--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘কুলচা’- ক্ৰিকেট বিশ্বৰ খবৰ ৰখা লোকৰ বাবে এই নামৰ সৈতে ভালদৰেই চিনাকি। ‘কুলচা’ বুলিলেই চকুৰ আগত ভাঁহি আহে ক্ৰীজত স্পীন ঘূৰ্ণী, বিপক্ষৰ বেটাৰৰ অসহজবোধ! সন্মুখৰ পৰা এগৰাকী আঁতৰাৰ পিছতে আকৌ আন এগৰাকীৰ হাতত বল! এই ‘কুলচা’ই বেচ কিছুদিন ধৰি বিশ্ব ক্ৰিকেটত এক সুকীয়া স্থান দখল কৰিছিল, বহুকেইখন মেচত গঢ়ি তুলিছিল ভাৰতৰ জয়ৰ আধাৰ! এই’ কুলচা’ হৈছে ভাৰতীয় ক্ৰিকেটৰ দুই তাৰকা স্পিনাৰ কুলদীপ যাদৱ আৰু যুজবেন্দ্ৰ চাহাল। দুই তাৰকাৰ স্পীন যুটীক ক্ৰিকেট বিশ্বত জনা যায় কুলচা নামেৰে। 

কিছুদিন পূৰ্বলৈকে এই যুটীয়ে ২২ গজৰ যুঁজত আধিপত্য বিস্তাৰ কৰাৰ পিছত শেহতীয়াকৈ বহুদিন ধৰি ভংগ হৈ আছে যুটীটো। বিশেষকৈ কুলদীপ যাদৱে ফৰ্মহীনতাত ভুগি দলৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাত ভংগ হৈ আছে ‘কুলচা’ যুটী। ক্ৰিকেট অনুৰাগীয়ে বহুদিন খেলপথাৰত একলগে দেখা নাই কুলচাক। অৱশ্যে শেহতীয়াকৈ নিজৰ হেৰুওৱা ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দি কুলদীপ যাদৱে সফল প্ৰত্যাৱৰ্তন ঘটোৱাৰ পাছত শীঘ্ৰেই পুনৰ কুলচা যুটীৰ সম্ভাৱ্য আগমণক লৈ উৎসুকতাৰে বাট চাইছে ক্ৰিকেট অনুৰাগীসকলে। 

দক্ষিণ আফ্ৰিকাৰ আফ্ৰিকাৰ সদ্যসমাপ্ত এদিনীয়া শৃংখলাত কুলদীপ যাদৱে আগবঢ়োৱা প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বিশেষকৈ তৃতীয় তথা অন্তিম এদিনীয়াত দুৰন্ত বলিঙেৰে মাত্ৰ ১৮ৰানত ৪ উইকেট দখল কৰি প্ৰটিয়াছ বাহিনীক বিপৰ্যস্ত কৰি তুলি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বুটলিছিল কুলদীপে। এই শৃংখলা জয়ৰ পিছতে কুলদীপে টুইটাৰযোগে এখন ফটো শ্বেয়াৰ কৰিছিল।

ফটোখনৰ সৈতে কুলদীপে লিখিছিল, "সতীৰ্থসকলৰ সৈতে এটা বিশেষ সপ্তাহ। সমূখৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰি চাপৰ পাছতো আমি আমাৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট প্ৰদৰ্শন কৰিছো। দলৰ সহায়ক কৰ্মচাৰীসকলক যথেষ্ট ধন্যবাদ আৰু শৃংখলা জয়ৰ বাবে সকলোকে অভিনন্দন জনাইছো।"

কুলদীপৰ এই টুইটটোৰ তলতে মন্তব্য কৰিছে কুলচা যুটীৰ আনগৰাকী সদস্য যুজবেন্দ্ৰ চাহালে। মন্তব্যটোত চাহিলে লিখে, "ভাল বল কৰিলা ভাই"। আনহাতে চাহালৰ এই মন্তব্যৰ সঁহাৰি দি কুলদীপেও দুয়োগৰাকীৰ মাজত থকা গাঢ় সম্বন্ধৰ নিদৰ্শন দি লিখে, "মোৰ ভাই"। ‘কুলচা’ৰ এই বাৰ্তালাপক লৈ অনুৰাগী সকলো হৈ পৰে যথেষ্ট আনন্দিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক