--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ বিমানকাণ্ড৷ এইবাৰ বিমানৰ ভিতৰত ধূমপান কৰিবলৈ নিদিয়াৰ বাবে এগৰাকী মহিলা যাত্ৰীয়ে উলংগ হৈ প্ৰতিবাদ সাৱস্ত্য কৰে৷ মহিলা যাত্ৰীগৰাকীয়ে  বিমানৰ কৰ্মচাৰীৰ সৈতে মাজ আকাশতে উলংগ হৈয়েই   বিবাদত লিপ্ত হৈছিল। অভিযোগ কৰা হৈছে যে তেওঁ প্ৰতিবাদ কৰিবলৈ বিমানখনৰ ভিতৰত থকা আন যাত্ৰীসকলৰ সন্মুখতে কাপোৰ খুলিছিল। 

ঘটনাৰ ইতি ইমানতে পৰা নাছিল,  অভিযোগ অনুসৰি  মহিলাগৰাকীয়ে বিমানখনৰ এজন পুৰুষ কৰ্মচাৰীক কামুৰিছিলো। কৰ্মচাৰীজনৰ  আঘাত ইমানেই গুৰুতৰ আছিল যে বিমানখনে মাটি স্পৰ্শ কৰাৰ লগে লগে তেওঁ চিকিৎসকৰ ওচৰলৈ দৌৰিবলগীয়া হৈছিল।ঘটনাটো মস্কোলৈ যোৱা ৰাছিয়াৰ এখন বিমানত সংঘটিত হৈছে। বিমানখন ৰাছিয়াৰ ষ্টাভৰোপোল চহৰৰ পৰা মস্কোলৈ উৰা মাৰিছিল। 


বিমান খনত যাত্ৰী হিচাবে গৈছিল  ৪৯ বছৰীয়া এঞ্জেলিকা মুস্কুইটিনা । মাজ আকাশতে তেওঁ শৌচাগাৰৰ ভিতৰত  ধূমপান কৰি আছিল।  বিমানৰ কৰ্মচাৰীসকলে কথাটো  জানিব পাৰি  তেওঁক বাধা দিয়ে । তাতেই মহিলাগৰাকীয়ে খঙত হিতা-হিত জ্ঞান হেৰুৱাই পেলায় আৰু গাৰ কাপোৰ খুলিবলৈ আৰম্ভ কৰে৷ এনেদৰে সকলোৰে সন্মুখত তেওঁ কাপোৰ খুলি প্ৰতিবাদ কৰে৷ 

ঘটনাটোৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছে,  য'ত মহিলা যাত্ৰীগৰাকীক উদং  বুকুৰে  বিমান কৰ্মীৰ সৈতে কাজিয়া কৰা দেখা গৈছে।মহিলাগৰাকীয়ে কোৱা শুনা গৈছে  "মই মৰিব পাৰো, কিন্তু মই ধূমপান বন্ধ নকৰোঁ," । এয়াৰলাইন কৰ্তৃপক্ষই সন্দেহ কৰিছে যে মহিলাগৰাকী নিচাগ্ৰস্ত আছিল। এগৰাকী বিমান সেৱিকাই  মহিলাগৰাকীক পোছাক পিন্ধাবলৈ গৈছিল।  অভিযোগ অনুসৰি   মহিলাগৰাকীয়ে তেওঁক জোৰেৰে কামুৰিছিল।  বিমানখন মস্কো বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ