--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত শেহতীয়াকৈ  দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে  হিন্দু মন্দিৰসমূহ৷ শেহতীয়াকৈ দেশ খনত এটা হিন্দু মন্দিৰত দুৰ্বত্তই আক্ৰমণ চলাই মন্দিৰটোৰ ক্ষতিসাধন কৰিছে৷ এনে ঘটনাৰ মাজতে এটা হিন্দু মন্দিৰলৈ আহিছে  ভাবুকিপূৰ্ণ ফোন ৷ ফোনত মহা শিৱৰাত্ৰি শান্তিপূৰ্ণভাৱে পালন কৰিব বিচাৰিলে মন্দিৰটোত খালিস্তানৰ শ্ল'গান দিবলৈ কোৱা হৈছে৷ অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত খালিস্তান সমৰ্থকে  তিনিটা হিন্দু মন্দিৰ ধ্বংস কৰিছে৷ 

ইয়াৰ মাজতে এনে ভাবুকি অহাৰ ফলত আতংকিত হৈ পৰিছে দেশ খনত বাস কৰা হিন্দু লোকসকল৷   ব্ৰিছবেনৰ গায়ত্ৰী মন্দিৰলৈ ভাবুকিপূৰ্ণ ফোন অহাৰ পিছতে মন্দিৰটোৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে৷ । গয়ত্ৰী মন্দিৰৰ উপ-সভাপতি ধৰ্মেশ প্ৰসাদেএজন ব্যক্তিৰ পৰা  ফোন পোৱাৰ কথা সংবাদমাধ্যমক জানিবলৈ দিছে৷ফোনত  নিজকে 'গুৰুৱাদেশ সিং' বুলি চিনাকী দিয়া লোক জনে  শিৱৰাত্ৰীৰ সময়ত মন্দিৰটোত খালিস্তানৰ সপক্ষে ধ্বনি দিবলৈ কয়৷

অন্যথা বিপদ হ’ব বুলিও লোক জনে সকিয়াই দিয়ে৷লোক জনে  পাকিস্তানৰ নানকানা চাহিবৰ পৰা ফোন কৰিছে  বুলি দাবী কৰিছিল  আৰু  হিন্দু সম্প্ৰদায়ৰ লোকসকলক 'খালিস্তানৰ গণভোট'ক সমৰ্থন কৰিবলৈ কৈছিল। লোক জনে ফোন কৰাৰ অলপ পিছতে মন্দিৰৰ জনসম্পৰ্কৰক্ষী  বিষয়া নীলিমায়ো   আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা নম্বৰৰ পৰা একেধৰণৰ কেইবাটাও ফোন পাইছিল। ইয়াৰ আগতে মেলবৰ্ণৰক্ৰেগিবাৰ্ণৰ কালী মাতা মন্দিৰলৈও ভাবুকিপূৰ্ণ ফোন অহাত মন্দিৰটোৰ   ভজন আৰু পূজা অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ