--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাত ২-১ ব্যৱধানত জয়েৰে শৃংখলা হস্তগত কৰিলে ভাৰতে। অভিজ্ঞ অপেনিং বেটাৰ শিখৰ ধাৱানৰ নেতৃত্বত যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটোৱে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি শৃংখলাটোত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। এই ভাৰতীয় দলটোৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল পেচাৰ শ্বাৰ্দুল ঠাকুৰ। শৃংখলাৰ অন্তিম খন মেচৰ পিছত দিল্লীৰ পৰা মুম্বাইলৈ উভতাৰ সময়তে বিমানবন্দৰত এক অভাৱনীয় অথন্তৰৰ সন্মুখীন হয় শ্বাৰ্দুল। লগত থকা কিটবেগ হেৰুৱাই বিমানবন্দৰত বিপদৰ সন্মুখীন হয় তাৰকাগৰাকী। 

এই বিপদৰ সময়ত শ্বাৰ্দুলক সহায়ৰ বাবে কাষত উপস্থিত নাছিল বিমানবন্দৰৰ কোনো সহায়ক কৰ্মচাৰী। সেয়ে শ্বাৰ্দুলে টুইটাৰৰ জৰিয়তে এই অথন্তৰৰ কথা সদৰী কৰি এয়াৰ ইণ্ডিয়াক এই আকস্মিক পৰিস্থিতিটোত সহায় আগবঢ়াবলৈ অনুৰোধ জনায়।

এয়াৰ ইণ্ডিয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডলক টেগ কৰি টুইটটোত শ্বাৰ্দুলে কয়, "এয়াৰ ইণ্ডিয়া, আপোনালোকে লাগেজ বেল্টত মোৰ সহায়ৰ বাবে কাৰোবাক প্ৰেৰণ কৰিব পাৰিবনে? মোৰ কিট বেগ এতিয়াও আহি পোৱা নাই আৰু সেই স্থানত কোনো কৰ্মচাৰী উপস্থিত নাই।" 

শ্বাৰ্দুলৰ এই টুইটটো দেখাৰ পাছতে তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহে ভাৰতৰ প্ৰাক্তন তাৰকা স্পিনাৰ হৰভজন সিং। ভাজ্জিয়ে এক টুইট যোগে শ্বাৰ্দুলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। শ্বাৰ্দুলৰ টুইটৰ ৰিপ্লাই দি হৰভজনে শ্বাৰ্দুলৰ বেগটো ঘূৰাই পোৱাৰ নিশ্চিতি দিয়ে আৰু এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী ঠাকুৰৰ সহায়ৰ বাবে শীঘ্ৰেই উপস্থিত হ’ব বুলি উল্লেখ কৰে। ক্ৰিকেট কেৰিয়াৰৰ সময়ত এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা হৰভজনে শ্বাৰ্দুলৰ এই অসুবিধাৰ বাবে দুখ প্ৰকাশো কৰে।

অৱশ্যে কিছুসময় পিছতে শ্বাৰ্দুলে আন এক টুইটত স্পাইচজেট নামৰ আন এক এয়াৰলাইনৰ কৰ্মচাৰীৰ সহায়ত কিটবেগ ঘূৰাই পোৱা বুলি জানিবলৈ দিয়ে। হৰভজন সিঙৰ প্ৰতি কৃতজ্ঞতা জনাই টুইটটোত স্পাইচজেট এয়াৰলাইনৰ কৰ্মচাৰীসকল তেওঁক হেৰুওৱা কিটবেগটো উদ্ধাৰ কৰাত সহায় কৰিবলৈ আগবাঢ়ি আহে বুলি উল্লেখ কৰে শ্বাৰ্দুলে।

উল্লেখ্য যে ভাৰতীয় দলৰ খেলুৱৈসকলৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা সদায়ে চৰ্চিত হয়। খেলপথাৰৰ বাহিৰে-ভিতৰে তথা সামাজিক মাধ্যমতো ভাৰতৰ প্ৰাক্তন তথা বৰ্তমান খেলি থকা খেলুৱৈসকলৰ মাজৰ কথা-বতৰাই সকলোকে আকৰ্ষিত কৰে। এতিয়া হৰভজন আৰু শ্বাৰ্দুল ঠাকুৰৰ এই বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ নিদৰ্শনেও অনুৰাগীসকলক মোহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক