষ্টি কৰাৰ লগতে চহৰ একোখন সম্পূৰ্ণৰূপে গ্ৰাস কৰাৰ আশংকা এতিয়া বৃদ্ধি পাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু