--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধ হৈ থকা স্পেইনৰ এটা ৰেল ষ্টেচন পৰিণত কৰা হ’ল এখন বিলাসী হোটেললৈ। এই লৈ শেহতীয়াকৈ পৰ্যটকসকলৰ আকৰ্ষণ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে ৰেল ষ্টেচনটো এটা ঐতিহাসিক স্থান। এই ৰেল ষ্টেচনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সংঘটিত হৈছিল অলেখ কাৰ্য-কলাপ।

এই ষ্টেচনটোৰ নাম হৈছে কেনফ্ৰেংক আন্তঃৰাষ্ট্ৰীয় ৰেলৱে ষ্টেচন। আজি সেই ষ্টেচনটো আৰু নাই। ৪৩ বছৰ ধৰি বন্ধ হোৱাৰ পিছত এখন বিলাসী হোটেললৈ ৰূপান্তৰিত হৈছে ষ্টেচনটো।

ষ্টেচনটোতে সোণৰ চোৰাং কাৰবাৰ চলিছিল। চোৰাংচোৱাগিৰিৰো কেন্দ্ৰবিন্দু আছিল ষ্টেচনটো। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হাজাৰ হাজাৰ ইহুদীয়ে এই ষ্টেচনটোৰেই হিটলাৰবাহিনীৰ পৰা পলায়ন কৰিছিল।

চলিত বৰ্ষৰ জানুৱাৰী মাহত স্পেইনৰ আৰাগন উপত্যকাত কেনফ্ৰাংকক হোটেল হিচাপে মুকলি কৰা হৈছে। সত্তৰৰ দশকৰ পৰাই বন্ধ হৈ আছিল ষ্টেচনটো। কেইবাবছৰ ধৰি সংস্কাৰ কৰাৰ পিছত এইবাৰ নতুন ৰূপ পাইছে। ৰেল যাত্ৰীৰ সলনি পৰ্যটকৰ ভিৰ বাঢ়িছে।

১৯২৮ চনত কেনফ্ৰেংক ষ্টেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। এই অনুষ্ঠানত তেতিয়াৰ স্পেইনৰ সম্ৰাট সপ্তম ফাৰ্ডিনাণ্ড আৰু ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি গেষ্টন ডুমাগ উপস্থিত থাকে। এই ষ্টেচনটো স্পেইনৰ কাষৰীয়া দেশ ফ্ৰান্সৰ কাষতে। 

দশক দশক ধৰি বন্ধ হৈ থকাৰ পিছত স্পেইনৰ বাৰ্চেলো হোটেল গ্ৰুপে কেনফ্ৰাংকক হোটেললৈ সলনি কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে।  কেনফ্ৰাংক চহৰৰ মেয়ৰ ফাৰ্নাণ্ডো চানচেজ মৰালেছে কয় যে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পিছত ইয়াৰ ৰূপান্তৰৰ বাবে স্থানীয় বাসিন্দাসকলৰ উৎসাহ দেখা গৈছে।

পৰ্যটকৰ উপৰিও ইতিহাসপ্ৰেমীসকলেও হোটেলখনত ভৰি দিছে। সত্তৰৰ দশকত ই প্ৰায় ধ্বংসাৱশেষ হৈ পৰিলেও কানফ্ৰেংকৰ সৌন্দৰ্য্যক আওকাণ কৰিব পৰা নাযায়।

নতুন হোটেলখনত ৪টা ছুইটকে ধৰি ১০০টা কোঠা আছে। চুইমিং পুল, ৱেলনেছ এৰিয়া আৰু ৩টা ৰেষ্টুৰেণ্টৰ সৈতে বিলাসী হোটেল হিচাপে গঢ়ি তোলা হৈছে। কেনফ্ৰেংকৰ চুইমিং পুললৈ নামিলে ভাৰতীয় মুদ্ৰাত প্ৰায় ডেৰ হাজাৰ টকা ভৰিব লাগে।

ৰেমন জেভিয়াৰ কেম্পো ফ্ৰেইলে নামৰ এজন সাংবাদিকে চিএনএনক জনাইছে, "দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিতে ১৯৪০ চনৰ পৰা ১৯৪২ চনলৈকে এই ষ্টেচনৰ জৰিয়তে হাজাৰ হাজাৰ ইহুদী দেশৰ পৰা পলায়ন কৰি লিছবন আৰু আমেৰিকালৈ গৈছিল।"

ৰেমনৰ মতে, জাৰ্মানীৰ একনায়কত্ববাদী হিটলাৰৰ প্ৰকোপত ইউৰোপ এৰি আমেৰিকালৈ প্ৰব্ৰজন কৰাসকলৰ ভিতৰত মাৰ্ক্স আৰ্নষ্ট আৰু মাৰ্ক চেগালৰ বিখ্যাত চিত্ৰশিল্পী বা গায়িকা-অভিনেত্ৰী জোচেফিন বেকাৰো আছিল। কেনফ্ৰেংক ষ্টেচনেৰেই তেওঁলোকে প্ৰব্ৰজন কৰিছিল।

বহু চোৰাংচোৱাইও এই ষ্টেচনৰ মাজেৰে পাৰ হৈ মিত্ৰশক্তিৰ হৈ নাজী বিৰোধী ফৰাচীসকলৰ লগত যোগদান কৰিছিল। এই ষ্টেচনৰ জৰিয়তে ফ্ৰান্স আৰু স্পেইনলৈ তথ্য প্ৰেৰণ কৰিবলৈ চোৰাংচোৱাৰ নেটৱৰ্কো ব্যৱহাৰ কৰিছিল।

কিন্তু ১৯৪২ চনত কানফ্ৰাংক পৌৰসভা হিটলাৰবাহিনী তথা নাজীয়ে দখল কৰে। ১৯৪৪ চনৰ জুন মাহলৈকে নাজীৰ হাতত আছিল চহৰখন। সেই সময়ত এই ষ্টেচনৰ মাজেৰে পলায়ন কৰাটো কঠিন হৈ পৰিছিল। ষ্টেচনটোতো বহুতো ঈহুদীক গ্ৰেপ্তাৰ কৰা হৈছিল।

আচলতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজীয়ে দখল কৰা একমাত্ৰ স্পেইনৰ পৌৰসভাটো আছিল এই কেনফ্ৰাংক। সেই সময়ছোৱাতে নাজী বাহিনীয়ে পৰ্তুগালৰ লিছবনলৈ পলায়ন কৰি থকা অৱস্থাত ৩০০ জন ঈহুদী লোকক গ্ৰেপ্তাৰ কৰিছিল। সমগ্ৰ স্পেইনৰ বিভিন্ন কাৰাগাৰত এই বন্দীসকলক জ্বলাই হত্যা কৰা হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সেই অন্ধকাৰ দিনবোৰ যদি আজি নাই। এতিয়া কানফ্ৰেংকৰ এই হোটেলখনলৈ পৰ্যটকৰ ভিৰ বাঢ়িছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ