--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ বিমানকাণ্ড৷ এইবাৰ বিমানৰ ভিতৰত ধূমপান কৰিবলৈ নিদিয়াৰ বাবে এগৰাকী মহিলা যাত্ৰীয়ে উলংগ হৈ প্ৰতিবাদ সাৱস্ত্য কৰে৷ মহিলা যাত্ৰীগৰাকীয়ে  বিমানৰ কৰ্মচাৰীৰ সৈতে মাজ আকাশতে উলংগ হৈয়েই   বিবাদত লিপ্ত হৈছিল। অভিযোগ কৰা হৈছে যে তেওঁ প্ৰতিবাদ কৰিবলৈ বিমানখনৰ ভিতৰত থকা আন যাত্ৰীসকলৰ সন্মুখতে কাপোৰ খুলিছিল। 

ঘটনাৰ ইতি ইমানতে পৰা নাছিল,  অভিযোগ অনুসৰি  মহিলাগৰাকীয়ে বিমানখনৰ এজন পুৰুষ কৰ্মচাৰীক কামুৰিছিলো। কৰ্মচাৰীজনৰ  আঘাত ইমানেই গুৰুতৰ আছিল যে বিমানখনে মাটি স্পৰ্শ কৰাৰ লগে লগে তেওঁ চিকিৎসকৰ ওচৰলৈ দৌৰিবলগীয়া হৈছিল।ঘটনাটো মস্কোলৈ যোৱা ৰাছিয়াৰ এখন বিমানত সংঘটিত হৈছে। বিমানখন ৰাছিয়াৰ ষ্টাভৰোপোল চহৰৰ পৰা মস্কোলৈ উৰা মাৰিছিল। 


বিমান খনত যাত্ৰী হিচাবে গৈছিল  ৪৯ বছৰীয়া এঞ্জেলিকা মুস্কুইটিনা । মাজ আকাশতে তেওঁ শৌচাগাৰৰ ভিতৰত  ধূমপান কৰি আছিল।  বিমানৰ কৰ্মচাৰীসকলে কথাটো  জানিব পাৰি  তেওঁক বাধা দিয়ে । তাতেই মহিলাগৰাকীয়ে খঙত হিতা-হিত জ্ঞান হেৰুৱাই পেলায় আৰু গাৰ কাপোৰ খুলিবলৈ আৰম্ভ কৰে৷ এনেদৰে সকলোৰে সন্মুখত তেওঁ কাপোৰ খুলি প্ৰতিবাদ কৰে৷ 

ঘটনাটোৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছে,  য'ত মহিলা যাত্ৰীগৰাকীক উদং  বুকুৰে  বিমান কৰ্মীৰ সৈতে কাজিয়া কৰা দেখা গৈছে।মহিলাগৰাকীয়ে কোৱা শুনা গৈছে  "মই মৰিব পাৰো, কিন্তু মই ধূমপান বন্ধ নকৰোঁ," । এয়াৰলাইন কৰ্তৃপক্ষই সন্দেহ কৰিছে যে মহিলাগৰাকী নিচাগ্ৰস্ত আছিল। এগৰাকী বিমান সেৱিকাই  মহিলাগৰাকীক পোছাক পিন্ধাবলৈ গৈছিল।  অভিযোগ অনুসৰি   মহিলাগৰাকীয়ে তেওঁক জোৰেৰে কামুৰিছিল।  বিমানখন মস্কো বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি