--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘কুলচা’- ক্ৰিকেট বিশ্বৰ খবৰ ৰখা লোকৰ বাবে এই নামৰ সৈতে ভালদৰেই চিনাকি। ‘কুলচা’ বুলিলেই চকুৰ আগত ভাঁহি আহে ক্ৰীজত স্পীন ঘূৰ্ণী, বিপক্ষৰ বেটাৰৰ অসহজবোধ! সন্মুখৰ পৰা এগৰাকী আঁতৰাৰ পিছতে আকৌ আন এগৰাকীৰ হাতত বল! এই ‘কুলচা’ই বেচ কিছুদিন ধৰি বিশ্ব ক্ৰিকেটত এক সুকীয়া স্থান দখল কৰিছিল, বহুকেইখন মেচত গঢ়ি তুলিছিল ভাৰতৰ জয়ৰ আধাৰ! এই’ কুলচা’ হৈছে ভাৰতীয় ক্ৰিকেটৰ দুই তাৰকা স্পিনাৰ কুলদীপ যাদৱ আৰু যুজবেন্দ্ৰ চাহাল। দুই তাৰকাৰ স্পীন যুটীক ক্ৰিকেট বিশ্বত জনা যায় কুলচা নামেৰে। 

কিছুদিন পূৰ্বলৈকে এই যুটীয়ে ২২ গজৰ যুঁজত আধিপত্য বিস্তাৰ কৰাৰ পিছত শেহতীয়াকৈ বহুদিন ধৰি ভংগ হৈ আছে যুটীটো। বিশেষকৈ কুলদীপ যাদৱে ফৰ্মহীনতাত ভুগি দলৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাত ভংগ হৈ আছে ‘কুলচা’ যুটী। ক্ৰিকেট অনুৰাগীয়ে বহুদিন খেলপথাৰত একলগে দেখা নাই কুলচাক। অৱশ্যে শেহতীয়াকৈ নিজৰ হেৰুওৱা ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দি কুলদীপ যাদৱে সফল প্ৰত্যাৱৰ্তন ঘটোৱাৰ পাছত শীঘ্ৰেই পুনৰ কুলচা যুটীৰ সম্ভাৱ্য আগমণক লৈ উৎসুকতাৰে বাট চাইছে ক্ৰিকেট অনুৰাগীসকলে। 

দক্ষিণ আফ্ৰিকাৰ আফ্ৰিকাৰ সদ্যসমাপ্ত এদিনীয়া শৃংখলাত কুলদীপ যাদৱে আগবঢ়োৱা প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বিশেষকৈ তৃতীয় তথা অন্তিম এদিনীয়াত দুৰন্ত বলিঙেৰে মাত্ৰ ১৮ৰানত ৪ উইকেট দখল কৰি প্ৰটিয়াছ বাহিনীক বিপৰ্যস্ত কৰি তুলি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বুটলিছিল কুলদীপে। এই শৃংখলা জয়ৰ পিছতে কুলদীপে টুইটাৰযোগে এখন ফটো শ্বেয়াৰ কৰিছিল।

ফটোখনৰ সৈতে কুলদীপে লিখিছিল, "সতীৰ্থসকলৰ সৈতে এটা বিশেষ সপ্তাহ। সমূখৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰি চাপৰ পাছতো আমি আমাৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট প্ৰদৰ্শন কৰিছো। দলৰ সহায়ক কৰ্মচাৰীসকলক যথেষ্ট ধন্যবাদ আৰু শৃংখলা জয়ৰ বাবে সকলোকে অভিনন্দন জনাইছো।"

কুলদীপৰ এই টুইটটোৰ তলতে মন্তব্য কৰিছে কুলচা যুটীৰ আনগৰাকী সদস্য যুজবেন্দ্ৰ চাহালে। মন্তব্যটোত চাহিলে লিখে, "ভাল বল কৰিলা ভাই"। আনহাতে চাহালৰ এই মন্তব্যৰ সঁহাৰি দি কুলদীপেও দুয়োগৰাকীৰ মাজত থকা গাঢ় সম্বন্ধৰ নিদৰ্শন দি লিখে, "মোৰ ভাই"। ‘কুলচা’ৰ এই বাৰ্তালাপক লৈ অনুৰাগী সকলো হৈ পৰে যথেষ্ট আনন্দিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক