--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত শেহতীয়াকৈ  দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে  হিন্দু মন্দিৰসমূহ৷ শেহতীয়াকৈ দেশ খনত এটা হিন্দু মন্দিৰত দুৰ্বত্তই আক্ৰমণ চলাই মন্দিৰটোৰ ক্ষতিসাধন কৰিছে৷ এনে ঘটনাৰ মাজতে এটা হিন্দু মন্দিৰলৈ আহিছে  ভাবুকিপূৰ্ণ ফোন ৷ ফোনত মহা শিৱৰাত্ৰি শান্তিপূৰ্ণভাৱে পালন কৰিব বিচাৰিলে মন্দিৰটোত খালিস্তানৰ শ্ল'গান দিবলৈ কোৱা হৈছে৷ অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত খালিস্তান সমৰ্থকে  তিনিটা হিন্দু মন্দিৰ ধ্বংস কৰিছে৷ 

ইয়াৰ মাজতে এনে ভাবুকি অহাৰ ফলত আতংকিত হৈ পৰিছে দেশ খনত বাস কৰা হিন্দু লোকসকল৷   ব্ৰিছবেনৰ গায়ত্ৰী মন্দিৰলৈ ভাবুকিপূৰ্ণ ফোন অহাৰ পিছতে মন্দিৰটোৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে৷ । গয়ত্ৰী মন্দিৰৰ উপ-সভাপতি ধৰ্মেশ প্ৰসাদেএজন ব্যক্তিৰ পৰা  ফোন পোৱাৰ কথা সংবাদমাধ্যমক জানিবলৈ দিছে৷ফোনত  নিজকে 'গুৰুৱাদেশ সিং' বুলি চিনাকী দিয়া লোক জনে  শিৱৰাত্ৰীৰ সময়ত মন্দিৰটোত খালিস্তানৰ সপক্ষে ধ্বনি দিবলৈ কয়৷

অন্যথা বিপদ হ’ব বুলিও লোক জনে সকিয়াই দিয়ে৷লোক জনে  পাকিস্তানৰ নানকানা চাহিবৰ পৰা ফোন কৰিছে  বুলি দাবী কৰিছিল  আৰু  হিন্দু সম্প্ৰদায়ৰ লোকসকলক 'খালিস্তানৰ গণভোট'ক সমৰ্থন কৰিবলৈ কৈছিল। লোক জনে ফোন কৰাৰ অলপ পিছতে মন্দিৰৰ জনসম্পৰ্কৰক্ষী  বিষয়া নীলিমায়ো   আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা নম্বৰৰ পৰা একেধৰণৰ কেইবাটাও ফোন পাইছিল। ইয়াৰ আগতে মেলবৰ্ণৰক্ৰেগিবাৰ্ণৰ কালী মাতা মন্দিৰলৈও ভাবুকিপূৰ্ণ ফোন অহাত মন্দিৰটোৰ   ভজন আৰু পূজা অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ