--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ প্ৰতিযোগিতা অলিম্পিকত দুবাৰকৈ পদক জয়েৰে দেশক গৌৰৱান্বিত কৰি তোলা তাৰকা মল্লযোদ্ধা সুশীল কুমাৰ হত্যাৰ অভিযোগত দিল্লীৰ এখন আদালতত শীঘ্ৰেই বিচাৰৰ সন্মুখীন হ’ব। বিগত বৰ্ষত সাগৰ ধনকৰ নামৰ এগৰাকী কনিষ্ঠ মল্লযোদ্ধাৰ হত্যাত জড়িত থকাৰ অভিযোগত অলিম্পিয়ান সুশীল কুমাৰৰ লগতে আন ১৭ গৰাকী ব্যক্তিৰ বিৰুদ্ধে দিল্লীস্থিত এক আদালতত হত্যাকে ধৰি আন কেইবাটাও ধাৰাত বিচাৰ সম্পন্ন হ'ব। ২৩ বৰ্ষীয় ধনকৰৰ মৃত্যুত নাম সাঙোৰ খোৱাৰ পিছত প্ৰায় তিনি সপ্তাহ পলাতক হৈ থকা সুশীল কুমাৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। প্ৰাক্তন তাৰকাগৰাকীৰ লগতে অজয় নামৰ আন এগৰাকী অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সুশীল কুমাৰ আৰু অভিযুক্ত আন ব্যক্তিকেইগৰাকীয়ে যোৱা বৰ্ষৰ ৪ মে'ত দিল্লীৰ ছত্ৰসাল ষ্টেডিয়ামত ২৩ বৰ্ষীয় মল্লযোদ্ধা সাগৰ ধনকৰ আৰু তেওঁৰ দুগৰাকী বন্ধুক আক্ৰমণ কৰিছিল। তিনিওগৰাকীকে মুমূৰ্ষ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল। চিকিৎসাধীন অৱস্থাতে গুৰুতৰ আঘাতৰ বাবে মৃত্যু হৈছিল ধনকৰৰ পিছত আঘাতৰ ফলত মৃত্যু হৈছিল।

দিল্লী আৰক্ষীয়ে বিভাগীয় প্ৰতিবেদনত সুশীল কুমাৰক গোচৰটোৰ প্ৰধান অভিযুক্ত আৰু আন অভিযুক্তৰ সৈতে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। তেওঁলোকে এই হত্যাকাণ্ডৰ পূৰ্বে হাৰিয়ানা আৰু দিল্লীৰ কেইগৰাকীমান অপৰাধীক বিভিন্ন স্থানৰ পৰা ধনকৰসহ ভুক্তভোগী আন দুগৰাকী ব্যক্তিক অপহৰণ কৰাৰ দায়িত্ব দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰৰো ব্যৱস্থা কৰিছিল বুলি দিল্লী আৰক্ষীয়ে প্ৰতিবেদনত প্ৰকাশ কৰিছিল।

যোৱা বৰ্ষৰ ১৮ মে'ত সুশীল কুমাৰে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি দিল্লীৰ ৰোহিণীৰ এখন আদালতৰ কাষ চাপিছিল। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত পক্ষপাতদুষ্ট আছিল আৰু ধনকৰৰ হত্যা তথা আক্ৰমণৰ বাবে তেওঁ দায়ী নহয় বুলি সুশীল কুমাৰে দাবী কৰিছিল। কিন্তু আদালতে কুমাৰৰ আগতীয়া জামিনৰ আবেদন খাৰিজ কৰি হত্যাকাণ্ডৰ মুখ্য ষড়যন্ত্ৰকাৰী হিচাপে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুতৰ প্ৰকৃতিৰ বুলি ৰায় দিছিল।

তদুপৰি চলিত বৰ্ষৰ মাৰ্চ মাহত দিল্লী আৰক্ষীয়ে দিল্লী উচ্চ ন্যায়ালয়ত সুশীল কুমাৰৰ জামিন আবেদনৰ বিৰোধিতা কৰি গোচৰটোৰ সাক্ষীসকল সুশীল কুমাৰ আৰু আন অভিযুক্তসকলৰ ভয়ত আতংকিত হৈ থকা বুলি উল্লেখ কৰিছিল আৰু  সাক্ষীসকলৰ মাজৰ এগৰাকীয়ে নিৰাপত্তা বিচাৰি আদালতত আবেদন কৰিছিল বুলিও জানিবলৈ দিছিল।

উল্লেখ্য যে খেলুৱৈ জীৱনত ভাৰতৰ গৌৰৱৰ ধ্বজা বহন কৰি সুশীল কুমাৰে ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল। তদুপৰি ২০১০ চনত ৱৰ্ল্ড ৰেষ্টলিং চেম্পিয়নশ্বিপত খিতাপ জয়েৰে এই খিতাপ জয় কৰা দেশৰ প্ৰথমগৰাকী মল্লযোদ্ধা ৰূপে পৰিগণিত হৈছিল কুমাৰ। তদুপৰি ২০১০, ২০১৪ আৰু ২০১৮ ৰ কমনৱেলথ গেমছতো স্বৰ্ণ জয় কৰিছিল তাৰকাগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক